--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ে ২০১৯ চনত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ বাবে স্থগিত হৈ থকা আপীল ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰীয় আৰু অসম চৰকাৰক জাননী জাৰি কৰিছে।

নতুন দিল্লী, ২১ জুলাই: ২০১৯ চনত অসমত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ বাবে দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা আপীল প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ দাবী জনাই দাখিল কৰা এখন আৱেদনৰ ভিত্তিত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু অন্যান্য সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰিছে। এই নিৰ্দেশে এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলৰ ভৱিষ্যতকলৈ থকা অনিশ্চয়তাৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম. পাঁচোলীৰে গঠিত এখন বিচাৰপীঠে অসম ৰাজ্যিক জমিয়ত উলেমা (Assam State Jamiat Ulama)-ই দাখিল কৰা আৱেদনখনৰ শুনানি গ্ৰহণ কৰে। আৱেদনকাৰীৰ অধিবক্তাই শুনানিকালত উল্লেখ কৰে যে এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকল এক অনিশ্চিত ভৱিষ্যতৰ মাজত আছে, কিয়নো আপীল দাখিলৰ বাবে থকা বিধিবদ্ধ ব্যৱস্থাটো এতিয়ালৈকে কাৰ্যক্ষম কৰা হোৱা নাই।

অধিবক্তাগৰাকীয়ে ন্যায়ালয়ত দাখিল কৰে যে এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ বাবে আপীল দাখিল কৰাৰ ব্যৱস্থা থকা স্বত্বেও আজিলৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই। ইয়াৰ ফলত লোকসকল দুৰ্ভোগ ভুগি আছে। তেওঁলোকে কয় যে আপীল প্ৰক্ৰিয়া আৰম্ভ নোহোৱাৰ বাবে হাজাৰ হাজাৰ লোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই।

আৱেদনকাৰীৰ যুক্তি বিবেচনা কৰি বিচাৰপীঠে কেন্দ্ৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰে। একেধৰণৰ বিষয় উত্থাপন কৰি আন এখন আবেদনো উচ্চতম ন্যায়ালয়ত বিচারাধীন হৈ আছে, সেয়েহে বৰ্তমানৰ আবেদনখনো সেই আবেদনৰ সৈতে সংলগ্ন কৰা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানিত এই বিষয়ে অধিক স্পষ্টতা আহিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু