--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুৱলৈ গাৰু লোৱাটো এটা সাধাৰণ কথা। আমি সাধাৰণতে ব্যৱহাৰ কৰা একোটা গাৰুৰ মূল্য ৪-৫ শ টকাৰ ভিতৰতে হয়।কিন্তু বিশ্বত শেহতীয়াকৈ এনে এটা গাৰু বজাৰলৈ আহিছে যাৰ প্ৰতিটোৰে দাম ৪৫ লাখ টকা!  হয়, কথাটো আতৰিত যেন লাগিলেও এনে এটা মহা মূল্যবান গাৰু এতিয়া বজাৰত উপলব্ধ হৈছে। 

বিশ্বৰ আটাইতকৈ দামী গাৰু হিচাবে পৰিগণিত হোৱা এই গাৰুটোৰ আৰ্হি প্ৰস্তুত কৰিছে  নেডাৰলেণ্ডৰ এজন ফিজিঅ'থেৰাপিষ্টে। জানিব পৰা মতে  বহু অধ্যয়ন আৰু গৱেষণাৰ অন্তত এনে  গাৰু এটা সৃষ্টি হৈছে। 

এইটো পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল গাৰু। ইয়াক 'টেইলাৰমেড পিলো' বুলি কোৱা হয়।  

ডাচ ফিজিঅ'থেৰাপিষ্ট গৰাকীৰ মতে ১৫ বছৰৰ নিৰন্তৰ গৱেষণাৰ ফচল হৈছে বিশ্বৰ আটাইতকৈ ব্যয়বহুল গাৰুটো। তেওঁ দাবী কৰে যে এই গাৰুত শুলে বহু শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। 

বিশেষকৈ যিসকল অনিদ্ৰাত ভুগি আছে তেওঁলোকৰ বাবে এই গাৰুটোৱে ঔষধৰ দৰে কাম কৰিব। গাৰুটোত বিশ্ববিখ্যাত ইজিপ্তীয় কপাহ ব্যৱহাৰ কৰা হৈছে। এই কপাহ হাতেৰে নহয়,  এক বিশেষ প্ৰকাৰৰ ৰবটিক যন্ত্ৰৰ সহায়ত  উৎপাদন কৰা হৈছে । 

মালবেৰী ৰেচম কাপোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। কিন্তু ইমানৰ পিছতো প্ৰশ্ন উত্থাপিত হয়, গাৰু এটাৰ মূল্য ৪৫ লাখ টকা হ'ব পাৰে নেকি? দামী কপাহ,ৰেছম আদিৰ লগতে ৰত্ন খচিত কৰি 
 সজোৱা হৈছে  এই ৰাজকীয় গাৰুটো।

 গাৰুটোত ২৪ কেৰেট সোণ আছে। তাত হীৰা  আৰু নীল ৰত্নও খচিত কৰা আছে।  সাধাৰণ মানুহৰ ক্ৰয় ক্ষমতাৰ বাহিৰ থকা গাৰুটোত এটা সতৰ্কবাণীও লিখা আছে।

 গাৰুটোত লিখা আছে ’চোৰৰ পৰা সাৱধান’। বিশ্বৰ আটাইতকৈ দামী গাৰুটোত শোৱাৰ সৌভাগ্য হয়তো সকলোৰে নহ’ব। সাধাৰণ লোকে কিবা প্ৰকাৰে গাৰুটো লৈ শুবলৈ পালেও গাৰুৰ দামৰ কথা চিন্তা কৰিয়েই হয়তো টোপনি নাহিব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি