--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। তুংগত উঠিছে দুই প্ৰতিদ্বন্দ্বী ডোনাল্ড ট্রাম্প আৰু কমলা হেৰিছৰ মাজৰ নিৰ্বাচনী যুঁজ। এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ওপৰত।

এটলাছইণ্টেলৰ শেহতীয়া সমীক্ষা অনুসৰি ৫ নৱেম্বৰৰ ভোটদানৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশেষকৈ সাতখন ৰাজ্যতে আগবাঢ়ি আছে বুলি প্ৰকাশ কৰিছে। সমীক্ষাটোত দেখা গৈছে যে প্ৰায় ৪৯% লোকে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পক ভোট দিব বুলি কয়, কিয়নো ৰিপাব্লিকান দলটোৱে তেওঁৰ সমকক্ষ ডেম’ক্ৰেট কমলা হেৰিছতকৈ ১.৮% ভোটৰ অগ্ৰগতি লাভ কৰি আছে। নৱেম্বৰৰ প্ৰথম দুদিনত কৰা এই সমীক্ষাই আমেৰিকাৰ প্ৰায় ২৫০০ সম্ভাৱ্য ভোটাৰক অন্তৰ্ভুক্ত কৰিছিল ইয়াৰ  অধিকাংক্ষই আছিল মহিলা।

২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্তিম দিনকেইটাত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ মূল নিৰ্ণায়ক ভূমিকা পালন কৰা ৰাজ্যসমূহৰ ওপৰত নিৰ্বাচনৰ পূৰ্বে দৃষ্টি নিবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। 

আন এক সমীক্ষাতো ৰিপাব্লিকান দলৰ প্ৰাৰ্থীগৰাকীয়ে এৰিজ’না, জৰ্জিয়া, মিচিগান, নেভাদা, নৰ্থ কেৰ’লিনা, পেনচিলভেনিয়া আৰু উইচকনচিন এই ৰাজ্য কেইখনত জয়ী হ’ব বুলি প্ৰকাশ পাইছে। 

সমীক্ষা অনুসৰি এৰিজোনাত ট্ৰাম্পে হেৰিছতকৈ ৫১.৯%ৰ পৰা ৪৫.১% আগবাঢ়ি আছে। নেভাদাত আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত ৫১.৪% ভোটাৰে ট্ৰাম্পক বাছি লোৱাৰ বিপৰীতে ৪৫.৯% ভোটাৰে হেৰিছক বাছি লৈছিল৷ উত্তৰ কেৰ’লিনাত ট্ৰাম্পে ৫০.৪% ভোটেৰে অগ্ৰগতি লাভ কৰাৰ পৰিৱৰ্তে হেৰিছে ৪৬.৮% ভোটৰ অংশীদাৰিত্ব লাভ কৰা পৰিলক্ষিত হয়।

উল্লেখনীয় যে আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যৰসমূহক তিনি ভগত ভাগ কৰা হৈছে- ৰেড ষ্টেট, ব্লু-ষ্টেট আৰু ছুইং ষ্টেট।যিসমূহ ৰাজ্যত ১৯৮০ চনৰ পৰা ৰিপাব্লিকানসকলে ধাৰাবাহিকভাৱে জয়লাভ কৰি আহিছে সেই ৰাজ্যসমূহক ৰেড ষ্টেট , আনহাতে য’ত ১৯৯২ চনৰ পৰা ডেম’ক্ৰেটসকলে আধিপত্য বিস্তাৰ কৰিছে এই ৰাজ্য ব্লু ষ্টেট। এই ৰাজ্যসমূহে সাধাৰণতে নিৰ্বাচনৰ ফলাফলৰ ক্ষেত্ৰত পূৰ্বানুমানৰ বাবে যোগ্য বুলি গণ্য কৰা হয়। ইয়াৰ পৰিৱৰ্তে ছুইং ষ্টেট হৈছে য’ত ৰিপাব্লিকান আৰু ডেম’ক্ৰেটৰ মাজত খুব কম ব্যৱধান পৰিলক্ষিত হয়৷ ২৯ অক্টোবৰত প্ৰকাশিত ৰয়টাৰ্ছ/ইপছ’ছৰ এক সমীক্ষাত ডেম’ক্ৰেট দলে ৰিপাব্লিকান দলতকৈ এক শতাংশ পইণ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছিল৷

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ভৰতীয়মূলৰ আমেৰিকান ভোটোৰসকলেও নিৰ্ণায়ক ভূমিকা পালন কৰে৷ এপিআই ডাটাৰ সমীক্ষা অনুসৰি আমেৰিকাত ভাৰতীয় আমেৰিকান জনসংখ্যা ১৯৮০ চনত ৩ লাখ ৮৭ হাজাৰৰ পৰা ২০২০ চনত ৪৪ লাখলৈ বৃদ্ধি হৈছে৷

আনহাতে ষ্টেটিষ্টা গৱেষণা বিভাগৰ দ্বাৰা ৫ জুলাই, ২০২৪ প্ৰকাশিত তথ্য অনুসৰি ২০২২ চনত আমেৰিকাত ভোটদানৰ বাবে ১৬১.৪২ মিলিয়ন লোকে পঞ্জীয়ন কৰিছিল। এই সংখ্যা পূৰ্বৰ নিৰ্বাচনৰ তুলনাত হ্ৰাস পোৱা দেখা গৈছে পূৰ্বে ১৬৮.৩১ নিযুত লোকে ভোটদানৰ বাবে পঞ্জীয়ন কৰিছিল।

কলিলৈ আমেৰিকাৰ ভৱিষ্যত নিৰ্ধাৰণ হ’ব আমেৰিকাৰ জনগণে৷ কোন হ’ব আমেৰিকাৰ পৰৱৰৰ্তি ৰাষ্ট্ৰপতি কমলা হেৰিছ নে ডোনাল্ড ট্রাম্প? কোনে লাভ কৰিব শাসনৰ বাঘজৰী? সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া আমেৰিকাৰ ওপৰত!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?