--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশতে প্ৰিয় খাদ্যৰ তালিকাত আছে তিব্বত - নেপালৰ প্ৰিয় প্ৰস্তুতি – ম’ম’। এতিয়া ষ্ট্ৰীট ফুডৰ তালিকাত ম’ম’ৰ স্থান শীৰ্ষত থকা বুলি ক’লেও বঢ়াই কোৱা নহ’ব নিশ্চয়। সিজোৱা, ফ্ৰাইড বা তন্দুৰী, ভেজ কিম্বা নন ভেজ। মুঠতে  জনপ্ৰিয়তাৰ শিখৰত ম’ম’। কিন্তু এই ম’ম’ক কেন্দ্ৰ কৰিয়েই ঘটিছে এক অনাকাংক্ষিত ঘটনা। 

ম’ম’ খোৱাৰ পিছতে ডিঙিত লাগি এজন লোকৰ মৃত্যু হয়। আচৰিত যেন লাগিলেও এই কথা পোহৰলৈ অহাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লোৱা দেখা গৈছে চিকিত্‍সা বিজ্ঞানে। সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাত্‍ এইমছেও বিষয়টোক লৈ অধিক তত্‍পৰ হৈ পৰা দেখা গৈছে,  জাৰী কৰিছে কঠোৰ নিৰ্দেশনাও।

জানিব পৰা মতে, ম’ম’ খাই থাকোতে ৫০ বছৰীয়া এজন লোকৰ মৃত্যু হয়। খাই থকা অৱস্থাত ডিঙি লাগি শ্বাসৰুদ্ধ হৈ পৰে ব্যক্তিজনৰ। ইয়াৰ পিছতে দিল্লীৰ এইমছে জাৰী কৰে এক নিৰ্দেশনা। কয়, ‘ম’ম’ খোৱাৰ সময়ত অতি সাৱধানে গিলিব লাগে।’

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ব্যক্তিজন সুৰাসক্ত অৱস্থাত থকা বুলি সন্দেহ কৰা হৈছিল। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে প্ৰকৃত ঘটনাৰ প্ৰেক্ষাপট। ব্যক্তিজনৰ শ্বাসনলীত ম’ম’ লাগি ধৰা বুলি মৰণোত্তৰ পৰীক্ষাত জানিবলৈ পোৱা যায়। ব্যক্তিজনৰ মৃত্যুৰ কাৰণ হিচাপে  নিউৰ’জেনিক কাৰ্ডিয়াক এৰেষ্ট বুলি চিনাক্ত কৰা হৈছে। শেহতীয়াকৈ, জাৰ্নেল অৱ ফৰেনছিক ইমেজিঙত প্ৰকাশিত এই ঘটনাক ফৰেনছিক চিকিৎসকে বিৰল পৰিঘটনা বুলি প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ