--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনটো বৈচিত্ৰতাৰে ভৰা। কোনেও ক’ব নোৱাৰে যে জীৱনে কেতিয়া কাক ক’লৈ লৈ যাব! ইটালীৰ টুস্কানী অঞ্চলৰ এগৰাকী মহিলা জিউলিয়া মাংকাৰ কথা ইয়াত ক’বলৈ লোৱা হৈছে। ছুটীৰ দিনত মহিলাগৰাকীয়ে এখন ঠাইলৈ ফুৰিব গৈছিল। কিন্তু ঠাইখনে তেওঁক মুহি পেলালে। পুনৰ ঘূৰি আহিবলৈ মন নগ’ল তেওঁৰ।

জিউলিয়াই কিছুদিনৰ বাবে ইটালীৰ পিয়ানোছা দ্বীপলৈ ভ্ৰমণলৈ গৈছিল। সেই ঠাইখনে তেওঁৰ হৃদয়খন ইমানেই চুই গ’ল যে তেওঁ তাৰ পৰা ঘৰলৈ উভতি যাবলৈ মন নকৰিলে। তেতিয়াৰ পৰাই তেওঁ তাত নিয়মিতভাৱে থাকিবলৈ ধৰিলে।

পিয়ানোছাক ভূতৰ দ্বীপ বুলিও কোৱা হয়। জিউলিয়া দ্বীপটোৰ একমাত্ৰ মহিলা। অৰ্থাৎ কোনো মহিলা বাসিন্দা আৰু নাই এই নিঃসংগ দ্বীপটোত।

২০১১ চন। জিউলিয়াই সেই বছৰ নিজৰ লগত অকলে সময় কটাবলৈ পিয়ানোছা দ্বীপটো বাছি লৈছিল। পিয়ানোছা হৈছে এনে এটা দ্বীপ য’ত পূৰ্বতে ইটালীৰ বন্দীসকলক ৰখা হৈছিল।

দ্বীপটোত মাত্ৰ এখন হোটেল। ইয়াৰ নাম ‘হোটেল মিলেনা’। ২০১১ চনত জিউলিয়াই পিয়ানোছালৈ গৈছিল আৰু সেই হোটেলখনত আছিল।

সেই হোটেলখনৰ সকলো কৰ্মচাৰী অপৰাধী। কাৰাগাৰৰ বন্দীসকলে হোটেলখনৰ যত্ন লয়। বন্দীত্বৰ পৰা ওলাই আহি সমাজৰ মূলসুঁতিলৈ ঘূৰি অহাৰ চেষ্টাস্বৰূপেই অভিযুক্তসকলক সেই হোটেলতে বিভিন্ন দায়িত্ব দিয়া হৈছে। তেওঁলোকৰ বাবে পুনৰ্বাসন কেন্দ্ৰও আছে তাত।

ভ্ৰমণৰ সময়ত এইসমূহ দেখি জুলিয়াই আচৰিত হৈ পৰে। অপৰাধীসকলক জীৱনত দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়াৰ ধাৰণাটোৱে তেওঁক আকৰ্ষণ কৰিছিল। তাৰ পিছত তেওঁ তাতেই স্থায়ীভাৱে থাকিবলৈ সিদ্ধান্ত ল’লে।

তাৰপাছত ১২ বছৰ পাৰ হৈ গ’ল। দ্বীপটো আৰু হোটেলখনেই এতিয়া জুলিয়াৰ পৰিয়াল। দ্বীপটোৰ দুগৰাকী স্থায়ী বাসিন্দাৰ ভিতৰত অন্যতম জিউলিয়া। জিউলিয়া এতিয়া হোটেলখনৰ মেনেজাৰ।

জিউলিয়াই হোটেলখনত অতিথি হিচাপে থকাৰ সময়ত সেই সময়ৰ মেনেজাৰে তাইক কৈছিল যে হোটেলখন চলোৱাত অসুবিধা হৈছে। অৰ্থাভাৱৰ ফলত হোটেলখন যিকোনো দিনাই বন্ধ হৈ যাব পাৰে। যদি সঁচাকৈয়ে হোটেলখন বন্ধ হৈ থাকে তেন্তে অভিযুক্তসকল পুনৰ জেললৈ যাব লাগিব। এই হোটেলখনৰ সহায়ত তেওঁলোকে সমাজৰ মূলসুঁতিলৈ ঘূৰি অহাৰ সপোনটো ছিন্নভিন্ন হৈ পৰিব। এই কথাই জুলিয়াক চিন্তান্বিত কৰি তুলিলে।

জিউলিয়াই আগতে ‘টুৰিষ্ট এজেণ্ট’ হিচাপে কাম কৰিছিল। সেয়ে হোটেল মেনেজমেণ্ট সম্পৰ্কে তেওঁৰ কিছু ধাৰণা আছিল। হোটেল মেনেজাৰৰ কথা শুনি তেওঁৰ এনে লাগিল যে কিবা এটা কৰিবই লাগিব। সেয়ে জিউলিয়াই এই দ্বীপত স্থায়ীভাৱে থাকিবলৈ সিদ্ধান্ত লয়। পিছত তেওঁ সেই হোটেলখনৰ মেনেজাৰ হিচাপে দায়িত্ব লয়। প্ৰথমতে তেওঁ কোনো মাননি লোৱা নাছিল।

সেই হোটেলখনত কাৰাবন্দী অপৰাধীসকলেই সকলো কাম তেওঁলোকে কৰে। জুলিয়া তেওঁলোকৰ লগতে থাকে। অপৰাধীসকলেই হোটেলৰ পাকঘৰ চলায়। হোটেলৰ বাগিচা, খাদ্য পৰিবেশ, চাফাই সকলো কাম অপৰাধীসকলেই কৰে। এই কামৰ বাবে তেওঁলোকে দৰমহা পায়।

হোটেলখনত ১১টা কোঠা আছে। কাঠৰ আচবাববোৰ শাৰী শাৰীকৈ সজাই থোৱা আছে। হোটেলৰ কোঠাবোৰৰ পৰা সাগৰৰ দৃশ্য দেখা যায়। আচলতে দ্বীপটো নিজেই এনেকুৱা ঠাইত আছে, যাৰ চাৰিওফালে প্ৰকৃতিয়ে সকলো ৰূপ ঢালি দিছে। চাৰিওফালে শাৰী শাৰী পাইন গছ।

হোটেলখনত অতিথিৰ বাবে ৰেষ্টুৰেণ্ট আৰু বাৰো আছে। বহু লোকে ছুটীৰ বাবে দ্বীপটোলৈ যায়। একমাত্ৰ আশ্ৰয় শিবিৰ হিচাপে সেই হোটেলখনত থাকে। তাত জন্মদিন বা বিয়াৰ পাৰ্টিৰো আয়োজন কৰা হয়।

জিউলিয়াক কিছুমানে ‘পিয়ানোছাৰ ৰাণী’ বুলিও কয়। হোটেলখন পৰিচালনা কৰাৰ উপৰিও তেওঁ দ্বীপটোৰ দোষীসকলৰ পুনৰ্বাসন কেন্দ্ৰটোও চোৱাচিতা কৰে।

অভিযুক্তৰ লগত থাকিবলৈ ভয় নালাগেনে জিউলিয়াৰ? তেওঁ এই প্ৰশ্নৰ উত্তৰস্বৰূপে এনেদৰে কয়- "বহুতে মোক পাগল বুলি কয়। কিন্তু ইয়াত মই নিজকে বৰ নিৰাপদ অনুভৱ কৰিছো। মই কেতিয়াও ভয় বা চিন্তিত হোৱা নাই। মই এই কাম কৰি গৌৰৱান্বিত।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement