--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানৰ মনটোত কেতিয়াও বিষাদৰ ছায়া পৰিব নিদিয়া এচাকি পোহৰৰ নাম মা। বিপৰীতে সন্তানৰ বাবে এসোঁতা আৱেগৰ ঢল দেউতা। মনৰ জুৰণি ল’বলৈ জিৰাবলৈ এজোপা বৃক্ষ মা৷ আনহাতে দেউতা আকৌ সাহস, ত্যাগ, কষ্টসহিষ্ণুতা আৰু সহনশীলতাৰ প্ৰতীক। পিছে মৃত্যুৰ আগ মূহুৰ্ততো পিতৃ-মাতৃৰ স্নেহৰ উমৰ পৰা বঞ্চিত হ'ল এটি সন্তান। নহ'বনো কিয়? সন্তানৰ মৃত্যুত চকুলো টুটিবলৈ যে অপাৰগ পিতৃ-মাতৃ। হয়, তেওঁলোক অন্ধ। কেতিয়াবা এনে কিছুমান খবৰ যি খবৰে সচেতন মহলক এক মূহুৰ্তৰ বাবেও কৰি তোলে আৱেগিক।

কি এই মানৱ জীৱন ৷ সুখ শান্তি সমৃদ্ধিৰে কিছুমানে কৰে উদযাপন আৰু কিছুমানে নেদেখে এই ধৰণী ৷ তেলেংগানাৰ হায়দৰাবাদত পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা, যিয়ে আপোনাৰ চকু সেমেকাই তুলিব। 

৩০ বছৰীয়া পুত্ৰৰ মৃতদেহ লৈ জীয়াই আছিল এহাল অন্ধ দম্পতী, চাৰিদিন পূৰ্বে পুত্ৰৰ মৃত্যু হোৱাৰ বিষয়ে অজ্ঞাত অন্ধ পিতৃ-মাতৃ। তিনিদিন ধৰি তেওঁলোক ভোক আৰু বেদনাৰ সৈতে যুঁজিছিল, খাদ্য-পানীয়ৰ বাবে মাতি থাকিল, কিন্তু কোনো সহায়ৰ হাত লাভ নকৰিল অন্ধ দম্পতীহালে ।


ঘৰৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছত চুবুৰীয়া একাংশই আৰক্ষীক খবৰ দিয়ে, তাৰ পিছত আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈ মৃতদেহৰ লগতে তেওঁৰ পিতৃ-মাতৃও অৰ্ধচেতন অৱস্থাত মাটিত পৰি থকা দেখিবলৈ পায়। আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে বৃদ্ধ দম্পতীৰ দুজন পুত্ৰ আৰু মৃত্যু হোৱাজন সৰু পুত্ৰ।

নাগোল থানাৰ ষ্টেচন হাউচৰ বিষয়া এ.সূৰ্য্য নায়কে জনোৱা মতে, লোকজনৰ ঘৰতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আৰু চাৰি-পাঁচ দিন পূৰ্বে টোপনিতে মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। সূৰ্য্য নায়কে কয় যে তেওঁৰ অন্ধ পিতৃ-মাতৃয়ে তেওঁলোকৰ সৰু পুত্ৰৰ মৃত্যু হোৱা বুলি নাজানিছিল আৰু তেওঁলোকে খাদ্য-পানী বিচাৰি মাতি থাকিল, কিন্তু কোনো সঁহাৰি নাপালে। হয়তো ওচৰ চুবুৰীয়াইও তেওঁলোকৰ মাতটো শুনিব পৰা নাছিল।

সেই স্থানত উপস্থিত হোৱা আৰক্ষীৰ দলটোৱে মানৱীয়তাৰ খাতিৰত বৃদ্ধ দম্পতীহালৰ যত্ন লয়। তেওঁলোকৰ গা ধুৱা আৰু খাদ্যৰ ব্যৱস্থা আৰক্ষীৰ দলটোৱেই কৰে । দম্পতীহালৰ পৰা তেওঁলোকৰ ডাঙৰ পুত্ৰৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে জনায় যে তেওঁ আন এখন চহৰত বাস কৰে। এটা গোচৰ ৰুজু কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম