--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • উচ্চতম ন্যায়ালয়ে ২০১৯ চনত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ বাবে স্থগিত হৈ থকা আপীল ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰীয় আৰু অসম চৰকাৰক জাননী জাৰি কৰিছে।

নতুন দিল্লী, ২১ জুলাই: ২০১৯ চনত অসমত প্ৰকাশিত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ বাবে দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা আপীল প্ৰক্ৰিয়া তাৎক্ষণিকভাৱে আৰম্ভ কৰাৰ দাবী জনাই দাখিল কৰা এখন আৱেদনৰ ভিত্তিত মঙলবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু অন্যান্য সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰিছে। এই নিৰ্দেশে এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলৰ ভৱিষ্যতকলৈ থকা অনিশ্চয়তাৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।

মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম. পাঁচোলীৰে গঠিত এখন বিচাৰপীঠে অসম ৰাজ্যিক জমিয়ত উলেমা (Assam State Jamiat Ulama)-ই দাখিল কৰা আৱেদনখনৰ শুনানি গ্ৰহণ কৰে। আৱেদনকাৰীৰ অধিবক্তাই শুনানিকালত উল্লেখ কৰে যে এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকসকল এক অনিশ্চিত ভৱিষ্যতৰ মাজত আছে, কিয়নো আপীল দাখিলৰ বাবে থকা বিধিবদ্ধ ব্যৱস্থাটো এতিয়ালৈকে কাৰ্যক্ষম কৰা হোৱা নাই।

অধিবক্তাগৰাকীয়ে ন্যায়ালয়ত দাখিল কৰে যে এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ বাবে আপীল দাখিল কৰাৰ ব্যৱস্থা থকা স্বত্বেও আজিলৈকে কোনো পদক্ষেপ লোৱা হোৱা নাই। ইয়াৰ ফলত লোকসকল দুৰ্ভোগ ভুগি আছে। তেওঁলোকে কয় যে আপীল প্ৰক্ৰিয়া আৰম্ভ নোহোৱাৰ বাবে হাজাৰ হাজাৰ লোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ ল'ব পৰা নাই।

আৱেদনকাৰীৰ যুক্তি বিবেচনা কৰি বিচাৰপীঠে কেন্দ্ৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ কাৰ্যালয়লৈ জাননী জাৰি কৰে। একেধৰণৰ বিষয় উত্থাপন কৰি আন এখন আবেদনো উচ্চতম ন্যায়ালয়ত বিচারাধীন হৈ আছে, সেয়েহে বৰ্তমানৰ আবেদনখনো সেই আবেদনৰ সৈতে সংলগ্ন কৰা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানিত এই বিষয়ে অধিক স্পষ্টতা আহিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ