--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালে অতি সোনকালে মাউণ্ট এভাৰেষ্টলৈ যোৱা সকলো পৰ্বতাৰোহীৰ বাবে ইলেক্ট্ৰনিক চিপ লৈ যোৱাটো বাধ্যতামূলক কৰি তুলিব। বিশ্বৰ সৰ্বোচ্চ শৃংগত যিকোনো জৰুৰীকালীন অৱস্থাত উদ্ধাৰত সহায়ক হ’ব ই।

যেতিয়া মাউণ্ট এভাৰেষ্টৰ বাবে বগাই যোৱাৰ বতৰ আৰম্ভ হ’ব চৰকাৰে অতি সোনকালে এই বছৰৰ বসন্তৰ পৰা আৰম্ভ কৰি এনে চিপ বাধ্যতামূলক কৰাৰ বাবে নিয়ম প্ৰণয়ন কৰিব। এই চিপছৰ দাম প্ৰায় ১০ৰ পৰা ১৫ ডলাৰ হ’ব বুলি জনা গৈছে।

ভাৰত আৰু নেপালকে ধৰি সমগ্ৰ বিশ্বৰ হাজাৰ হাজাৰ পৰ্বতাৰোহীয়ে ৮,৮৪৯ মিটাৰ (২৯,০৩২ ফুট) উচ্চতাৰ মাউণ্ট এভাৰেষ্ট অৰ্থাৎ নেপালী ভাষাত সাগৰমাথাৰ প্ৰতি আকৰ্ষিত হয়। ইয়াৰে কেইবাজনো শিখৰত উপনীত হয় যদিও কিছুমানে হয় প্ৰাণ হেৰুৱায় নহয় আৰোহণ বা নামি যোৱাৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

নেপাল চৰকাৰৰ তথ্য অনুসৰি ১৯৫৩ চনৰ পৰা ৩০০ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। ২০২৩ চনৰ বসন্তকালত ২২ মে’লৈকে নেপালী বিষয়াসকলে জনোৱা মতে, মাউণ্ট এভাৰেষ্টলৈ নিজ নিজ অভিযানৰ সময়ত চাৰিজন নেপালী, এজন ভাৰতীয় আৰু এজন চীনাকে ধৰি ১২ জন পৰ্বতাৰোহীৰ মৃত্যু হয়।

১৮ হাজাৰ ফুট উচ্চতাত অৱস্থিত এভাৰেষ্ট বেছ কেম্প। বেছ কেম্পৰ পৰা ছামিটলৈকে যিকোনো অনুসন্ধান আৰু উদ্ধাৰ অভিযান বৰফৰ ধুমুহা, হিমস্খলন আৰু অন্যান্য চৰম বতৰৰ পৰিঘটনাৰ বাবে এক বিৰক্তিকৰ কাম হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন