--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শেহতীয়াকৈ এনচিবিআইৰ এক অধ্যয়নত দেখা গৈছে যে ভাৰতৰ ২৫-৩০% চহৰীয়া আৰু ১৫-২০% গ্ৰাম্য লোক উচ্চ কলেষ্টেৰল ৰোগত আক্ৰান্ত। কিন্তু কি এই কলেষ্টেৰল? কলেষ্টেৰল হৈছে মানুহৰ তেজত থকা চৰ্বিসদৃশ এক পদাৰ্থ। যিয়ে আপোনাৰ শৰীৰত সুস্থ কোষ গঢ়ি তোলাত সহায় কৰে। কলেষ্টেৰলৰ পৰিমাণ বেছি হলে অৱশ্যে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে বুলি বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।

 ১. উচ্চ কলেষ্টেৰলৰ কাৰণ কি?

জেনেটিক্সৰ ফলতো উচ্চ কলেষ্টেৰল হ’ব পাৰে। ইয়াৰ বাহিৰেও চেনি, আটা, ঠাণ্ডা পানীয় আৰু তেলৰ পৰা তৈয়াৰী খাদ্য খালে কলেষ্টেৰলৰ সম্ভাৱনা সৰ্বাধিক বৃদ্ধি পায়। এতিয়া প্ৰশ্ন হয় কলেষ্টেৰল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? ধনীয়া পাত এনে এটা বনৌষধি যিয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে। গৱেষণাৰ দ্বাৰাও এই তথ্য কৰিছে বিশেষজ্ঞসকলে।

 ২.কলেষ্টেৰল বাঢ়িছে নে নাই কেনেকৈ জানিব?

তেজত কলেষ্টেৰলৰ পৰিমাণ বেছি হোৱাৰ কোনো স্পষ্ট লক্ষণ দেখা নাযায়। কিন্তু ই আপোনাৰ লক্ষণ সৃষ্টি কৰা অৱস্থাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে, যেনে-এঞ্জাইনা (হৃদৰোগৰ ফলত বুকুৰ বিষ), উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আদি।

 ৩. কলেষ্টেৰলত সেউজীয়া ধনীয়া উপকাৰী

এটা অধ্যয়নৰ মতে, কিছুমান পশু আৰু টেষ্ট-টিউবৰ গৱেষণাৰ পৰা দেখা গৈছে যে ধনীয়াই হৃদৰোগৰ বিপদজনক কাৰক যেনে উচ্চ ৰক্তচাপ আৰু এল ডি এল (বেয়া) কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। বিশেষজ্ঞসকলে কৈছে যে অন্যান্য মছলাৰ সৈতে প্ৰচুৰ পৰিমাণে চিলেণ্ট্ৰ খোৱা জনসংখ্যাৰ হৃদৰোগৰ হাৰ কম হয়।

 ৪. সেউজীয়া ধনীয়া পাতৰ ঔষধি গুণ-

ইয়াৰ এন্টি-ইনফ্লেমেটৰী (প্ৰদাহ হ্ৰাস কৰা), এন্টি-ডিস্লিপিডেমিক (তেজৰ লিপিড কমোৱা), এন্টি-হাইপাৰটেনচিভ (ৰক্তচাপ কমোৱা), নিউৰপ্ৰটেক্টিভ (স্নায়ু সুৰক্ষা) আৰু প্ৰস্ৰাৱকাৰী, এন্টি-মাইক্ৰবিয়াল আৰু এন্টিঅক্সিডেন্ট গুণ আছে। ইয়াৰ উপৰি ই ডায়েবেটিছ, মৃগীৰোগ, উদ্বেগ আৰু হতাশা নিৰাময় কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ পৰিষ্কাৰ কৰে।

 ৫. ধনীয়া কেনেকৈ খাব?

এটা অধ্যয়নত ধনীয়া গুটি দিয়া হৈছিল এন্দুৰক। তেজত থকা এল ডি এল (বেয়া) কলেষ্টেৰল হ্ৰাস পোৱা আৰু এইচ ডি এল (ভাল) কলেষ্টেৰল বৃদ্ধি হোৱা পৰিলক্ষিত হয় আৰু ইয়াৰ পৰা ক’ব পাৰি যে যদি আপুনি আপোনাৰ খাদ্যত ধনীয়া পাত অন্তৰ্ভুক্ত কৰিও আপুনি কলেষ্টেৰলৰ সমস্যাটো দূৰ কৰিব পাৰে। মানুহে প্ৰায়ে ধনীয়া পাত চিৰাপ, চাটনি, চালাডৰ ৰূপত খায়। একে সময়তে ইয়াৰ গুটিবোৰ পানীত তিয়াই চেকি খাব পাৰে।

 ৬. ধনীয়া পাত খাওঁতে এই কথা মনত ৰাখিব-

নিয়মিতভাৱে ধনীয়া পাত সামান্য পৰিমাণে সেৱন কৰিব লাগে। এক গৱেষণাৰ মতে অধিক ধনীয়া খালে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ই লিভাৰ, এলাৰ্জী, ফোহা, খজুৱতি আদিৰ পৰা ছালৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ লগতে চিলেণ্ট্ৰই ৰক্তচাপ কমোৱাৰ কাম কৰে, যাৰ ফলত নিম্ন ৰক্তচাপৰ সমস্যা  হ’ব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ