--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ এলএমচিত চৰকাৰে নিষিদ্ধ কৰিছে পানীপুৰী বা ফুচকা। কাঠমাণ্ডুৰ ফুচকাৰ পানীত কলেৰা বেক্টেৰিয়া পোৱা বুলি দাবী কৰা হৈছে। কাঠমাণ্ডুত বৰ্তমান কলেৰা ৰোগ বিয়পি পৰিছে। নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ফুচকা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

নেপালৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা অহা সতৰ্কবাণীৰ লগে লগে কাঠমাণ্ডুত ফুচকা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয়। ৰাজধানী কাঠমাণ্ডুৰ ললিতপুৰ মহানগৰত বৃদ্ধি পোৱা কলেৰাত ১২ জন লোক পজিটিভ পোৱা গৈছে। ললিতপুৰ মহানগৰীত দাবী কৰা হৈছে যে ফুচকাৰ বাবে কলেৰা বেক্টেৰিয়া ভৰি থকা পানী ব্যৱহাৰ কৰা হৈছে। 

চহৰৰ আৰক্ষী অধীক্ষক সীতাৰাম হাচেট্টুৱে জনোৱা মতে, মহানগৰীৰ জনবহুল অঞ্চল আৰু কৰিডৰ এলেকাত পানীপুৰী বিক্ৰী বন্ধ কৰাৰ বাবে আভ্যন্তৰীণ প্ৰস্তুতি চলোৱা হৈছে। স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰালয়ৰ তথ্য অনুসৰি কাঠমাণ্ডু উপত্যকাত মুঠ কলেৰা ৰোগীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। মহানগৰীত কলেৰাৰ সংক্ৰমণৰ আশংকা বৃদ্ধি হোৱা বাবে তৎক্ষণাৎ ফুচকা বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ মহামাৰী বিজ্ঞান আৰু ৰোগ নিয়ন্ত্ৰণ সংমণ্ডলৰ সঞ্চালক সুমনলাল দাসৰ মতে, কাঠমাণ্ডু মহানগৰত ৫ গৰাকী আৰু চন্দ্ৰগিৰি পৌৰসভা আৰু বুধনীলকান্ত পৌৰসভাত এজনকৈ লোক কলেৰাত আক্ৰান্ত হৈছে। 

বিশেষকৈ গ্ৰীষ্ম আৰু বাৰিষা কালত ডায়েৰিয়া, কলেৰা আদি পানীজনিত ৰোগ বিয়পি পৰাত সকলোকে সজাগ হ’বলৈ অনুৰোধ জনাইছে মন্ত্ৰালয়ে। ইয়াৰ পূৰ্বে ৰাজধানীৰ বিভিন্ন প্ৰান্তত ৫ গৰাকী লোক কলেৰাত আক্ৰান্ত হোৱা দেখা গৈছিল। ইয়াৰে দুজন আক্ৰান্তৰ ইতিমধ্যে চিকিৎসা কৰি ডিচচাৰ্জ কৰা হৈছে। ইফালে, স্বাস্থ্য আৰু জনসংখ্যা মন্ত্ৰণালয়ে লোকসকলক কলেৰাৰ কোনো লক্ষণ দেখা দিলে তৎক্ষণাত নিজৰ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ গৈ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ