--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : দেশত নাৰী সুৰক্ষাৰ শ্ল'গান দিয়া চৰকাৰৰ চকুৰ আগতে প্ৰায় প্ৰতিদিনে ইটোৰ পাছত সিটো ধৰ্ষণকাণ্ড সংঘটিত হৈ আহিছে৷ এইবাৰ মধ্যপ্ৰদেশৰ ওমাৰিয়াত এগৰাকী ১৩ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন চলায় ৯টাকৈ নৰপিশাচে৷ আৰক্ষীয়ে জনোৱামতে কিশোৰীগৰাকীক অপহৰণ কৰি পাঁচদিন ধৰি যৌন নিৰ্যাতন চলোৱা হৈছিল৷

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !

উল্লেখ্য যে ৰাজ্যখনৰ শিৱৰাজ সিং চৌহান চৰকাৰে মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে 'সন্মান' নামৰ এক বৃহৎ অভিযান চলাই থকাৰ সময়তে কিশোৰীগৰাকীৰ সৈতে সংঘটিত ঘটনাটোৱে পুনৰ চৰকাৰখন নাৰী সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কথাটোকে প্ৰমাণ কৰিছে৷

আৰক্ষীয়ে জনোৱা মতে ৪ জানুৱাৰীত এজন চিনাকি যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰে আৰু পাছত আন ছয়জন বন্ধুৰে মিলি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই দুদিন পাছত ঘন জংঘলত এৰি যায়৷ ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে কিশোৰীগৰাকীক হত্য়া কৰাৰ ভাবুকিও প্ৰদান কৰে ৭ নৰপিশাচে৷

আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনা ধৰ্ষণ-হত্যা ১৫ বছৰীয়া কিশোৰী-বৃদ্ধাৰ !

কেৱল সেয়াই নহয়, কিশোৰীগৰাকীক পুনৰ ১১ জানুৱাৰীত অপহৰণ কৰি পূৰ্বৰ সাতজন লোক আৰু দুজন ট্ৰাক চালকে উপৰ্যুপৰি নিৰ্যাতন চলাই শুকুৰবাৰে পুৱা নিজ গৃহত এৰি যায়৷ এই কথা পৰিয়ালৰ লোকে আৰক্ষীক জনোৱাৰ পাছতে পোহৰলৈ আহে জঘন্য অপৰাধকাণ্ডটো৷ সম্প্ৰতি ঘটনাটোৰ সৈতে জড়িত ৭ জন লোকক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ