--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ধুবুৰীৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

ডিজিটেল ডেস্ক: পবিত্ৰ শিক্ষকতা বৃত্তিত কালিমা সানি এইবাৰ আৰক্ষীৰ জালত পৰিল এজন প্ৰধান শিক্ষক। ধুবুৰীৰ ৩৩৩ নং ছহৰাবৰ চৰ এল পি স্কুলৰ প্ৰধান শিক্ষক শ্বাহজাহান হুছেইন শ্বেখ নামৰ শিক্ষকজনক এক গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।


জানিব পৰা মতে, অভিযুক্ত প্ৰধান শিক্ষকজনে তেওঁৰ বিদ্যালয়ৰ কাষৰে এগৰাকী মহিলাৰ সৈতে বলপূৰ্বকভাৱে অবৈধ সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা চলাইছিল। এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ধুবুৰীৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৫৩/২০২৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি লম্পট শিক্ষক শ্বাহজাহান হুছেইন শ্বেখক গ্ৰেপ্তাৰ কৰে।


আৰক্ষীৰ জালত পৰা শিক্ষকজনৰ ঘৰ ঘৰ ধুবুৰীৰ কঁচুৱাৰ খাচ অঞ্চলত বুলি জানিব পৰা গৈছে।


ধুবুৰী আৰক্ষীয়ে আজি ধৃত শিক্ষকজনক ধুবুৰী আদালতত হাজিৰ কৰায়। এজন সমাজ গঢ়োতা শিক্ষকে চৰম নৈতিক স্খলনৰ পৰিচয় দি এনেদৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী