--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আৰম্ভণিতে আৰম্ভ কৰা নতুন চৰকাৰী ই-মাৰ্কেটপ্লেচ (জিইএম) লাৰ্নিং মেনেজমেণ্ট ছিষ্টেম হৈছে এটা অগ্ৰণী চৰকাৰী সমাধান যিয়ে বহুভাষিক আন্তঃপৃষ্ঠ আৰু এছচিঅ’আৰএম-সঙ্গতিপূৰ্ণ ইণ্টাৰেক্টিভ ই-লাৰ্নিং পাঠ্যক্ৰমত প্ৰৱেশৰ সুবিধা কৰে। GeM-এ ইয়াৰ ইণ্টাৰেক্টিভ আৰু বহুভাষিক এলএমএছক অতিৰিক্ত ছটা চৰকাৰী ভাষাত প্ৰৱৰ্তন কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰীৰ অনুকূল এই শিক্ষণ মঞ্চ এতিয়া ভাৰতৰ মুঠ বাৰটা চৰকাৰী ভাষাত উপলব্ধ হৈছে।

এই ই-লাৰ্নিং প্ৰশিক্ষণ পাঠ্যক্ৰমসমূহ বৰ্তমান বাৰটা চৰকাৰী ভাষাত – অসমীয়া, বাংলা, ইংৰাজী, গুজৰাটী, হিন্দী, কানাড়া, মালয়ালম, মাৰাঠী, উড়িয়া, পাঞ্জাবী, তামিল আৰু তেলেগু ভাষাত উপলব্ধ হৈছে, যি বৈচিত্ৰ্যপূৰ্ণ ব্যৱহাৰকাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ব্যৱহাৰকাৰীৰ অনুকূল এই ইণ্টাৰফেচে সমৰ্পিত গ্ৰন্থাগাৰসমূহ আৰু অগ্ৰগতি অনুসৰণ ডেচব'ৰ্ডৰ সৈতে ব্যৱহাৰকাৰীসকলক এটা উন্নত অভিজ্ঞতা প্ৰদান কৰে।

এলএমএছে ব্যৱহাৰকাৰীসকলক প্ৰগতিশীল শিক্ষণ আৰু মূল্যৱান প্ৰমাণপত্ৰৰে সৱলীকৰণ কৰিবলৈ চাৰিটা স্তৰৰ ক্ৰেতা প্ৰমাণীকৰণ কাৰ্যসূচী আগবঢ়ায়। ইয়াৰ উপৰিও, এই শিক্ষণ মঞ্চই ক্ৰেতা আৰু বিক্ৰেতাসকলক তেওঁলোকৰ দক্ষতা সৰ্বাধিক কৰিবলৈ বিষয় বা প্ৰমাণীকৰণ স্তৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ শিক্ষণ পথ বাছি ল’বলৈ দিয়ে।

জিএমৰ মুখ্য কাৰ্যবাহী বিষয়া  প্ৰশান্ত কুমাৰ সিঙে কয়, “সকলো চৰকাৰী সংস্থাৰ দ্বাৰা ক্ৰয়ৰ বাবে জিইএমৰ ব্যৱহাৰত গুৰুত্ব দিয়াৰ লগে লগে, এয়া জৰুৰী আছিল যে অংশীদাৰসকলক নীতিসমূহ আৰু ব্যৱহাৰিক দিশসমূহ বুজিবলৈ আৰু পৰ্টেলটোৰ সৈতে সহজে কাম কৰাত সহায়ৰ বাবে শিক্ষণৰ উপযুক্ত সুযোগ প্ৰদান কৰা হওক। এই দৃষ্টিভংগীৰেই, ইন্টাৰেক্টিভ আৰু বহুভাষিক এলএমএছ ১২টা চৰকাৰী ভাষাত মুকলি কৰা হৈছে।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন