--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ্কট, এইচআইভিকে আদি কৰি কেতবোৰ ৰোগত ভুগি থকা ৰোগীয়ে ল’ব নোৱাৰিব ক’ভিড ভেকচিন। দেশত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হোৱাৰ দুদিন পাছত এই কথা প্ৰকাশ কৰিছে ভেকচিন নিৰ্মাতা কোম্পানী ভাৰত বায়’টেক-এ।

আৰু পঢ়িব পাৰিব : ১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন…

ক’ভেকচিন সন্দৰ্ভত সবিশেষ তথ্য সম্বলিত এক প্ৰতিবেদনত কোম্পানীটোৱে প্ৰকাশ কৰা মতে যিসকল লোক ইমিউন’ ছাপ্ৰেছেণ্ট বা ইমিউন’ ডেফিচিয়েঞ্চীত ভুগি আছে সেইসকল লোকৰ শৰীৰত কাৰ্যক্ষম নহ’ব ক’ভিডৰ প্ৰতিষেধক। উল্লেখ্য যে পূৰ্বে প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি এনেধৰণৰ স্বাস্থ্য অৱস্থাৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব যদিও এই প্ৰতিষেধক সাধাৰণ লোকৰ দৰে তেওঁলোকৰ শৰীৰত কাৰ্যক্ষম নহ’ব। মন কৰিবলগীয়া যে কৰ্কট ৰোগ বা এইচআইভিত আক্ৰান্ত লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…

এনে পৰিস্থিতত প্ৰতিষেধক গ্ৰহণ কৰিলে ইয়াৰ প্ৰভাৱ বিৰূপ হোৱাৰ সম্ভাৱনাৰ কথা ভাৰত বায়’টেক-এ প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, কোম্পানীটোৱে প্ৰকাশ কৰা সাৱধানতাৰ নিয়মাৱলীত প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে গাৰ বিষ, ছাল ফুলি উঠা বা খজুৱতি, জ্বৰ, দুৰ্বলতা, বমিৰ ভাব আদি পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিব পাৰে বুলি সম্ভাৱনীয়তা প্ৰকাশ কৰিছে। উল্লেখ্য যে, দেশত ভেকচিন গ্ৰহণ কৰাসকলৰ ভিতৰত ৫৮০জন লোকৰ দেহত এতিয়ালৈকে প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া ধৰা পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ