--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: নতুন বছৰে কঢ়িয়াই আনে আশাৰ দিন৷ সেয়ে নতুন বছৰক লৈ উৎসাহী দেখা যায় বহুজনক৷ পিছে, এইবাৰ নতুন বছৰ আৰম্ভ হ’ব জনসাধাৰণৰ পৰা কৰসংগ্ৰহ প্ৰক্ৰিয়াৰে৷ শেহতীয়াকৈ, অনলাইন বাণিজ্যত আৰোপ কৰা হৈছে সামগ্ৰী আৰু সেৱা কৰ, চমুকৈ জিএছটি৷ এই প্ৰক্ৰিয়া ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব৷ অনলাইন বাণিজ্য, কাপোৰ, জোতা ইত্যাদিত মুখ্য জিএছটি আৰু অন্যান্য পৰিৱৰ্তন পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।


চৰকাৰে ফাঁকি আৰু ভুৱা বিলিং প্ৰতিৰোধ কৰিবলৈ এই পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰিবলৈ লৈছে বুলি সূত্ৰত প্ৰকাশ।
সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) ব্যৱস্থাত এক জানুৱাৰীৰ পৰা কেইবাটাও পৰিৱৰ্তন দেখা যাব। লগতে কিছুমান প্ৰক্ৰিয়াগত পৰিৱৰ্তন হ’ব৷ য’ত ই-কমাৰ্চ আৰু অনলাইন খাদ্য বিতৰক প্ৰতিষ্ঠানক প্ৰভাৱিত কৰিব৷
চৰকাৰে এই প্লেটফৰ্মবোৰক জিএছটি জমাৰ বাবে দায়বদ্ধ কৰাৰ বাবে এই পৰিৱৰ্তনবোৰ প্ৰৱৰ্তন কৰিছে, যিটোৱে কৰফাঁকি নিয়ন্ত্ৰণ কৰিব বুলি চৰকাৰে আশা প্ৰকাশ কৰিছে৷

অহা শনিবাৰৰ পৰা প্ৰক্ৰিয়াগত পৰিৱৰ্তনবোৰত কি কি কাৰ্যকৰী কৰা হ’ব ?

কাৰ্যকৰী হ’বলগীয়া প্ৰক্ৰিয়াগত পৰিৱৰ্তনবোৰৰ ভিতৰত আছে ১ জানুৱাৰীৰ পৰা ৰেষ্টুৰেণ্ট সেৱাৰ ওপৰত চৰকাৰৰ ওচৰত জিএছটি সংগ্ৰহ আৰু জমা কৰিবলৈ ছুইগি আৰু জোমেটোক দায়বদ্ধ কৰা হ’ব। তেওঁলোকে এনে সেৱাৰ সন্দৰ্ভত চালান জাৰি কৰিব লাগিব।

এয়া কিয় কৰা হৈছে ?

জিএছটি পৰিষদে এই বছৰৰ ছেপ্টেম্বৰত এক বৈঠকত চিনাক্ত কৰিছিল যে ছুইগি/জোমেটোৰ দ্বাৰা কোনো বাধ্যতামূলক পঞ্জীয়ন পৰীক্ষা কৰা হোৱা নাছিল আৰু এই এপবোৰৰ জৰিয়তে পঞ্জীভুক্ত খাদ্য যোগান ধৰা নাছিল। তাৰ ফলত ৰাজকোষৰ প্ৰায় ২,০০০ কোটি টকা কৰ লোকচান হৈছে বুলি চৰকাৰী তথ্যত কোৱা হৈছে৷

চৰকাৰৰ এই ঘোষণাৰ পাছতে দেশজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰৰ এই কৰ আৰোপ প্ৰক্ৰিয়াই পৰৱৰ্তী সময়ত পূৰ্বৰ লোকচান হ্ৰাস কৰে নে ৰাইজেই অতিৰিক্ত কৰ প্ৰদান কৰিবলৈ প্ৰস্তুত নহয়, সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু