--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিভিন্ন সময়ত মটৰ পৰিবহন বিভাগ আৰু বন বিভাগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত নিশা বন আৰু মটৰ পৰিবহন বিভাগে যৌথ অভিযান চলায়।

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ বনমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতে সষ্টম হৈ পৰিছে বন বিভাগ। ঠিক একেদৰে মটৰ পৰিবহন বিভাগেও অধিক সষ্টম হৈ ৰাজহ সংগ্ৰহ কৰিবলৈ উঠি পৰি লাগিছে। নিশা গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত কোকৰাঝাৰ জিলা মটৰ পৰিবহন বিভাগ আৰু বন বিভাগে চলালে যৌথ অভিযান। অভিযান চলাই শ্ৰীৰামপুৰৰ পৰা জব্দ কৰে চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ। 


ধুবুৰী অভিমুখে গৈ থকা শিল কঢ়িওৱা ডাম্পাৰ চাৰিখন জব্দ কৰি যাৱতীয় নথি-পত্ৰ পৰীক্ষা কৰাৰ অন্তত ওজন পৰীক্ষা কৰে। চাৰিওখন ডাম্পাৰত বহন ক্ষমতাত কৈ কম পৰিমাণৰ শিল বোজাই আছিল। বিভিন্ন সময়ত মটৰ পৰিবহন বিভাগ আৰু বন বিভাগৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ভিত্তিত নিশা বন আৰু মটৰ পৰিবহন বিভাগে যৌথ অভিযান চলায়।


অভিযান চলাই জব্দ কৰা ডাম্পাৰ চাৰিখনত নথি পত্ৰ পৰীক্ষা কৰি ওজন পৰীক্ষাৰ পাছত এৰি দিয়ে। বিভাগ দুটাই সদায় অভিযান চলাই আহিছে। মটৰ পৰিবহন বিভাগৰ নীতি নিয়ম উলংঘা কৰা ডাম্পাৰ সমূহ জব্দ কৰি জৰিমনা আদায় কৰি ৰাজহ সংগ্ৰহ কৰি আহিছে। মটৰ পৰিবহন বিভাগৰ অভিযান চলি থাকিব বুলি বন বিভাগৰ বিষয়াই জানিবলৈ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী