--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনটোৰ অবিহনে আমাৰ জীৱন আমি কল্পনাও কৰিব নোৱাৰো। ফোনটো আমাৰ প্ৰতি মিনিটৰ সংগী। আমি ৰাতি শোৱাৰ পৰলৈকে মোবাইল ফোনটোৰ লগত ব্যস্ত থাকো। 

আপুনি জানেনে মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত লাহে লাহে মানুহবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এগৰাকী সুন্দৰী যুৱতী মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত এক জটিল ৰোগত আক্ৰান্ত হৈছে। ‘ডিজিটেল ভাৰ্টিগো’ত নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে ফেনেলা ফক্স নামৰ যুৱতীগৰাকী। এই ৰোগৰ ফলত এতিয়া ২৯ বছৰীয়া ফেনেলাই হুইল চেয়াৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
Model left needing wheelchair 'after developing vertigo from using phone  too much' - Mirror Online
পৰ্তুগালত বাস কৰা ফেনেলাই পুৱাৰ পৰা নিশালৈকে বেছিভাগ সময় ইনষ্টাগ্ৰামত কটাইছিল। দিনটোৰ ১২ ঘন্টাতকৈও অধিক সময় ছ’চিয়েল মিডিয়াত অতিবাহিত কৰিছিল ফেনেলাই। ইনষ্টাগ্ৰামত ২ লাখৰ অধিক ফল’ৱাৰ্চ আছে যুৱতীগৰাকীৰ। 

মোবাইলত অধিক সময় কটোৱা বাবে ২০২১ চনৰ আৰম্ভণিতে মূৰৰ বিষ আৰু ডিঙিৰ বিষৰ সমস্যা আৰম্ভ হৈছিল ফেনেলাৰ। লাহে লাহে তেওঁৰ বিষ বাঢ়ি আহিছিল। মূৰ ঘূৰোৱা, বমি আদি লক্ষণে সঘনাই দেখা দিলে ফেনেলাৰ শৰীৰত। লাহে লাহে তেওঁ ভালদৰে খোজ কাঢ়িবলৈ অসমৰ্থ হৈ পৰিল 

অৱশেষত তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগীয়া হয়। তেতিয়াৰ পৰাই তেওঁ বিচনাত আবদ্ধ হৈ আছে আৰু হুইল চেয়াৰৰ অবিহনে চলন ফুৰণ কৰিব নোৱাৰে।
I spent 14 hours a day on my phone — my addiction left me in a wheelchair
চিকিৎসকে জনোৱা মতে, মোবাইল ফোনৰ প্ৰতি আসক্তিৰ বাবে তেওঁ ভেৰ্টিগো নামৰ এক ৰোগত আক্ৰান্ত হৈছে। মূলতঃ ভেষ্টিবুলাৰ চিষ্টেমত হোৱা বিঘিনিৰ বাবেই ভেৰ্টিগো হয়। মগজুৰ অংশ বা শৰীৰক ভাৰসাম্য ৰক্ষা কৰা ভেষ্টিবুলাৰ নাৰ্ভৰ সমস্যা হ’লে ভাৰ্টিগো হ’ব পাৰে। কেৱল সেয়াই নহয়, কাণৰ ভিতৰত হোৱা সংক্ৰমণ, যাক ভেষ্টিবুলাৰ নিউৰাইটিছ বুলি জনা যায়, ইও ভেৰ্টিগোৰ অন্যতম কাৰণ হ’ব পাৰে।

এই সংক্ৰমণৰ ফলত কেইবাদিনো বমি আৰু মূৰ ঘূৰোৱা হ’ব পাৰে। আনকি শ্ৰৱণ ক্ষমতাও ক্ষতিগ্ৰস্ত হ’ব পাৰে। ভেৰ্টিগোৰ বাবে মগজুৰ ৰোগো হ’ব পাৰে। মাইগ্ৰেইন হ’লেও ভাৰ্টিগো হ’ব পাৰে।

চিকিৎসকে ফেনেলাক আগৰ দৰে ফোন ব্যৱহাৰ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে। চিকিৎসকৰ তত্বাৱধানত থাকি লাহে-লাহে ফেনেলা ফক্স সুস্থ হৈ উঠিছে। নিৰ্দিষ্ট সময়ৰ বাহিৰত ফোনটো ব্যৱহাৰ কৰিলেই তেওঁৰ পুনৰ ভেৰ্টিগোৰ সমস্যাটো ঘূৰি আহিব পাৰে। গতিকে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা সকলোৱে বিৰত থকা উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন