--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি নিশ্চয় শুনিছে যে টকা থাকিলে এখন দেশ কিনিব পাৰি। বহু সময়ত ক’ৰবালৈ গ’লে হয়তো হোটেল বা কোঠা ভাড়াত ল’ব পাৰি। কিন্তু কোনোবা এজনে দেশ ভাড়াত লোৱাৰ কথা কেতিয়াবা শুনিছেনে? হয়, আপুনি ঠিকেই অনুমান কৰিছে। ভাড়াত ল’ব পৰা দেশ এখনো আছে। আজি এই দেশৰ বিষয়ে জানো আহক ৷


Principality of Liechtenstein | Lake Constance Tourism
এই বিষয়ে জানি আপুনি নিশ্চয় হয়তো আচৰিত হ’ব, কিন্তু এইটো সঁচা। পৃথিৱীৰ এখন দেশ আছে যিখন ভাড়াত ল’ব পাৰি। এই দেশখনৰ নাম লিষ্টেনষ্টাইন ।

লিষ্টেনষ্টাইন ইউৰোপৰ মাজমজিয়াত ছুইজাৰলেণ্ড আৰু অষ্ট্ৰিয়াৰ মাজত অৱস্থিত এখন ভূমি আৱদ্ধ দেশ। ইয়াৰ আয়তন মাত্ৰ ১৬০ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা প্ৰায় ৩৯,০০০। লিষ্টেনষ্টাইন ইয়াৰ সুন্দৰ পাহাৰ, নদী আৰু সাংস্কৃতিক ঐতিহ্যৰ বাবে জনাজাত। ইয়াৰ মানুহে নিজৰ পৰম্পৰাক গভীৰভাৱে বিশ্বাস কৰে, আৰু এই ঠাইখন শান্তি আৰু সম্প্ৰীতিৰ প্ৰতীক।

Liechtenstein Is Joining the International Monetary Fund - Bloomberg
লিষ্টেনষ্টাইনৰ ভাড়া এদিনৰ বাবে ৭০ হাজাৰ মাৰ্কিন ডলাৰ অৰ্থাৎ ৫৮,৮৪,৬৪১ টকা(ভাৰতীয় মূল্যত)৷ইয়াৰ চৰকাৰে ২০১০ চনত এই দেশক ভাড়াত দিয়াৰ সিদ্ধান্ত লৈছিল। ইয়াত গাঁও এখনো ভাড়াত ল’ব পাৰি।

লিষ্টেনষ্টাইন ভ্ৰমণৰ বাবে সৰ্বোত্তম সময় হ’ল গ্ৰীষ্মকাল ৷ উল্লেখ্য যে লিচেনষ্টাইনৰ পৰিবহণ ব্যৱস্থা ভাল। ইয়াত বাছ আৰু ট্ৰামবোৰ সময়মতে চলি থাকে। ইয়াত স্থানীয় চাইকেল ভাড়াৰ সুবিধাও উপলব্ধ, যাতে আপুনি সহজে ঘূৰি ফুৰিব পাৰে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ