--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৱে হলিউডৰ চিনেমা চালে পাঁচ বছৰৰ বাবে জেললৈ যাব লাগিব। অভিভাৱকসকলক শ্ৰম শিবিৰলৈ প্ৰেৰণ কৰা হ’ব। উত্তৰ কোৰিয়াৰ কিম জং উন চৰকাৰে এই কঠোৰ নিয়ম জাৰি কৰিছে। দেশখনত “পশ্চিমীয়া সভ্যতা আৰু সংবাদ মাধ্যমৰ উন্মাদনা”ৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।

চৰকাৰী নিৰ্দেশমতে যদি শিশুসকলে হলিউডৰ ছবি বা ধাৰাবাহিক চাই ধৰা পৰে, তেন্তে তেওঁলোকৰ পিতৃ-মাতৃকো তেওঁলোকৰ সৈতে জেললৈ প্ৰেৰণ কৰা হ’ব। তদুপৰি পিতৃ-মাতৃয়ে বাধ্যতামূলকভাৱে ছমাহ শ্ৰম শিবিৰত কটাবলগীয়া হ’ব।

আগতে সেই দেশত হলিউডৰ ছবি চোৱাৰ ক্ষেত্ৰত ইমান কঠোৰ নাছিল। শিশুসকলক হলিউডৰ ছবি চাই ধৰা পৰিলেহে অভিভাৱকসকলক সতৰ্কবাণী দি এৰি দিয়া হৈছিল। কিন্তু কিম প্ৰশাসনে সেই নিয়ম কটকটীয়া কৰিলে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়াঙে আৰম্ভ কৰিছে ‘ইনমিনবান’। ‘ইনমিনবান’ এখন বাধ্যতামূলক সভা, যাৰ জৰিয়তে চৰকাৰে বিভিন্ন বিষয়ত জাৰি কৰা নিৰ্দেশনা ৰাইজৰ মাজলৈ যায়। ইনমিনবানে সন্তানক সঠিকভাৱে ডাঙৰ-দীঘল কৰাত ব্যৰ্থ হোৱাৰ কথাও অভিভাৱকসকলক সকীয়াই দিব।

সেই দেশৰ জনসাধাৰণ সদায় কিমৰ নিয়মক লৈ চিন্তিত। উত্তৰ কোৰিয়াত কেৱল চিনেমাই নহয়, নৃত্য, কথা কোৱা আৰু গান গোৱাৰ ক্ষেত্ৰতো কঠোৰ নিয়ম আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন