--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰত চৰকাৰৰ অনুৰোধত ইন্টাৰপলে জাৰি কৰা ৰেড কৰ্ণাৰ জাননিৰ ভিত্তিত ৪ জুলাইত আমেৰিকা কৰ্তৃপক্ষই নেহাল মোদীক আটক কৰি ৰাখিছিল

ডিজিটেল ডেস্ক : ভাৰতৰ অন্যতম বৃহৎ বেংকিং কেলেংকাৰী পঞ্জাব নেচনেল বেংক (পিএনবি কেলেংকাৰী)ৰ অভিযুক্ত নীৰৱ মোদীৰ কনিষ্ঠ ভাতৃ নেহাল দীপক মোডীক আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে ভাৰত চৰকাৰৰ অনুৰোধত ইন্টাৰপলে জাৰি কৰা ৰেড কৰ্ণাৰ জাননিৰ ভিত্তিত ৪ জুলাইত আমেৰিকা কৰ্তৃপক্ষই নেহাল মোদীক আটক কৰি ৰাখিছিল।নীৰৱ আৰু তেওঁৰ ভাতৃ ভাৰতৰ পৰা পলাতক।

চিবিআই-ইডিৰ বৃহৎ ব্যৱস্থা, নিহালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

চিবিআই আৰু বলবৎকাৰী সঞ্চালকালয়ে নিহাল মোদীৰ বিৰুদ্ধে প্ৰমাণ ধ্বংস কৰা, সাক্ষীক ভাবুকি দিয়া আৰু তদন্তত বাধা দিয়াৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তদন্তত প্ৰকাশ পাইছে যে নিহাল মোদীয়ে তেওঁৰ ভাতৃ নীৰৱৰ সৈতে মিলি শ্বেল কোম্পানী আৰু বহিঃৰাজ্যত কৰা লেনদেনৰ জৰিয়তে এই কেলেংকাৰিৰ পৰা উপাৰ্জন কৰা হাজাৰ হাজাৰ কোটি টকাৰ ধন সৰবৰাহ কৰিছিল।

নীৰৱ মোদী-মেহুল চোক্সীৰ গোপন বুজাবুজিৰ বাবে ১৩,৫০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হয়। ভাৰতীয় বেংকৰ অন্যতম বৃহৎ কেলেংকাৰী হৈছে পিএনবি কেলেংকাৰী। এই কেলেংকাৰীত ভাৰতীয় বেংকিং ব্যৱস্থাৰ লোকচান হৈছিল ১৩,৫৭৮ কোটি টকা (প্ৰায় ২ বিলিয়ন ডলাৰ)। এই কেলেংকাৰি পোহৰলৈ অহাত সমগ্ৰ দেশ কঁপি উঠিল। ইয়াৰে নীৰৱ মোদীৰ বিৰুদ্ধে ৬,৪৯৮.২০ কোটি টকাৰ কেলেংকাৰী আৰু তেওঁৰ মোমায়েক মেহুল চোক্সী ৭,০৮০.৮৬ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। দুয়োজনেই ২০১৮ চনৰ আৰম্ভণিতে ভাৰতৰ পৰা পলায়ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ