--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ এলএমচিত চৰকাৰে নিষিদ্ধ কৰিছে পানীপুৰী বা ফুচকা। কাঠমাণ্ডুৰ ফুচকাৰ পানীত কলেৰা বেক্টেৰিয়া পোৱা বুলি দাবী কৰা হৈছে। কাঠমাণ্ডুত বৰ্তমান কলেৰা ৰোগ বিয়পি পৰিছে। নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ফুচকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা অহা সতৰ্কবাণীৰ লগে লগে কাঠমাণ্ডুত ফুচকা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। ৰাজধানী কাঠমাণ্ডুৰ ললিতপুৰ মহানগৰত বৃদ্ধি পোৱা কলেৰাত ১২ জন লোক পজিটিভ পোৱা গৈছে। ললিতপুৰ মহানগৰীত দাবী কৰা হৈছে যে ফুচকাৰ বাবে কলেৰা বেক্টেৰিয়া ভৰি থকা পানী ব্যৱহাৰ কৰা হৈছে। 

চহৰৰ আৰক্ষী অধীক্ষক সীতাৰাম হাচেট্টুৱে জনোৱা মতে, মহানগৰীৰ জনবহুল অঞ্চল আৰু কৰিডৰ এলেকাত পানীপুৰী বিক্ৰী বন্ধ কৰাৰ বাবে আভ্যন্তৰীণ প্ৰস্তুতি চলোৱা হৈছে। স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কাঠমাণ্ডু উপত্যকাত মুঠ কলেৰা ৰোগীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। মহানগৰীত কলেৰাৰ সংক্ৰমণৰ আশংকা বৃদ্ধি হোৱা বাবে তৎক্ষণাৎ ফুচকা বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ মহামাৰী বিজ্ঞান আৰু ৰোগ নিয়ন্ত্ৰণ সংমণ্ডলৰ সঞ্চালক সুমনলাল দাসৰ মতে, কাঠমাণ্ডু মহানগৰত ৫ গৰাকী আৰু চন্দ্ৰগিৰি পৌৰসভা আৰু বুধনীলকান্ত পৌৰসভাত এজনকৈ লোক কলেৰাত আক্ৰান্ত হৈছে। 

বিশেষকৈ গ্ৰীষ্ম আৰু বাৰিষা কালত ডায়েৰিয়া, কলেৰা আদি পানীজনিত ৰোগ বিয়পি পৰাত সকলোকে সজাগ হ’বলৈ অনুৰোধ জনাইছে মন্ত্ৰালয়ে। ইয়াৰ পূৰ্বে ৰাজধানীৰ বিভিন্ন প্ৰান্তত ৫ গৰাকী লোক কলেৰাত আক্ৰান্ত হোৱা দেখা গৈছিল। ইয়াৰে দুজন আক্ৰান্তৰ ইতিমধ্যে চিকিৎসা কৰি ডিচচাৰ্জ কৰা হৈছে। ইফালে, স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰণালয়ে লোকসকলক কলেৰাৰ কোনো লক্ষণ দেখা দিলে তৎক্ষণাত নিজৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি