--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ্কট, এইচআইভিকে আদি কৰি কেতবোৰ ৰোগত ভুগি থকা ৰোগীয়ে ল’ব নোৱাৰিব ক’ভিড ভেকচিন। দেশত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হোৱাৰ দুদিন পাছত এই কথা প্ৰকাশ কৰিছে ভেকচিন নিৰ্মাতা কোম্পানী ভাৰত বায়’টেক-এ।

আৰু পঢ়িব পাৰিব : ১৮ লাখ টকাৰ জালনোট জব্দ : গ্ৰেপ্তাৰ দুজন…

ক’ভেকচিন সন্দৰ্ভত সবিশেষ তথ্য সম্বলিত এক প্ৰতিবেদনত কোম্পানীটোৱে প্ৰকাশ কৰা মতে যিসকল লোক ইমিউন’ ছাপ্ৰেছেণ্ট বা ইমিউন’ ডেফিচিয়েঞ্চীত ভুগি আছে সেইসকল লোকৰ শৰীৰত কাৰ্যক্ষম নহ’ব ক’ভিডৰ প্ৰতিষেধক। উল্লেখ্য যে পূৰ্বে প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি এনেধৰণৰ স্বাস্থ্য অৱস্থাৰ লোকে প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব যদিও এই প্ৰতিষেধক সাধাৰণ লোকৰ দৰে তেওঁলোকৰ শৰীৰত কাৰ্যক্ষম নহ’ব। মন কৰিবলগীয়া যে কৰ্কট ৰোগ বা এইচআইভিত আক্ৰান্ত লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়।

আৰু পঢ়িব পাৰিব : মূলসূঁতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবি সদস্যলৈ চৰকাৰৰ আৰ্থিক সাহায্য…

এনে পৰিস্থিতত প্ৰতিষেধক গ্ৰহণ কৰিলে ইয়াৰ প্ৰভাৱ বিৰূপ হোৱাৰ সম্ভাৱনাৰ কথা ভাৰত বায়’টেক-এ প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, কোম্পানীটোৱে প্ৰকাশ কৰা সাৱধানতাৰ নিয়মাৱলীত প্ৰতিষেধক গ্ৰহণ কৰা লোকসকলে গাৰ বিষ, ছাল ফুলি উঠা বা খজুৱতি, জ্বৰ, দুৰ্বলতা, বমিৰ ভাব আদি পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিব পাৰে বুলি সম্ভাৱনীয়তা প্ৰকাশ কৰিছে। উল্লেখ্য যে, দেশত ভেকচিন গ্ৰহণ কৰাসকলৰ ভিতৰত ৫৮০জন লোকৰ দেহত এতিয়ালৈকে প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়া ধৰা পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ