ডিজিটেল ডেস্কঃ আইএএছ বিষয়া পূজা খেদকাৰৰ প্ৰমাণপত্ৰ জালিয়াতিৰ বিষয়টৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে ‘ব্যক্তিগত কাৰণ’ৰ কথা উল্লেখ কৰি ইউ পি এছ চিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে মনোজ ছোনীয়ে। ২০২৯ চনৰ মে’ মাহত তেওঁৰ কাৰ্যকাল শেষ হ’বলগীয়া আছিল। তাৰ আগতেই তেওঁ পদত্যাগ কৰিলে। আইএএছ বিষয়া পূজা খেডকাৰক লৈ বিতৰ্কৰ মাজতে তেওঁ গ্ৰহণ কৰা এই সিদ্ধান্তই নানান প্ৰশ্নৰ অৱতাৰণা কৰিছে। অৱশ্যে বিভাগটোৰ সূত্ৰই দাবী কৰিছে যে মনোজ ছোনীৰ পদত্যাগৰ সৈতে এই বিতৰ্কৰ কোনো সম্পৰ্ক নাই।
ৰাজনীতি বিজ্ঞানৰ বিশেষজ্ঞ হিচাপে সুপৰিচিত মনোজ ছোনীয়ে ইয়াৰ পূৰ্বে কমেও ৯ বছৰ গুজৰাটৰ দুখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০০৫ চনত তেওঁ বৰোদা মহাৰাজা স্বাজিৰাও বিশ্ববিদ্যালয়ত উপাচাৰ্য হিচাপে যোগদান কৰিছিল। সেই সময়ত মনোজ ছোনী আছিল দেশৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য।
২০২৩ চনৰ মে’ মাহত ইউ পি এছ চিৰ ব’ৰ্ডৰ দায়িত্ব গ্ৰহণ কৰিছিল মনোজ ছোনীয়ে। অৱশ্যে ২০১৭ চনৰ পৰাই তেওঁ ব’ৰ্ডত আছিল। তাৰ আগতে তেওঁ ৰাজনীতি বিজ্ঞানৰ বিশেষজ্ঞ হিচাপে গুজৰাটৰ দুখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। ২০০৫ চনত তেওঁ দেশৰ আটাইতকৈ কম বয়সীয়া উপাচাৰ্য হিচাপে পৰিগণিত হয়। ইউ পি এছ চিৰ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ এবছৰৰ ভিতৰতে তেওঁ ‘ব্যক্তিগত কাৰণ’ৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে।
প্ৰসংগক্ৰমে শুকুৰবাৰে পূজাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দশত অগ্ৰসৰ হৈছিল ইউ পি এছ চি। জালিয়াতিৰ আশ্ৰয় লোৱাৰ অভিযোগত পূজালৈ জাননী প্ৰেৰণ কৰা হৈছিল। লগতে তেওঁৰ বিৰুদ্ধে এফআইআৰো দাখিল কৰা হৈছে।
ভৱিষ্যতে যাতে পূজাই কোনো চৰকাৰী চাকৰিৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰে তাৰ বাবে কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে। মুঠতে চাকৰি হেৰুৱাৰ ভয় পূজাৰ বাবে অধিক প্ৰবল হ’বলৈ ৰিছে। এনে পৰিস্থিতিত মনোজ ছোনীয়ে ইউ পি এছ চিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ কথাই বহুতকে কিছু বিভ্ৰান্ত কৰি তোলা পৰিলক্ষিত হৈছে।