--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে কি কি যে নকৰে! প্ৰেমৰ বাবে বহু মানুহে কিছুমান ভুল বা অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে। আগ্ৰাৰ পৰা পোহৰলৈ আহিছে জালিয়াতিৰ এক চাঞ্চল্যকৰ গোচৰ। য'ত এজন যুৱকে প্ৰেমিকাৰ মন ভুলাবলৈ বহুত বজাৰ কৰিছিল আৰু ভুৱা মোবাইল এপৰ জৰিয়তে বিল পৰিশোধ কৰিছিল। দোকানীজনে সঁচা কথা জনাৰ পাছত তেওঁৰ ভৰিৰ তলৰ পৰা মাটি খহি পৰিছিল।

যুৱকজনে প্ৰেয়সীক লগত লৈ বিলাসী দোকান এখনলৈ যায়। তাত যুৱকজনৰ প্ৰেয়সীয়ে বহুত বজাৰ কৰিছিল। মন পচন্দৰ সকলো বস্তু তেওঁ লৈছিল। প্ৰেমিকে প্ৰেমিকাক কৈছিল- ''তোমাৰ যি মন যায় তাকে লোৱা, বিল মই দিম চিন্তা নকৰিবা।'' প্ৰেমিকায়েও প্ৰেমিকৰ কথা শুনি উলাহতে বহু বস্তু লৈ ল'লে। বিল দিয়াৰ সময়ত যুৱকজনে দোকানীক অনলাইনত বিল পৰিশোধ কৰিম বুলি ক’লে, সেই কথাত দোকানীও সন্মত হ'ল।

বিলৰ ধন আদায় দিয়াৰ পাছত যুৱকজনে প্ৰেমিকাক লৈ তাৰপৰা গুচি যায়। যোৱাৰ পিছত যেতিয়া দোকানৰ মালিকে পেমেণ্টৰ ষ্টেটাছ চেক কৰিলে, তেতিয়া তেওঁ আচৰিত হৈ পৰে কাৰণ এই বিশাল ধন খৰচ কৰি বজাৰ কৰাৰ পেমেণ্ট একাউণ্টত অহা নাছিল।

এই সমগ্ৰ ঘটনাটো আগ্ৰাৰ কমলা থানা এলেকাৰ। কমলা নগৰ অঞ্চলত 'ৱমেন উইংছ' নামেৰে এখন কাপোৰ আৰু কৃত্ৰিম গহনাৰ দোকান আছে। ২১ অক্টোবৰত স্কুটিৰে দোকানখনলৈ আহিছিল এজন যুৱক আৰু এগৰাকী ছোৱালী। যুৱকজনে ছোৱালীজনীক বহুত বজাৰ কৰিবলৈ বাধ্য কৰালে। যুৱকজনে ভাবিছিল ছোৱালীজনীৰ নামত টকা খৰচ কৰিলে ছোৱালীজনী তেওঁৰ প্ৰতি অধিক আকৃষ্ট হ’ব।

যুৱকজনে ছোৱালীজনীক বহু ভিন্ন ব্ৰেণ্ডৰ কাপোৰ আৰু কৃত্ৰিম গহনা কিনি দিছিল, যাৰ বিল আছিল প্ৰায় ২৫ হাজাৰ টকা। যুৱকজনে অনলাইনযোগে বিল পৰিশোধ কৰাৰ কথা কয়, সেই কথাত দোকানৰ মালিকে সন্মতি দিলে।

ইয়াৰ পিছত যুৱকজনে পকেটৰ পৰা মোবাইলটো উলিয়াই এপ এটাৰ জৰিয়তে অনলাইন পে কৰে আৰু পে কৰা বুলি দোকানৰ মালিককো দেখুৱাই দিয়ে। ভুৱা এপটোৰ জৰিয়তে ধন পৰিশোধ কৰাৰ পিছত যুৱকজন আৰু ছোৱালীজনীয়ে সেই স্থান গুচি যায়।

যোৱাৰ পিছত দোকানৰ মালিকে বেলেঞ্চ চেক কৰি পেমেণ্ট হোৱা নাই বুলি গম পায়। এই কথা দেখি দোকানৰ মালিকে থতমত খাই লগে লগে আৰক্ষী থানাত জালিয়াতিৰ গোচৰ ৰুজু কৰে। আৰক্ষীয়েও গোচৰটো পঞ্জীয়ন কৰি লগে লগে তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজত যুৱকজনৰ স্কুটিৰ নম্বৰ দেখিবলৈ পায়। এই নম্বৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ ঠিকনা আৰু সবিশেষ জানিব পাৰিলে। ২৫ অক্টোবৰত আৰক্ষীয়ে মোগল ৰোডৰ পৰা স্কুটিসহ যুৱকজনক গ্ৰেপ্তাৰ কৰে, তাৰ পিছত সমগ্ৰ জালিয়াতি উদঙাই দিয়ে।

অভিযুক্তৰ নাম শিৱম। আৰক্ষীয়ে শিৱমক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বিষয়টো পোহৰলৈ অহাৰ পাছত প্ৰেমিকাও লাজত মৰি যোৱাৰ দৰে হৈছে...। অঞ্চলবাসীয়ে ভাবিছে এই প্ৰেম টিকি থাকিবনে বাৰু....?

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম