--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন মানুহৰ শৰীৰ যেনেকৈ বেলেগ বেলেগ ঠিক সেইদৰে প্ৰতিজন মানুহৰ খাদ্যাভ্যাসো বেলেগ বেলেগ। কিছুমানে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি ভাল পায় আনহাতে কিছুমানে অস্বাস্থ্যকৰ খাদ্য খাই নিজলৈ বিপদ চপায়। খাদ্য খোৱাৰ অভ্যাসৰ ওপৰতো মানুহৰ ওজন বঢ়া বা কমাটো নিৰ্ভৰ কৰে। অস্বাভাৱিক খাদ্যাভ্যাসবোৰক খাদ্যাভ্যাসৰ বিসংগতি বোলা হয়। বহুক্ষেত্ৰত খাদ্যাভ্যাসৰ বিসংগতিৰ বাবে মানুহৰ ওজন ইমানেই বৃদ্ধি পায় যে ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। শেহতীয়াকৈ এনে এজন লোকৰ কথা পোহৰলৈ আহিছে যিয়ে খাদ্যাভ্যাসৰ বিকাৰৰ বলি হৈছে। খাদ্য আসক্তিৰ বাবে তেওঁৰ ওজন ১৮০ কেজি হৈ পৰিছে। আচলতে তেওঁ Eating disorder ৰোগত আক্ৰান্ত। 

১৮০ কেজি ওজনৰ এই ব্যক্তিজনৰ নাম হৈছে মহম্মদ ৰফিক আদনান। তেওঁ বিহাৰৰ কাটিহাৰৰ বাসিন্দা। মহম্মদ ৰফিক আদনানৰ বয়স মাত্ৰ ৩০ বছৰ। ৰফিকে নিজৰ সন্দৰ্ভত কয় যে, ''মোৰ দেউতাই গুদামত কাম কৰিছিল আৰু মা গৃহিণী আছিল। আমি ১০ জন ভাই-ভনী, য’ত ৬ গৰাকী ভগ্নী আৰু ৪ জন ভাই আছে। মই সৰু। পঞ্চম মানলৈকে পঢ়া-শুনা কৰিছো। মোৰ মনত আছে যেতিয়া মোৰ বয়স ১৫ বছৰ আছিল তেতিয়াও মোৰ ওজন আছিল ৮০ কিলোগ্ৰাম। কিন্তু সেই সময়ত ইমান ওজন নথকাৰ বাবে মই খেলিছিলোঁ। তাৰ পিছত লাহে লাহে মোৰ ভোক বাঢ়ি আহিল আৰু মোৰ ওজনো বাঢ়ি আহিল। মই যি পাওঁ তাকে খাবলৈ ধৰিলো।  আজি মোৰ ওজন ১৮০ কেজি আৰু ২০-৩০ খোজো খোজ কাঢ়িব নোৱাৰো। খোজ কাঢ়িবলৈ চেষ্টা কৰাৰ লগে লগে মই ভাগৰি পৰো আৰু তাৰপিছতে মই বহিব লগা হয়। যদি কেতিয়াবা ক'ৰবাত যাবলগীয়া হয় তেন্তে বাইকেৰে যাওঁ। কেতিয়াবা গাড়ীখনেও মোৰ ওজন বহন কৰিব নোৱাৰে। গোটেই দিনটো মই গাঁৱৰ মানুহৰ লগত কথা পাতি থাকোঁ আৰু ঘৰৰ বাহিৰত এখন বিচনাত শুই থাকোঁ।''

ৰফিকে খায় ৮০খন ৰুটী, ২-৩ কেজি ভাত

ৰফিকে কয় যে, মই দিনটোত ৩ বাৰ খাদ্য খাওঁ। ইমান ভোক লাগে যে গোটেই পৰিয়ালটোৰ খাদ্যৰ ১০ গুণ অকলে মই খাব পাৰো। ১ বেগ চাউল (৫০ কেজি) আমাৰ পৰিয়ালত সাত দিনো নাযায়। অকলে মই দৈনিক প্ৰায় ২-৩ কেজি ভাত খাওঁ। ইয়াৰ লগতে মই ২ লিটাৰ গাখীৰ, ১-২ কেজি মাটন বা কুকুৰাও খাওঁ। মই প্ৰায় ৩-৪ কেজি আটাৰ ৰুটি খাওঁ। ৩-৪ কেজি আটাৰ ৰুটি অৰ্থাৎ ৮০খনৰো অধিক ৰুটী খাব পাৰে ৰফিকে। উল্লেখ্য যে মহম্মদ ৰফিক আদনানৰ আছে দুগৰাকী পত্নী। দুই পত্নীয়ে মিলি ইমানখিনি খাদ্য ৰান্ধি ৰফিকৰ মুখৰ আগত যোগান ধৰে। দুই পত্নীয়ে ৰফিকৰ বাবে খাদ্য ৰান্ধি ৰান্ধি হায়ৰাণো হৈ পৰে। মুম্বাইৰ ফৰ্টিছ হাস্পতালৰ কনচালটেণ্ট-চাইকিয়াট্ৰিষ্ট ডাঃ ফেবিয়ান আলমেইদাই কয় যে ৰফিকে ভুগি থকা Eating disorder ৰোগ হৈছে এক প্ৰকাৰৰ মানসিক বিকাৰ, য’ত এজন ব্যক্তিয়ে কেতিয়াবা প্ৰয়োজনতকৈ বেছিকৈ খায় আৰু কেতিয়াবা প্ৰয়োজনতকৈ কমকৈ খায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ