--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উদ্ধাৰ হোৱা মাদকদ্ৰব্যৰ আনুমানিক বজাৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

ডিজিটেল ডেস্ক: কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। এই ধাৰাবাহিকতাত ধলাই থানাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰি এখন পেট্ৰ'লচালিত অটোৰিক্সাৰ পৰা বৃহৎ পৰিমাণৰ সন্দেহজনক হেৰ'ইন জব্দ কৰাৰ লগতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰে জনোৱা মতে, গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ধলাই থানাৰ সন্মুখত বিশেষ নাকা তালাচী অভিযান চলোৱা হৈছিল। সেই সময়তে ভাগাবজাৰৰ দিশৰ পৰা শিলচৰ অভিমুখে আহি থকা AS-11 EC-5893 নম্বৰৰ পেট্ৰ'লচালিত অটোৰিক্সাখন ৰখাই আৰক্ষীয়ে তালাচী চলায়।

তালাচীৰ সময়ত অটোৰিক্সাখনৰ চালকৰ আসনৰ ভিতৰত অতি কৌশলে নিৰ্মাণ কৰা এটা গোপন খোপৰ পৰা চাৰিটা চাবোনৰ বাকচত লুকুৱাই ৰখা সন্দেহজনক হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

উদ্ধাৰ হোৱা মাদকদ্ৰব্যৰ আনুমানিক বজাৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।

এই ঘটনাত শামাচৰণপুৰ গাঁও পঞ্চায়তৰ বাসিন্দা ছেবুল হুছেইন বৰভূঁইয়া নামৰ অটোৰিক্সা চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক