--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ধুবুৰীৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে।

ডিজিটেল ডেস্ক: পবিত্ৰ শিক্ষকতা বৃত্তিত কালিমা সানি এইবাৰ আৰক্ষীৰ জালত পৰিল এজন প্ৰধান শিক্ষক। ধুবুৰীৰ ৩৩৩ নং ছহৰাবৰ চৰ এল পি স্কুলৰ প্ৰধান শিক্ষক শ্বাহজাহান হুছেইন শ্বেখ নামৰ শিক্ষকজনক এক গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।


জানিব পৰা মতে, অভিযুক্ত প্ৰধান শিক্ষকজনে তেওঁৰ বিদ্যালয়ৰ কাষৰে এগৰাকী মহিলাৰ সৈতে বলপূৰ্বকভাৱে অবৈধ সম্পৰ্ক স্থাপন কৰাৰ চেষ্টা চলাইছিল। এই সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে ধুবুৰীৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে। মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ২৫৩/২০২৬ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি লম্পট শিক্ষক শ্বাহজাহান হুছেইন শ্বেখক গ্ৰেপ্তাৰ কৰে।


আৰক্ষীৰ জালত পৰা শিক্ষকজনৰ ঘৰ ঘৰ ধুবুৰীৰ কঁচুৱাৰ খাচ অঞ্চলত বুলি জানিব পৰা গৈছে।


ধুবুৰী আৰক্ষীয়ে আজি ধৃত শিক্ষকজনক ধুবুৰী আদালতত হাজিৰ কৰায়। এজন সমাজ গঢ়োতা শিক্ষকে চৰম নৈতিক স্খলনৰ পৰিচয় দি এনেদৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী