--°C
Loading...
Listen to Article
2 min read
80%

ভূপাল : দেশত নাৰী সুৰক্ষাৰ শ্ল'গান দিয়া চৰকাৰৰ চকুৰ আগতে প্ৰায় প্ৰতিদিনে ইটোৰ পাছত সিটো ধৰ্ষণকাণ্ড সংঘটিত হৈ আহিছে৷ এইবাৰ মধ্যপ্ৰদেশৰ ওমাৰিয়াত এগৰাকী ১৩ বছৰীয়া কিশোৰীক শাৰীৰিক নিৰ্যাতন চলায় ৯টাকৈ নৰপিশাচে৷ আৰক্ষীয়ে জনোৱামতে কিশোৰীগৰাকীক অপহৰণ কৰি পাঁচদিন ধৰি যৌন নিৰ্যাতন চলোৱা হৈছিল৷

আৰু পঢ়িব পাৰিব : প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক গুলীয়াবলৈ উদ্যত্ হৈছিল আৰক্ষী !

উল্লেখ্য যে ৰাজ্যখনৰ শিৱৰাজ সিং চৌহান চৰকাৰে মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে 'সন্মান' নামৰ এক বৃহৎ অভিযান চলাই থকাৰ সময়তে কিশোৰীগৰাকীৰ সৈতে সংঘটিত ঘটনাটোৱে পুনৰ চৰকাৰখন নাৰী সুৰক্ষাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কথাটোকে প্ৰমাণ কৰিছে৷

আৰক্ষীয়ে জনোৱা মতে ৪ জানুৱাৰীত এজন চিনাকি যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰে আৰু পাছত আন ছয়জন বন্ধুৰে মিলি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই দুদিন পাছত ঘন জংঘলত এৰি যায়৷ ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে কিশোৰীগৰাকীক হত্য়া কৰাৰ ভাবুকিও প্ৰদান কৰে ৭ নৰপিশাচে৷

আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনা ধৰ্ষণ-হত্যা ১৫ বছৰীয়া কিশোৰী-বৃদ্ধাৰ !

কেৱল সেয়াই নহয়, কিশোৰীগৰাকীক পুনৰ ১১ জানুৱাৰীত অপহৰণ কৰি পূৰ্বৰ সাতজন লোক আৰু দুজন ট্ৰাক চালকে উপৰ্যুপৰি নিৰ্যাতন চলাই শুকুৰবাৰে পুৱা নিজ গৃহত এৰি যায়৷ এই কথা পৰিয়ালৰ লোকে আৰক্ষীক জনোৱাৰ পাছতে পোহৰলৈ আহে জঘন্য অপৰাধকাণ্ডটো৷ সম্প্ৰতি ঘটনাটোৰ সৈতে জড়িত ৭ জন লোকক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ