--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বোধেশ্বৰ খাতনিয়াৰৰ কন্যা বিউটি খাতনিয়াৰ ২০২০ চনত বিবাহপাশত আৱদ্ধ হৈছিল হাৱাজানৰ নৱজিৎ গোঁহাইৰ সৈতে। কিন্তু পাৰিবাৰিক কন্দলৰ বাবে বিগত দুমাহ ধৰি পিতৃগৃহত থকা বিউটিয়ে স্বামীৰ বিৰুদ্ধে গহপুৰ আদালতত এক গোচৰ ৰুজু কৰিছিল।

ডিজিটেল ডেস্ক: নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ। আদালতত গোচৰ তৰাৰ পৰিণতিত ক্ষুব্ধ হৈ জোঁৱায়েকে শহুৰেক, শাহুৱেক আৰু নিজ পত্নীক কাটিবলৈ উদ্যত হোৱাৰ অভিযোগ শহুৰেকৰ৷


ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধলপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ধলপুৰ চুতীয়া গাঁৱৰ বাসিন্দা বোধেশ্বৰ খাতনিয়াৰৰ কন্যা বিউটি খাতনিয়াৰ ২০২০ চনত বিবাহপাশত আৱদ্ধ হৈছিল হাৱাজানৰ নৱজিৎ গোঁহাইৰ সৈতে। কিন্তু পাৰিবাৰিক কন্দলৰ বাবে বিগত দুমাহ ধৰি পিতৃগৃহত থকা বিউটিয়ে স্বামীৰ বিৰুদ্ধে গহপুৰ আদালতত এক গোচৰ ৰুজু কৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰে স্বামী নৱজিৎ।

আজি দিনদুপৰতে প্ৰতিশোধৰ বাবে হাতত চোকা দা লৈ শহুৰেকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক আক্ৰমণৰ চেষ্টা চলায় নৱজিতে। ঘৰৰ ভিতৰত হোৱা এই হুৱাদুৱাৰ মাজতে শহুৰেকৰ ওলোটা আক্ৰমণত জোঁৱায়েক নৱজিৎ নিজেই মূৰত আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে খবৰ দিয়াত ধলপুৰ আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ উন্মত্ত জোঁৱায়েক নৱজিৎ গোঁহাইক কৰায়ত্ত কৰে।


অৱশ্যে আন এক তথ্য অনুসৰি, পত্নীক আন যুৱকৰ সৈতে আপত্তিজনক অৱস্থাত দেখাৰ বাবেহে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে অভিযুক্ত জোঁৱায়েক নৱজিতে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী