--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনটোৰ অবিহনে আমাৰ জীৱন আমি কল্পনাও কৰিব নোৱাৰো। ফোনটো আমাৰ প্ৰতি মিনিটৰ সংগী। আমি ৰাতি শোৱাৰ পৰলৈকে মোবাইল ফোনটোৰ লগত ব্যস্ত থাকো। 

আপুনি জানেনে মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত লাহে লাহে মানুহবোৰ বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এগৰাকী সুন্দৰী যুৱতী মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত এক জটিল ৰোগত আক্ৰান্ত হৈছে। ‘ডিজিটেল ভাৰ্টিগো’ত নামৰ এক জটিল ৰোগত আক্ৰান্ত হৈছে ফেনেলা ফক্স নামৰ যুৱতীগৰাকী। এই ৰোগৰ ফলত এতিয়া ২৯ বছৰীয়া ফেনেলাই হুইল চেয়াৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
Model left needing wheelchair 'after developing vertigo from using phone  too much' - Mirror Online
পৰ্তুগালত বাস কৰা ফেনেলাই পুৱাৰ পৰা নিশালৈকে বেছিভাগ সময় ইনষ্টাগ্ৰামত কটাইছিল। দিনটোৰ ১২ ঘন্টাতকৈও অধিক সময় ছ’চিয়েল মিডিয়াত অতিবাহিত কৰিছিল ফেনেলাই। ইনষ্টাগ্ৰামত ২ লাখৰ অধিক ফল’ৱাৰ্চ আছে যুৱতীগৰাকীৰ। 

মোবাইলত অধিক সময় কটোৱা বাবে ২০২১ চনৰ আৰম্ভণিতে মূৰৰ বিষ আৰু ডিঙিৰ বিষৰ সমস্যা আৰম্ভ হৈছিল ফেনেলাৰ। লাহে লাহে তেওঁৰ বিষ বাঢ়ি আহিছিল। মূৰ ঘূৰোৱা, বমি আদি লক্ষণে সঘনাই দেখা দিলে ফেনেলাৰ শৰীৰত। লাহে লাহে তেওঁ ভালদৰে খোজ কাঢ়িবলৈ অসমৰ্থ হৈ পৰিল 

অৱশেষত তেওঁ হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগীয়া হয়। তেতিয়াৰ পৰাই তেওঁ বিচনাত আবদ্ধ হৈ আছে আৰু হুইল চেয়াৰৰ অবিহনে চলন ফুৰণ কৰিব নোৱাৰে।
I spent 14 hours a day on my phone — my addiction left me in a wheelchair
চিকিৎসকে জনোৱা মতে, মোবাইল ফোনৰ প্ৰতি আসক্তিৰ বাবে তেওঁ ভেৰ্টিগো নামৰ এক ৰোগত আক্ৰান্ত হৈছে। মূলতঃ ভেষ্টিবুলাৰ চিষ্টেমত হোৱা বিঘিনিৰ বাবেই ভেৰ্টিগো হয়। মগজুৰ অংশ বা শৰীৰক ভাৰসাম্য ৰক্ষা কৰা ভেষ্টিবুলাৰ নাৰ্ভৰ সমস্যা হ’লে ভাৰ্টিগো হ’ব পাৰে। কেৱল সেয়াই নহয়, কাণৰ ভিতৰত হোৱা সংক্ৰমণ, যাক ভেষ্টিবুলাৰ নিউৰাইটিছ বুলি জনা যায়, ইও ভেৰ্টিগোৰ অন্যতম কাৰণ হ’ব পাৰে।

এই সংক্ৰমণৰ ফলত কেইবাদিনো বমি আৰু মূৰ ঘূৰোৱা হ’ব পাৰে। আনকি শ্ৰৱণ ক্ষমতাও ক্ষতিগ্ৰস্ত হ’ব পাৰে। ভেৰ্টিগোৰ বাবে মগজুৰ ৰোগো হ’ব পাৰে। মাইগ্ৰেইন হ’লেও ভাৰ্টিগো হ’ব পাৰে।

চিকিৎসকে ফেনেলাক আগৰ দৰে ফোন ব্যৱহাৰ কৰিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে। চিকিৎসকৰ তত্বাৱধানত থাকি লাহে-লাহে ফেনেলা ফক্স সুস্থ হৈ উঠিছে। নিৰ্দিষ্ট সময়ৰ বাহিৰত ফোনটো ব্যৱহাৰ কৰিলেই তেওঁৰ পুনৰ ভেৰ্টিগোৰ সমস্যাটো ঘূৰি আহিব পাৰে। গতিকে অত্যধিক মোবাইল ফোন ব্যৱহাৰ কৰাৰ পৰা সকলোৱে বিৰত থকা উচিত। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক