--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বোধেশ্বৰ খাতনিয়াৰৰ কন্যা বিউটি খাতনিয়াৰ ২০২০ চনত বিবাহপাশত আৱদ্ধ হৈছিল হাৱাজানৰ নৱজিৎ গোঁহাইৰ সৈতে। কিন্তু পাৰিবাৰিক কন্দলৰ বাবে বিগত দুমাহ ধৰি পিতৃগৃহত থকা বিউটিয়ে স্বামীৰ বিৰুদ্ধে গহপুৰ আদালতত এক গোচৰ ৰুজু কৰিছিল।

ডিজিটেল ডেস্ক: নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ। আদালতত গোচৰ তৰাৰ পৰিণতিত ক্ষুব্ধ হৈ জোঁৱায়েকে শহুৰেক, শাহুৱেক আৰু নিজ পত্নীক কাটিবলৈ উদ্যত হোৱাৰ অভিযোগ শহুৰেকৰ৷


ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধলপুৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ধলপুৰ চুতীয়া গাঁৱৰ বাসিন্দা বোধেশ্বৰ খাতনিয়াৰৰ কন্যা বিউটি খাতনিয়াৰ ২০২০ চনত বিবাহপাশত আৱদ্ধ হৈছিল হাৱাজানৰ নৱজিৎ গোঁহাইৰ সৈতে। কিন্তু পাৰিবাৰিক কন্দলৰ বাবে বিগত দুমাহ ধৰি পিতৃগৃহত থকা বিউটিয়ে স্বামীৰ বিৰুদ্ধে গহপুৰ আদালতত এক গোচৰ ৰুজু কৰিছিল। ইয়াতে ক্ষুব্ধ হৈ পৰে স্বামী নৱজিৎ।

​

আজি দিনদুপৰতে প্ৰতিশোধৰ বাবে হাতত চোকা দা লৈ শহুৰেকৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক আক্ৰমণৰ চেষ্টা চলায় নৱজিতে। ঘৰৰ ভিতৰত হোৱা এই হুৱাদুৱাৰ মাজতে শহুৰেকৰ ওলোটা আক্ৰমণত জোঁৱায়েক নৱজিৎ নিজেই মূৰত আঘাতপ্ৰাপ্ত হয়। স্থানীয় লোকে খবৰ দিয়াত ধলপুৰ আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ উন্মত্ত জোঁৱায়েক নৱজিৎ গোঁহাইক কৰায়ত্ত কৰে।


অৱশ্যে আন এক তথ্য অনুসৰি, পত্নীক আন যুৱকৰ সৈতে আপত্তিজনক অৱস্থাত দেখাৰ বাবেহে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰিছে অভিযুক্ত জোঁৱায়েক নৱজিতে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
দেশত চেনিৰ দাম ১৭% বৃদ্ধি
চৰকাৰী চাকৰিলৈ অপেক্ষা নকৰি খোৱা পানীৰ উদ্যোগ স্থাপনেৰে স্বাৱলম্বিতাৰ নিদৰ্শন বজালীৰ দুই ভাতৃৰ
নাৰায়ণপুৰত ব্যতিক্ৰমী প্ৰয়াস! এইবাৰ দুৰ্গাপূজাত নেপালী ভাষাত প্ৰদৰ্শিত হ’ব ভাওনা
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী