--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটি শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাৰ এখন ধাবাত ৷ কোনো অজ্ঞাত কাৰণত ধাবাখনত সপ্তাহৰ শেষত পাৰ্টী কৰিবলৈ যোৱা একৈশগৰাকী কিশোৰ কিশোৰীৰ ৰহস্যজনক কাৰণত মৃত্যু হয় । ইয়াৰ মাজত মাথো  ১৩ বছৰীয়া কিশোৰো থকা বুলি জানিব পৰা গৈছে ৷

স্থানীয় বাতৰি কাকতৰ পৰা জানিব পৰা মতে, মৃতদেহসমূহ ধাবাখনৰ চকী-টেবুল আৰু মজিয়াত পৰি আছিল ।অৱশ্যে কোনো এটা মৃতদেহতেই কোনো আঘাতৰ চিহ্ন নাছিল । ইয়াৰে আঠগৰাকী ছোৱালী আৰু তেৰজন ল’ৰা । কোঠাটোৰ আশে-পাশে খালী সুৰাৰ বটল,নকল চুলি ইত্যাদি পোৱা গৈছে । হয়তো তেওঁলোকে হাইস্কুলৰ পৰীক্ষা শেষ হোৱাৰ আনন্দত সপ্তাহৰ শেষত ফূৰ্তি কৰিবলৈ ধাবাখনলৈ গৈছিল৷  দক্ষিণ আফ্ৰিকাৰ নগৰসমূহৰ ধাবাত ১৮বছৰৰ উৰ্দ্ধৰ লোকৰহে সুৰাপানৰ অনুমতি আছে ৷ এনে অৱস্থাত এই ঘটনাই সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰি কৰিছে ৷

ঘটনাটোৰ কথা জনাজাত হোৱাৰ লগে লগে মৃত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু কৌতুহলী জনতাই ধাবাখনৰ বাহিৰত ভীৰ কৰে৷ শোকত ভাগি পৰা এগৰাকী মাতৃয়ে কয়,
“আমাৰ সন্তানটিয়ে যে এনেদৰে আমাক এৰি যাব, এই কথা আছিল আমাৰ সপোনৰো অগোচৰ ৷ সি আছিল অতিশয় শান্ত আৰু বাধ্য ল’ৰা৷”
 উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলো তাৎক্ষণিকভাৱে  ঘটনাস্থলীত উপস্থিত হয় ৷ ৰাষ্ট্ৰীয় পুলিচ মন্ত্ৰী ভেকী চেলে মৃতদেহসমূহ প্ৰত্যক্ষ কৰি ভাবুক হৈ পৰে ।তেওঁ দুখেৰে সাংবাদিকক কয়,
- কি যে দুখজনক দৃশ্য ।তেওঁলোক সঁচাই বৰ কম বয়সৰ আছিল ।যেতিয়া তুমি দেখিবা যে ১৩ বছৰীয়া,১৪ বছৰীয়া কোমলমতীয়া ল’ৰা-ছোৱালীহঁতৰ  এইদৰে মৃত্যু হৈছে, তশমি সঁচাই দুখত ভাগি পৰিবা ।

বৰ্তমান জাৰ্মানীৰ জি৭ সন্মিলনত ভাগ ল’বলৈ যোৱা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফ’চায়ো শোকপ্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে ৷
ইতিমধ্যে ফ’ৰেনচিকে ঘটনাস্থলীৰপৰা চেম্পলসমূহ সংগ্ৰহ কৰিছে ।পৰীক্ষাৰ অন্ততহে জানিবপৰা যাব কোনোধৰণৰ বিষক্ৰিয়া ঘটিছিল নেকি ।

এনেধৰণৰ ঘটনা সকলো অভিভাৱক তথা নকৈ কৈশোৰত ভৰি দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একধৰণৰ সকীয়ণি ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ