--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৱে হলিউডৰ চিনেমা চালে পাঁচ বছৰৰ বাবে জেললৈ যাব লাগিব। অভিভাৱকসকলক শ্ৰম শিবিৰলৈ প্ৰেৰণ কৰা হ’ব। উত্তৰ কোৰিয়াৰ কিম জং উন চৰকাৰে এই কঠোৰ নিয়ম জাৰি কৰিছে। দেশখনত “পশ্চিমীয়া সভ্যতা আৰু সংবাদ মাধ্যমৰ উন্মাদনা”ৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।

চৰকাৰী নিৰ্দেশমতে যদি শিশুসকলে হলিউডৰ ছবি বা ধাৰাবাহিক চাই ধৰা পৰে, তেন্তে তেওঁলোকৰ পিতৃ-মাতৃকো তেওঁলোকৰ সৈতে জেললৈ প্ৰেৰণ কৰা হ’ব। তদুপৰি পিতৃ-মাতৃয়ে বাধ্যতামূলকভাৱে ছমাহ শ্ৰম শিবিৰত কটাবলগীয়া হ’ব।

আগতে সেই দেশত হলিউডৰ ছবি চোৱাৰ ক্ষেত্ৰত ইমান কঠোৰ নাছিল। শিশুসকলক হলিউডৰ ছবি চাই ধৰা পৰিলেহে অভিভাৱকসকলক সতৰ্কবাণী দি এৰি দিয়া হৈছিল। কিন্তু কিম প্ৰশাসনে সেই নিয়ম কটকটীয়া কৰিলে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াঙে আৰম্ভ কৰিছে ‘ইনমিনবান’। ‘ইনমিনবান’ এখন বাধ্যতামূলক সভা, যাৰ জৰিয়তে চৰকাৰে বিভিন্ন বিষয়ত জাৰি কৰা নিৰ্দেশনা ৰাইজৰ মাজলৈ যায়। ইনমিনবানে সন্তানক সঠিকভাৱে ডাঙৰ-দীঘল কৰাত ব্যৰ্থ হোৱাৰ কথাও অভিভাৱকসকলক সকীয়াই দিব।

সেই দেশৰ জনসাধাৰণ সদায় কিমৰ নিয়মক লৈ চিন্তিত। উত্তৰ কোৰিয়াত কেৱল চিনেমাই নহয়, নৃত্য, কথা কোৱা আৰু গান গোৱাৰ ক্ষেত্ৰতো কঠোৰ নিয়ম আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক