--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আহিছে আন এক সুখবৰ৷ অসমৰ প্ৰতিভাৱান ক্ৰীড়া প্ৰতিভা প্ৰিয়ানুজ ভট্টাচাৰ্যই সুনাম কঢ়িয়াইছে অসমলৈ৷ শেহতীয়াকৈ প্ৰিয়ানুজ ভট্টাচাৰ্য নতুন ৰাষ্ট্ৰীয় চেম্পিয়ন হিচাপে পৰিগণিত হৈছে৷

সুদীৰ্ঘ এটা দশকৰ পাছত অসমৰ প্ৰথমগৰাকী পেডলাৰ হিচাপে তেওঁ ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ টেবুল টেনিছ প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰিছে। ইন্দোৰত অনুষ্ঠিত ৮৩সংখ্যক কেডেট আৰু ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ ৰা শাখাৰ ১৫ বছৰ অনুৰ্ধ শাখাত প্ৰিয়ানুজে এই চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

কালি অনুষ্ঠিত ফাইনেলত গুৱাহাটীৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈগৰাকীয়ে হিমাচল প্ৰদেশৰ নমন ভাটনগৰক -২ৰ ব্যৱধানত হৰুৱাই নতুন ৰাষ্ট্ৰীয় চেম্পিয়নৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷


মন কৰিবলগীয়া যে, অসমৰ অন্তিমগৰাকী ৰাষ্ট্ৰীয় চেম্পিয়ন আছিল বাৰ্ডি বড়ো। তেওঁ ২০১২ত ছাব-জুনিয়ৰ শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল। তেওঁৰ এই সফলতাই অসমৰ উদীয়মান পেডলাৰসকলক অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে৷ মন কৰিবলগীয়া যে, প্ৰিয়ানুজ অসমৰ আগশাৰীৰ বাস্কেটবল প্ৰশিক্ষক ভৱজ্যোতি ভট্টাচাৰ্যৰ সুযোগ্য সন্তান।

ইয়াৰ পূৰ্বে ২২ মে তেওঁ সুদূৰ মালদ্বীপৰ পৰা অসমলৈ সু-সংবাদ কঢ়িয়াই আনিছিল। মালদ্বীপত অনুষ্ঠিত দক্ষিণ এছিয়ান কেডেট আৰু জুনিয়ৰ টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। প্ৰতিভাৱান পেডলাৰগৰাকীয়ে প্ৰতিযোগিতাখনৰ ১৫ বছৰ অনূৰ্ধ শাখাৰ টীম ইভেণ্টত এই চমকপ্ৰদ সাফল্য লাভ কৰে।

দেশৰ হৈ সোণৰ পদক অৰ্জনৰ পথত প্ৰিয়ানুজে পাকিস্তান, নেপাল আৰু বাংলাদেশৰ দৰে দেশক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। মন কৰিবলগীয়া যে, যোৱা মাহত অসমৰ উদীয়মান পেডলাৰগৰাকীয়ে অষ্ট্ৰিয়াত অনুষ্ঠিত বিশ্ব যুৱ ণ্টেণ্ডাৰ (World Youth Contender) প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিছিল।

নতুন ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়ানুজক অসম টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ুষ হাজৰিকা, সম্পাদক ত্ৰিদীপ দুৱৰা আৰু সন্থাৰ সকলো কাৰ্যবাহী সদস্যই অভিনন্দন জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ