--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছিল দেশৰ প্ৰথম গৰাকী মহিলা আইপিএছ বিষয়া তথা পুডুচেৰীৰ প্ৰাক্তন লেফটেনেণ্ট গভৰ্ণৰ কিৰণ বেদীৰ এটা ভাষণৰ ভিডিঅ'। ১৩ জুনৰ দৃশ্যগ্ৰহণ কৰা এই ভিডিঅ’টো চেন্নাইত অনুষ্ঠিত বেদীৰ 'ফিয়েৰলেছ এডমিনিষ্ট্ৰেচন' শীৰ্ষক গ্ৰন্থখনৰ মুকলি অনুষ্ঠানৰ বুলি জানিব পৰা গৈছিল। অনুষ্ঠানটোত নিজৰ ভাষণত কিৰণ বেদীয়ে ধেমেলীয়াকৈ কৈছিল, "এতিয়া ১২ বাজিবলৈ মাত্ৰ ২০ মিনিট সময় কম। তৎসত্বেও ইয়াত কোনো চৰ্দাৰজী নাই।” বেদীৰ এই মন্তব্যৰ এটা সৰু ক্লিপ মঙলবাৰে সমগ্ৰ দেশতে ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। শিখসকলে বেদীৰ এই মন্তব্যৰ বিৰোধিতা কৰি এই মন্তব্যক শিখ সম্প্ৰদায়ৰ প্ৰতি অপমানজনক বুলি অভিহিত কৰে।

বিজেপি নেত্ৰীগৰাকীৰ এই মন্তব্যৰ বিতৰ্কই পিছলৈ ৰাজনৈতিক ভাৱেও চৰ্চিত হৈ পৰে। আম আদমী পাৰ্টীয়ে মঙলবাৰে কিৰণ বেদীৰ বিৰুদ্ধে শিখসকলৰ আৱেগক আঘাত কৰাৰ অভিযোগ উত্থাপন কৰে।পঞ্জাৱৰ আম আদমী পাৰ্টিৰ ভাৰপ্ৰাপ্ত জাৰ্ণেল সিঙে এক টুইটযোগে বেদীৰ মন্তব্যক তীব্ৰ গৰিহণা দিয়ে। "যেতিয়া মোগলে ভাৰতক লুণ্ঠন কৰি মহিলাসকলক অপহৰণ কৰিছিল, শিখসকলে তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিছিল আৰু ভগ্নী আৰু কন্যাসকলক সুৰক্ষা দিছিল। ১২ বজাত শিখসকলে মোগলক আক্ৰমণ কৰিছিল। এয়া ১২ বজাৰ ইতিহাস।"— সিঙে কয়।

জাৰ্ণেল সিঙে লগতে বেদীৰ মন্তব্যক অচিলা কৰি  বিজেপিক আক্ৰমণ কৰি কয় যে বিজেপিৰ নেতাসকলৰ এক লজ্জাজনক আৰু সস্তীয়া মানসিকতা আছে। বিজেপিৰ নেতাসকলে শিখসকলক সন্মান দিয়াৰ পৰিৱৰ্তে সম্প্ৰদায়টোক উপহাস কৰে বুলিও অভিযোগ কৰে আপৰ নেতাগৰাকীয়ে।

শিখ সম্প্ৰদায়ৰ লোকৰ লগতে ৰাইজৰ প্ৰতিবাদৰ ওচৰত সেও মানি অৱশেষত কিৰণ বেদীয়ে ৰাজহুৱাকৈ সকলোৰে ওচৰত ক্ষমা বিচাৰিবলৈ বাধ্য হয়। এক টুইটযোগে ক্ষমা বিচাৰি বেদীয়ে কয় যে তেওঁৰ কাৰো অনুভূতিক আঘাত কৰাৰ উদ্দেশ্য নাছিল। বেদীয়ে কয় যে তেওঁৰ নিজ সম্প্ৰদায়টোৰ প্ৰতি সৰ্বাধিক শ্ৰদ্ধা আছে। নিজকে বাবা নানকৰ ভক্ত বুলি উল্লেখ কৰি বেদীয়ে দৰ্শকসকলৰ সন্মুখত যি মন্তব্য কৰিছিল সেই মন্তব্যক ভুল নুবুজিবলৈ আহ্বান জনায়। বিজপি নেত্ৰীগৰাকীয়ে লগতে সেৱা আৰু দয়াৰ পথত বিশ্বাস কৰো বুলি মন্তব্য কৰি এই বিতৰ্কৰ বাবে ক্ষমা বিচাৰে।

আনহাতে এই বিতৰ্কিত মন্তব্যৰ পাছতে টুইটাৰত বেদীক ট্ৰ'লৰ লক্ষ্য কৰি লোৱা লোকসকলক বেদীয়ে অনলাইনত আপত্তিজনক আচৰণ পৰিহাৰ কৰিবলৈ অনুৰোধ জনায়। অন্যথা এনে আচৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ  সমালোচকসকলক সতৰ্ক কৰি দিয়ে। 

টুইট যোগে বেদীয় কয় যে নিজ মন্তব্যৰ বাবে অনুশোচনা প্ৰকাশ কৰা স্বত্বেও তেওঁক ইমেইল, হোৱাটএপ আৰু টুইটাৰ হেণ্ডেলত অতি অশ্লীল গালি-গালাজ কৰি থকা হৈছে। এনে উৎপীড়নমূলক আচৰণ কৰা লোকসকলক এনে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনাই বেদীয়ে কয় যে যদি এনে আচৰণ অব্যাহত থাকে তেওঁ এই উৎপীড়ক সকলৰ পৰিচয় ৰাজহুৱা কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। তেতিয়া এই লোকসকলৰ বাবে ই অত্যন্ত লজ্জাজনক হ'ব বুলি তেওঁ সকীয়াই দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ