--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মাতৃ মৰজিনা খাটুন। বৰ্তমান তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয় (NMCH)লৈ প্ৰেৰণ কৰা হৈছে।

ডিজিটেল ডেস্ক: চামগুৰিৰ ভোমোৰাগুৰিত এক চাঞ্চল্যকৰ তথা কৰুণ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। পাৰিবাৰিক কন্দলৰ পৰিণতিতে পুৱাই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰফিকুল ইচলাম নামৰ এজন যুৱকে বিচনাত শুই থকা অৱস্থাতে নিজ পত্নী আৰু মাতৃক দাৰে উপৰ্যুপৰি আক্ৰমণ কৰে। স্বামীৰ আক্ৰমণত পত্নী খুদেজা বেগমৰ থিতাতে মৃত্যু ঘটে। আনহাতে, পুত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মাতৃ মৰজিনা খাটুন। বৰ্তমান তেওঁক সংকটজনক অৱস্থাত চিকিৎসালয় (NMCH)লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে চামগুৰি আৰু শিৱস্থান আৰক্ষীৰ দল ঘটনাস্থলিত উপস্থিত হয়। আৰক্ষীয়ে হত্যাকাৰী যুৱকজনক ইতিমধ্যে আটক কৰিছে আৰু ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্তৰ লগতে জেৰা অব্যাহত ৰাখিছে। 

এই ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ