--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নতুন বছৰে কঢ়িয়াই আনে আশাৰ দিন৷ সেয়ে নতুন বছৰক লৈ উৎসাহী দেখা যায় বহুজনকপিছে, এইবাৰ নতুন বছৰ আৰম্ভ হ’ব জনসাধাৰণৰ পৰা কৰসংগ্ৰহ প্ৰক্ৰিয়াৰে৷ শেহতীয়াকৈ, অনলাইন বাণিজ্যত আৰোপ কৰা হৈছে সামগ্ৰী আৰু সেৱা কৰ, চমুকৈ জিএছটি৷ এই প্ৰক্ৰিয়া ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ অনলাইন বাণিজ্য, কাপোৰ, জোতা ইত্যাদিত মুখ্য জিএছটি আৰু অন্যান্য পৰিৱৰ্তন পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।


চৰকাৰে ফাঁকি আৰু ভুৱা বিলিং প্ৰতিৰোধ কৰিবলৈ এই পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰিবলৈ লৈছে বুলি সূত্ৰত প্ৰকাশ।
সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাত এক জানুৱাৰীৰ পৰা কেইবাটাও পৰিৱৰ্তন দেখা যাব। লগতে কিছুমান প্ৰক্ৰিয়াগত পৰিৱৰ্তন হ’ব৷ য’ত ই-কমাৰ্চ আৰু অনলাইন খাদ্য বিতৰক প্ৰতিষ্ঠানক প্ৰভাৱিত কৰিব৷
চৰকাৰে এই প্লেটফৰ্মবোৰক জিএছটি জমাৰ বাবে দায়বদ্ধ কৰাৰ বাবে এই পৰিৱৰ্তনবোৰ প্ৰৱৰ্তন কৰিছে, যিটোৱে কৰফাঁকি নিয়ন্ত্ৰণ কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে৷

অহা শনিবাৰৰ পৰা প্ৰক্ৰিয়াগত পৰিৱৰ্তনবোৰত কি কি কাৰ্যকৰী কৰা হ’ব ?

কাৰ্যকৰী হ’বলগীয়া প্ৰক্ৰিয়াগত পৰিৱৰ্তনবোৰৰ ভিতৰত আছে ১ জানুৱাৰীৰ পৰা ৰেষ্টুৰেণ্ট সেৱাৰ ওপৰত চৰকাৰৰ ওচৰত জিএছটি সংগ্ৰহ আৰু জমা কৰিবলৈ ছুইগি আৰু জোমেটোক দায়বদ্ধ কৰা হ’ব। তেওঁলোকে এনে সেৱাৰ সন্দৰ্ভত চালান জাৰি কৰিব লাগিব।

এয়া কিয় কৰা হৈছে ?

জিএছটি পৰিষদে এই বছৰৰ ছেপ্টেম্বৰত এক বৈঠকত চিনাক্ত কৰিছিল যে ছুইগি/জোমেটোৰ দ্বাৰা কোনো বাধ্যতামূলক পঞ্জীয়ন পৰীক্ষা কৰা হোৱা নাছিল আৰু এই এপবোৰৰ জৰিয়তে পঞ্জীভুক্ত খাদ্য যোগান ধৰা নাছিল। তাৰ ফলত ৰাজকোষৰ প্ৰায় ২,০০০ কোটি টকা কৰ লোকচান হৈছে বুলি চৰকাৰী তথ্যত কোৱা হৈছে৷

চৰকাৰৰ এই ঘোষণাৰ পাছতে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰৰ এই কৰ আৰোপ প্ৰক্ৰিয়াই পৰৱৰ্তী সময়ত পূৰ্বৰ লোকচান হ্ৰাস কৰে নে ৰাইজেই অতিৰিক্ত কৰ প্ৰদান কৰিবলৈ প্ৰস্তুত নহয়, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ