--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশতে প্ৰিয় খাদ্যৰ তালিকাত আছে তিব্বত - নেপালৰ প্ৰিয় প্ৰস্তুতি – ম’ম’। এতিয়া ষ্ট্ৰীট ফুডৰ তালিকাত ম’ম’ৰ স্থান শীৰ্ষত থকা বুলি ক’লেও বঢ়াই কোৱা নহ’ব নিশ্চয়। সিজোৱা, ফ্ৰাইড বা তন্দুৰী, ভেজ কিম্বা নন ভেজ। মুঠতে  জনপ্ৰিয়তাৰ শিখৰত ম’ম’। কিন্তু এই ম’ম’ক কেন্দ্ৰ কৰিয়েই ঘটিছে এক অনাকাংক্ষিত ঘটনা। 

ম’ম’ খোৱাৰ পিছতে ডিঙিত লাগি এজন লোকৰ মৃত্যু হয়। আচৰিত যেন লাগিলেও এই কথা পোহৰলৈ অহাৰ পাছতে বিষয়টো গুৰুত্বসহকাৰে লোৱা দেখা গৈছে চিকিত্‍সা বিজ্ঞানে। সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান অৰ্থাত্‍ এইমছেও বিষয়টোক লৈ অধিক তত্‍পৰ হৈ পৰা দেখা গৈছে,  জাৰী কৰিছে কঠোৰ নিৰ্দেশনাও।

জানিব পৰা মতে, ম’ম’ খাই থাকোতে ৫০ বছৰীয়া এজন লোকৰ মৃত্যু হয়। খাই থকা অৱস্থাত ডিঙি লাগি শ্বাসৰুদ্ধ হৈ পৰে ব্যক্তিজনৰ। ইয়াৰ পিছতে দিল্লীৰ এইমছে জাৰী কৰে এক নিৰ্দেশনা। কয়, ‘ম’ম’ খোৱাৰ সময়ত অতি সাৱধানে গিলিব লাগে।’

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ব্যক্তিজন সুৰাসক্ত অৱস্থাত থকা বুলি সন্দেহ কৰা হৈছিল। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে প্ৰকৃত ঘটনাৰ প্ৰেক্ষাপট। ব্যক্তিজনৰ শ্বাসনলীত ম’ম’ লাগি ধৰা বুলি মৰণোত্তৰ পৰীক্ষাত জানিবলৈ পোৱা যায়। ব্যক্তিজনৰ মৃত্যুৰ কাৰণ হিচাপে  নিউৰ’জেনিক কাৰ্ডিয়াক এৰেষ্ট বুলি চিনাক্ত কৰা হৈছে। শেহতীয়াকৈ, জাৰ্নেল অৱ ফৰেনছিক ইমেজিঙত প্ৰকাশিত এই ঘটনাক ফৰেনছিক চিকিৎসকে বিৰল পৰিঘটনা বুলি প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ