--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুৱলৈ গাৰু লোৱাটো এটা সাধাৰণ কথা। আমি সাধাৰণতে ব্যৱহাৰ কৰা একোটা গাৰুৰ মূল্য ৪-৫ শ টকাৰ ভিতৰতে হয়।কিন্তু বিশ্বত শেহতীয়াকৈ এনে এটা গাৰু বজাৰলৈ আহিছে যাৰ প্ৰতিটোৰে দাম ৪৫ লাখ টকা!  হয়, কথাটো আতৰিত যেন লাগিলেও এনে এটা মহা মূল্যবান গাৰু এতিয়া বজাৰত উপলব্ধ হৈছে। 

বিশ্বৰ আটাইতকৈ দামী গাৰু হিচাবে পৰিগণিত হোৱা এই গাৰুটোৰ আৰ্হি প্ৰস্তুত কৰিছে  নেডাৰলেণ্ডৰ এজন ফিজিঅ'থেৰাপিষ্টে। জানিব পৰা মতে  বহু অধ্যয়ন আৰু গৱেষণাৰ অন্তত এনে  গাৰু এটা সৃষ্টি হৈছে। 

এইটো পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল গাৰু। ইয়াক 'টেইলাৰমেড পিলো' বুলি কোৱা হয়।  

ডাচ ফিজিঅ'থেৰাপিষ্ট গৰাকীৰ মতে ১৫ বছৰৰ নিৰন্তৰ গৱেষণাৰ ফচল হৈছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল গাৰুটো। তেওঁ দাবী কৰে যে এই গাৰুত শুলে বহু শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। 

বিশেষকৈ যিসকল অনিদ্ৰাত ভুগি আছে তেওঁলোকৰ বাবে এই গাৰুটোৱে ঔষধৰ দৰে কাম কৰিব। গাৰুটোত বিশ্ববিখ্যাত ইজিপ্তীয় কপাহ ব্যৱহাৰ কৰা হৈছে। এই কপাহ হাতেৰে নহয়,  এক বিশেষ প্ৰকাৰৰ ৰবটিক যন্ত্ৰৰ সহায়ত  উৎপাদন কৰা হৈছে । 

মালবেৰী ৰেচম কাপোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। কিন্তু ইমানৰ পিছতো প্ৰশ্ন উত্থাপিত হয়, গাৰু এটাৰ মূল্য ৪৫ লাখ টকা হ'ব পাৰে নেকি? দামী কপাহ,ৰেছম আদিৰ লগতে ৰত্ন খচিত কৰি 
 সজোৱা হৈছে  এই ৰাজকীয় গাৰুটো।

 গাৰুটোত ২৪ কেৰেট সোণ আছে। তাত হীৰা  আৰু নীল ৰত্নও খচিত কৰা আছে।  সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰ থকা গাৰুটোত এটা সতৰ্কবাণীও লিখা আছে।

 গাৰুটোত লিখা আছে ’চোৰৰ পৰা সাৱধান’। বিশ্বৰ আটাইতকৈ দামী গাৰুটোত শোৱাৰ সৌভাগ্য হয়তো সকলোৰে নহ’ব। সাধাৰণ লোকে কিবা প্ৰকাৰে গাৰুটো লৈ শুবলৈ পালেও গাৰুৰ দামৰ কথা চিন্তা কৰিয়েই হয়তো টোপনি নাহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র