--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মাতৃ মৰজিনা খাটুন। বৰ্তমান তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয় (NMCH)লৈ প্ৰেৰণ কৰা হৈছে।

ডিজিটেল ডেস্ক: চামগুৰিৰ ভোমোৰাগুৰিত এক চাঞ্চল্যকৰ তথা কৰুণ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে পুৱাই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।


ঘটনাৰ বিৱৰণী অনুসৰি, ৰফিকুল ইচলাম নামৰ এজন যুৱকে বিচনাত শুই থকা অৱস্থাতে নিজ পত্নী আৰু মাতৃক দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে। স্বামীৰ আক্ৰমণত পত্নী খুদেজা বেগমৰ থিতাতে মৃত্যু ঘটে। আনহাতে, পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মাতৃ মৰজিনা খাটুন। বৰ্তমান তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয় (NMCH)লৈ প্ৰেৰণ কৰা হৈছে।


ঘটনাৰ খবৰ পোৱাৰ পিছতে চামগুৰি আৰু শিৱস্থান আৰক্ষীৰ দল ঘটনাস্থলিত উপস্থিত হয়। আৰক্ষীয়ে হত্যাকাৰী যুৱকজনক ইতিমধ্যে আটক কৰিছে আৰু ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তৰ লগতে জেৰা অব্যাহত ৰাখিছে। 


এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী