--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতবাসীৰ বাবে দুঃখবৰ৷ চাকৰি জালিয়াতিৰ বলি হৈ ৰাছিয়ান সেনাবাহিনীত যোগদান কৰিবলৈ বাধ্য হোৱা হায়দৰাবাদৰ এজন ৩০ বছৰীয়া যুৱক ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধত নিহত হোৱাৰ কথা জানিব পৰা গৈছে।

মহম্মদ আছফান নামৰ যুৱকজনৰ পৰিয়ালে ৰাছিয়াৰ পৰা উভতাই অনাৰ ক্ষেত্ৰত সহায় বিচাৰি এআইএমআইএমৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিৰ ওচৰলৈ হাত আগবঢ়াইছে। অৱশ্যে যেতিয়া AIMIM-এ মস্কোত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰে তেতিয়া বিষয়াসকলে নিশ্চিত কৰে যে আছফানৰ মৃত্যু হৈছে।

এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মস্কোত থকা ভাৰতীয় দূতাবাসে এক্স (পূৰ্বতে টুইটাৰ নামেৰে জনাজাত) লৈ গৈ কয় যে আছফানৰ মৃতদেহ ভাৰতলৈ প্ৰেৰণ কৰিবলৈ কৰ্তৃপক্ষ তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে।

এক্সত লিখা হৈছে, "এজন ভাৰতীয় নাগৰিক  মহম্মদ আছফানৰ কৰুণ মৃত্যুৰ বিষয়ে আমি জানিব পাৰিছোঁ। আমি পৰিয়াল আৰু ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগত আছোঁ।কৰ্তৃপক্ষই মৃতদেহ ভাৰতলৈ প্ৰেৰণ কৰাৰ প্ৰচেষ্টা চলাব।"

ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ সময়ত ৰাছিয়া সেনাবাহিনীৰ সৈতে ‘সহায়ক’ হিচাপে কাম কৰি থকা গুজৰাটৰ ২৩ বছৰীয়া ভাৰতীয় যুৱকৰ ৰাছিয়াত মৃত্যু হোৱাৰ কেইসপ্তাহমানৰ পাছতে শেহতীয়াকৈ এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে।চুৰাটৰ হামিল মাংগুকিয়া নামৰ লোকজনে অনলাইন বিজ্ঞাপনৰ জৰিয়তে ৰাছিয়াত চাকৰিৰ বাবে আবেদন কৰিছিল আৰু চেন্নাইৰ পৰা মস্কোত উপস্থিত হৈছিল। ইয়াৰ পাছত তেওঁক ৰাছিয়ান সেনাবাহিনীত সহায়ক হিচাপে নিযুক্তি দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক