--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোচৰ চলি থকা সময়ছোৱাত উপভোক্তাৰ মানসিক অশান্তি আৰু গোচৰৰ সকলো খৰচৰ ক্ষতিপূৰণ দিয়াৰ বাবেও নির্দেশ দিয়ে আদালতে।

ডিজিটেল ডেস্ক: ইথানল মিশ্রিত পেট্ৰলৰ পৰা হোৱা ক্ষতিৰ সন্দৰ্ভত দেশত পঞ্জীয়ন হোৱা প্ৰথমটো গোচৰত উপভোক্তাৰ পক্ষত গ'ল আদালতৰ ৰায়। ছট্টিশগড়ৰ ৰায়পুৰ জিলা উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে বাহনৰ গৰাকীৰ পক্ষত ৰায়দান কৰে। অভিযোগকাৰীয়ে অভিযোগত উল্লেখ কৰিছিল যে তেওঁ ক্ৰয় কৰা ২০২৩ চনত নির্মিত মাৰুতি ছুজুকিৰ গ্ৰেণ্ড ভিটাৰা স্ট্রং হাইব্রিড জেটা প্লাছ বাহনখনত ই-২০ পেট্রল ভৰোৱাৰ পাছৰ পৰাই ইঞ্জিনৰ সমস্যাই দেখা দিছে। বাহনখনৰ কাৰ্যক্ষমতা দুৰ্বল হৈ পৰাৰ লগতে মাইলেজো হ্রাস পোৱা বুলি উল্লেখ কৰিছিল। 


ৰায়পুৰৰ উপভোক্তা আদালতে এই গোচৰৰ শুনানি গ্রহণ কৰি মাৰুতি ছুজুকি কোম্পানী আৰু উপভোক্তাজনে বাহন ক্ৰয় কৰা ডীলাৰটোক এই অক্ষম বাহনখনৰ স্থানত এখন নতুন বাহন অথবা ২০.৫০ লাখ টকা প্রদানৰ বাবে নির্দেশ দিয়ে। লগতে গোচৰ চলি থকা সময়ছোৱাত উপভোক্তাৰ মানসিক অশান্তি আৰু গোচৰৰ সকলো খৰচৰ ক্ষতিপূৰণ দিয়াৰ বাবেও নির্দেশ দিয়ে। 


উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে দেশত পেট্রলত ২০ শতাংশ ইথানল মিহলি কৰাৰ বাবে কিছুদিন পূৰ্বে সিদ্ধান্ত লৈছিল। চৰকাৰৰ এই সিদ্ধান্তৰ ফলত দেশৰ বিভিন্ন স্থানত উপভোক্তাৰ বহু বাহনত বিভিন্ন সমস্যাৰ সৃষ্টি হোৱাৰ তথ্য প্রকাশ পাইছে।

উৎস : দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ