--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এটি শোকাবহ ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাৰ এখন ধাবাত ৷ কোনো অজ্ঞাত কাৰণত ধাবাখনত সপ্তাহৰ শেষত পাৰ্টী কৰিবলৈ যোৱা একৈশগৰাকী কিশোৰ কিশোৰীৰ ৰহস্যজনক কাৰণত মৃত্যু হয় । ইয়াৰ মাজত মাথো  ১৩ বছৰীয়া কিশোৰো থকা বুলি জানিব পৰা গৈছে ৷

স্থানীয় বাতৰি কাকতৰ পৰা জানিব পৰা মতে, মৃতদেহসমূহ ধাবাখনৰ চকী-টেবুল আৰু মজিয়াত পৰি আছিল ।অৱশ্যে কোনো এটা মৃতদেহতেই কোনো আঘাতৰ চিহ্ন নাছিল । ইয়াৰে আঠগৰাকী ছোৱালী আৰু তেৰজন ল’ৰা । কোঠাটোৰ আশে-পাশে খালী সুৰাৰ বটল,নকল চুলি ইত্যাদি পোৱা গৈছে । হয়তো তেওঁলোকে হাইস্কুলৰ পৰীক্ষা শেষ হোৱাৰ আনন্দত সপ্তাহৰ শেষত ফূৰ্তি কৰিবলৈ ধাবাখনলৈ গৈছিল৷  দক্ষিণ আফ্ৰিকাৰ নগৰসমূহৰ ধাবাত ১৮বছৰৰ উৰ্দ্ধৰ লোকৰহে সুৰাপানৰ অনুমতি আছে ৷ এনে অৱস্থাত এই ঘটনাই সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি কৰি কৰিছে ৷

ঘটনাটোৰ কথা জনাজাত হোৱাৰ লগে লগে মৃত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক আৰু কৌতুহলী জনতাই ধাবাখনৰ বাহিৰত ভীৰ কৰে৷ শোকত ভাগি পৰা এগৰাকী মাতৃয়ে কয়,
“আমাৰ সন্তানটিয়ে যে এনেদৰে আমাক এৰি যাব, এই কথা আছিল আমাৰ সপোনৰো অগোচৰ ৷ সি আছিল অতিশয় শান্ত আৰু বাধ্য ল’ৰা৷”
 উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলো তাৎক্ষণিকভাৱে  ঘটনাস্থলীত উপস্থিত হয় ৷ ৰাষ্ট্ৰীয় পুলিচ মন্ত্ৰী ভেকী চেলে মৃতদেহসমূহ প্ৰত্যক্ষ কৰি ভাবুক হৈ পৰে ।তেওঁ দুখেৰে সাংবাদিকক কয়,
- কি যে দুখজনক দৃশ্য ।তেওঁলোক সঁচাই বৰ কম বয়সৰ আছিল ।যেতিয়া তুমি দেখিবা যে ১৩ বছৰীয়া,১৪ বছৰীয়া কোমলমতীয়া ল’ৰা-ছোৱালীহঁতৰ  এইদৰে মৃত্যু হৈছে, তশমি সঁচাই দুখত ভাগি পৰিবা ।

বৰ্তমান জাৰ্মানীৰ জি৭ সন্মিলনত ভাগ ল’বলৈ যোৱা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফ’চায়ো শোকপ্ৰস্তাৱ প্ৰেৰণ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালসমূহলৈ সমবেদনা জ্ঞাপন কৰে ৷
ইতিমধ্যে ফ’ৰেনচিকে ঘটনাস্থলীৰপৰা চেম্পলসমূহ সংগ্ৰহ কৰিছে ।পৰীক্ষাৰ অন্ততহে জানিবপৰা যাব কোনোধৰণৰ বিষক্ৰিয়া ঘটিছিল নেকি ।

এনেধৰণৰ ঘটনা সকলো অভিভাৱক তথা নকৈ কৈশোৰত ভৰি দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একধৰণৰ সকীয়ণি ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র