--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উদ্ধাৰ হোৱা মাদকদ্ৰব্যৰ আনুমানিক বজাৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

ডিজিটেল ডেস্ক: কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। এই ধাৰাবাহিকতাত ধলাই থানাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰি এখন পেট্ৰ'লচালিত অটোৰিক্সাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ'ইন জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।


আৰক্ষী সূত্ৰে জনোৱা মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধলাই থানাৰ সন্মুখত বিশেষ নাকা তালাচী অভিযান চলোৱা হৈছিল। সেই সময়তে ভাগাবজাৰৰ দিশৰ পৰা শিলচৰ অভিমুখে আহি থকা AS-11 EC-5893 নম্বৰৰ পেট্ৰ'লচালিত অটোৰিক্সাখন ৰখাই আৰক্ষীয়ে তালাচী চলায়।


তালাচীৰ সময়ত অটোৰিক্সাখনৰ চালকৰ আসনৰ ভিতৰত অতি কৌশলে নিৰ্মাণ কৰা এটা গোপন খোপৰ পৰা চাৰিটা চাবোনৰ বাকচত লুকুৱাই ৰখা সন্দেহজনক হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।


উদ্ধাৰ হোৱা মাদকদ্ৰব্যৰ আনুমানিক বজাৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।


এই ঘটনাত শামাচৰণপুৰ গাঁও পঞ্চায়তৰ বাসিন্দা ছেবুল হুছেইন বৰভূঁইয়া নামৰ অটোৰিক্সা চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ