--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ বাবে মানুহে কি কি যে নকৰে! প্ৰেমৰ বাবে বহু মানুহে কিছুমান ভুল বা অপৰাধ কৰিবলৈও কুণ্ঠাবোধ নকৰে। আগ্ৰাৰ পৰা পোহৰলৈ আহিছে জালিয়াতিৰ এক চাঞ্চল্যকৰ গোচৰ। য'ত এজন যুৱকে প্ৰেমিকাৰ মন ভুলাবলৈ বহুত বজাৰ কৰিছিল আৰু ভুৱা মোবাইল এপৰ জৰিয়তে বিল পৰিশোধ কৰিছিল। দোকানীজনে সঁচা কথা জনাৰ পাছত তেওঁৰ ভৰিৰ তলৰ পৰা মাটি খহি পৰিছিল।

যুৱকজনে প্ৰেয়সীক লগত লৈ বিলাসী দোকান এখনলৈ যায়। তাত যুৱকজনৰ প্ৰেয়সীয়ে বহুত বজাৰ কৰিছিল। মন পচন্দৰ সকলো বস্তু তেওঁ লৈছিল। প্ৰেমিকে প্ৰেমিকাক কৈছিল- ''তোমাৰ যি মন যায় তাকে লোৱা, বিল মই দিম চিন্তা নকৰিবা।'' প্ৰেমিকায়েও প্ৰেমিকৰ কথা শুনি উলাহতে বহু বস্তু লৈ ল'লে। বিল দিয়াৰ সময়ত যুৱকজনে দোকানীক অনলাইনত বিল পৰিশোধ কৰিম বুলি ক’লে, সেই কথাত দোকানীও সন্মত হ'ল।

বিলৰ ধন আদায় দিয়াৰ পাছত যুৱকজনে প্ৰেমিকাক লৈ তাৰপৰা গুচি যায়। যোৱাৰ পিছত যেতিয়া দোকানৰ মালিকে পেমেণ্টৰ ষ্টেটাছ চেক কৰিলে, তেতিয়া তেওঁ আচৰিত হৈ পৰে কাৰণ এই বিশাল ধন খৰচ কৰি বজাৰ কৰাৰ পেমেণ্ট একাউণ্টত অহা নাছিল।

এই সমগ্ৰ ঘটনাটো আগ্ৰাৰ কমলা থানা এলেকাৰ। কমলা নগৰ অঞ্চলত 'ৱমেন উইংছ' নামেৰে এখন কাপোৰ আৰু কৃত্ৰিম গহনাৰ দোকান আছে। ২১ অক্টোবৰত স্কুটিৰে দোকানখনলৈ আহিছিল এজন যুৱক আৰু এগৰাকী ছোৱালী। যুৱকজনে ছোৱালীজনীক বহুত বজাৰ কৰিবলৈ বাধ্য কৰালে। যুৱকজনে ভাবিছিল ছোৱালীজনীৰ নামত টকা খৰচ কৰিলে ছোৱালীজনী তেওঁৰ প্ৰতি অধিক আকৃষ্ট হ’ব।

যুৱকজনে ছোৱালীজনীক বহু ভিন্ন ব্ৰেণ্ডৰ কাপোৰ আৰু কৃত্ৰিম গহনা কিনি দিছিল, যাৰ বিল আছিল প্ৰায় ২৫ হাজাৰ টকা। যুৱকজনে অনলাইনযোগে বিল পৰিশোধ কৰাৰ কথা কয়, সেই কথাত দোকানৰ মালিকে সন্মতি দিলে।

ইয়াৰ পিছত যুৱকজনে পকেটৰ পৰা মোবাইলটো উলিয়াই এপ এটাৰ জৰিয়তে অনলাইন পে কৰে আৰু পে কৰা বুলি দোকানৰ মালিককো দেখুৱাই দিয়ে। ভুৱা এপটোৰ জৰিয়তে ধন পৰিশোধ কৰাৰ পিছত যুৱকজন আৰু ছোৱালীজনীয়ে সেই স্থান গুচি যায়।

যোৱাৰ পিছত দোকানৰ মালিকে বেলেঞ্চ চেক কৰি পেমেণ্ট হোৱা নাই বুলি গম পায়। এই কথা দেখি দোকানৰ মালিকে থতমত খাই লগে লগে আৰক্ষী থানাত জালিয়াতিৰ গোচৰ ৰুজু কৰে। আৰক্ষীয়েও গোচৰটো পঞ্জীয়ন কৰি লগে লগে তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে চিচিটিভিৰ ফুটেজত যুৱকজনৰ স্কুটিৰ নম্বৰ দেখিবলৈ পায়। এই নম্বৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ ঠিকনা আৰু সবিশেষ জানিব পাৰিলে। ২৫ অক্টোবৰত আৰক্ষীয়ে মোগল ৰোডৰ পৰা স্কুটিসহ যুৱকজনক গ্ৰেপ্তাৰ কৰে, তাৰ পিছত সমগ্ৰ জালিয়াতি উদঙাই দিয়ে।

অভিযুক্তৰ নাম শিৱম। আৰক্ষীয়ে শিৱমক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। বিষয়টো পোহৰলৈ অহাৰ পাছত প্ৰেমিকাও লাজত মৰি যোৱাৰ দৰে হৈছে...। অঞ্চলবাসীয়ে ভাবিছে এই প্ৰেম টিকি থাকিবনে বাৰু....?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল