--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২০ বছৰ পূৰ্বে এছ এছ নেমেছিছ নামৰ এখন জাহাজ ৰহস্যজনকভাৱে সাগৰত অন্তৰ্ধান হৈছিল। সেই জাহাজখনত ৩২ জন ক্ৰু মেম্বাৰ আছিল। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত  সেই জাহাজ পোৱা গ’ল।

নিউয়ৰ্ক পোষ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৯০৪ চনত অষ্ট্ৰেলিয়াৰ মেলবৰ্ণৰ পৰা কয়লা লৈ এই ভাপ জাহাজখন যাত্ৰা কৰিছিল। কিন্তু নিউ চাউথ ৱেলছৰ ওচৰত ইয়াক এক শক্তিশালী ধুমুহাই আঘাত কৰে। সেই ঘটনাৰ পিছত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় যদিও জাহাজখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱা নাই। ফলত ক’লৈ নোহোৱা হৈ গ’ল সেয়া ৰহস্য হৈয়েই থাকিল।

সেই প্ৰতিবেদন অনুসৰি ‘ছাবছি প্ৰফেচনেল মেৰিন চাৰ্ভিচেছ’ নামৰ এটা কোম্পানীয়ে কেইবাদিনো সাগৰৰ তলত মালবাহী জাহাজখনৰ সন্ধানত আছিল। তেতিয়াই ছিডনীৰ ওচৰত সাগৰৰ তলত এখন জাহাজ ধ্বংসস্তূপ পোৱা গৈছিল। সংস্থাটোৱে সাগৰৰ ৫২৫ ফুট গভীৰতাত উদ্ধাৰ কৰে ধ্বংসাৱশেষ। কিন্তু সংস্থাটোৱে নিশ্চিত হ’ব পৰা নাছিল যে এই ধ্বংসাৱশেষ এছ এছ নেমেছিছৰ।

ইয়াৰ পিছতে অষ্ট্ৰেলিয়াৰ নেচনেল ছায়েন্স এজেন্সীয়েও এই সন্ধানত যোগদান কৰে। সাগৰৰ তললৈ গৈ, ধ্বংসাৱশেষৰ ফটো তুলি আৰু জাহাজৰ বৈশিষ্ট্য তুলনা কৰি। ছবিসমূহ পৰীক্ষা কৰাৰ পিছত তেওঁলোকে নিশ্চিত কৰে যে ধ্বংসাৱশেষটো এছ এছ নেমেছিছৰ। জাহাজখনৰ বেছিভাগ অংশও অক্ষত অৱস্থাত আছে বুলি বিজ্ঞান সংস্থাটোৱে জানিবলৈ দিয়ে। ধুমুহাৰ বাবে জাহাজখনৰ ইঞ্জিন বিকল হোৱা বুলি দাবী কৰে। ইয়াৰ বাহিৰেও জাহাজখনত প্ৰকাণ্ড ঢৌৱে খুন্দা মাৰিছিল। ফলত শ্ৰমিকসকলে লাইফবোটখন লৈ পলায়নৰ সুযোগ নাপালে।

অষ্ট্ৰেলিয়া চৰকাৰে জাহাজখনৰ ক্ৰুৰ পৰিয়ালৰ সন্ধান আৰম্ভ কৰিছে। নিউ চাউথ ৱেলছৰ পৰিৱেশ মন্ত্ৰী পেনি শ্বেপে কয় যে এই দুৰ্ঘটনাত ৪০টা শিশুৱে নিজৰ পিতৃ-মাতৃক হেৰুৱাইছে। জাহাজ ধ্বংসস্তূপৰ আৱিষ্কাৰে সেই পৰিয়ালসমূহক চিনাক্ত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। শ্বেপে কয় যে এই দুৰ্ঘটনাক ছিডনীৰ সামুদ্ৰিক ইতিহাসৰ আটাইতকৈ ৰহস্যজনক দুৰ্ঘটনা বুলি অভিহিত কৰা হৈছে। এছ এছ নেমেছিছৰ উদ্ধাৰে নিউ চাউথ ৱেলছৰ ইতিহাসত এক নতুন অধ্যায় লিখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ