--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আগে আগে দৌৰিছে প্ৰধানমন্ত্ৰীয়ে, আৰু পিছে পিছে আৰক্ষীৰ দল। নাই, প্ৰধানমন্ত্ৰীৰ দেহৰক্ষী হৈ নহয়; তেওঁক আটক কৰিবলৈহে আৰক্ষীৰ এই দৌৰ। আৰু আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ আশাত প্ৰাণটাকি দৌৰিছে প্ৰধানমন্ত্ৰীয়ে! এখন দেশৰ প্ৰধানমন্ত্ৰী দেশখনৰে আৰক্ষীৰ হাতত এনেদৰে অপদস্থ হোৱাৰ কল্পনা কৰিব পাৰি নে ? তাকো এখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ চলি থকা অৱস্থাত দৰ্শকৰ গেলাৰীত! আচৰিত যেন লাগিলেও এই আজৱ ঘটনা সংঘটিত হৈছে ইংলেণ্ডত। ইংলেণ্ডৰ হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত দেওবাৰে এই আশ্চৰ্যকৰ কাণ্ড সংঘটিত হৈছে। 

হেডিংলিত চলি আছে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট। শুকুৰবাৰে টেষ্টখনৰ দ্বিতীয় দিনা ষ্টেডিয়ামৰ গেলাৰীত দেখিবলৈ পোৱা যায় এই বিৰল দৃশ্য। আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ গেলাৰীৰ সন্মুখেৰে দৌৰ লগাইছে খোদ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে আৰু তেওঁক ধৰিবলৈ পিছে পিছে দৌৰিছে আৰক্ষীৰ এটা দল। 

স্বাভাৱিকতে এই সমগ্ৰ ঘটনাই  সকলোকে হতচকিত কৰি তুলিছে। খোদ ইংৰাজ প্ৰধানমন্ত্ৰীয়েই এইদৰে আৰক্ষীৰ পৰা বাচিবলৈ পলায়ন কৰাটো একপ্ৰকাৰে আশ্চৰ্যজনক। পিছে ঘটনাটোত এক টুইষ্ট আছে। 

সম্প্ৰতি ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখিবলৈ পোৱা এই বৰিছ জনছন প্ৰকৃততে আচল গৰাকী নহয়। জনছনৰ দৰে বেশ-ভূষাত এইয়া দেশখনৰ এগৰাকী সাধাৰণ নাগৰিকহে। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দৰে একে পোছাক পৰিধান কৰি এটা বগা উইগ লগাই এই লোকজনে জনছনৰ বিৰুদ্ধে এক প্ৰতীকি প্ৰতিবাদহে সাব্যস্ত কৰিছিল। 

জনছনৰ দৰে সাজিকাচি গেলাৰীৰ সন্মুখভাগেৰে দৌৰ দিয়া এই নকল জনছনক ধৰিবলৈ পিছে পিছে খেদি যোৱা আৰক্ষীৰ দলটোও নকল। আৰক্ষীৰ পোছাক পিন্ধা এই লোককেইজন নকল জনছনৰে বন্ধু। 

ব্ৰেটেইনৰ অনলাইন কাকত ইণ্ডি ১০০-এ প্ৰকাশ কৰা মতে শেহতীয়া পাৰ্টিগেট কেলেংকাৰী অপৰাধৰ সৈতে সাঙুৰ খাই পৰা প্ৰধানমন্ত্ৰী বৰিছ জনছনক উপহাস কৰাৰ অৰ্থে এই প্ৰতীকি প্ৰতিবাদ কৰা হৈছে। ক’ভিদ মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ক’ভিদ আইন ভংগ কৰি জনছনে জন্মদিনৰ অনুষ্ঠান আয়োজন কৰিছিল।

জনছনৰ এই অনুষ্ঠানত ছয়গৰাকী অতিথিও উপস্থিত আছিল। ক’ভিদ আইন ভংগ কৰি এইদৰে জন্মদিন উদযাপন কৰাৰ বাবে মেট্ৰ'পলিটান পুলিচে জনছনৰ বিৰুদ্ধে তদন্তও কৰিছিল। আনকি ২০২০ চনৰ এই জন্মদিনৰ পাৰ্টিৰ বাবে জনছনক জৰিমনাও বিহা হৈছিল। 

এই আইন ভংগকাৰী অপৰাধৰ পিছত ইংলেণ্ড প্ৰধানমন্ত্ৰী গৰাকী এই মাহৰ আৰম্ভণিতে অনাস্থা ভোটৰ সন্মুখীন হৈছিল। অৱশ্যে অনাস্থা ভোটত জয়লাভেৰে নিজৰ পদবী অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয় জনছন। 

জনছনৰ এই অপৰাধক উপহাস কৰিয়ে দেওবাৰে হেডিংলি ক্ৰিকেট গ্ৰাউণ্ডত এইদৰে বৰিছ জনছনক আৰক্ষীয়ে খেদি যোৱাৰ দৰে প্ৰতীকি ৰূপত দেখুওৱাই লোক কেইজনে। তেওঁলোকৰ এই নাটকীয় ভাৱ-ভংগী ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকসকলে খুবেই উপভোগ কৰে। 

ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই হাস্যকৰ ভিডিঅ’টোত স্পষ্টৰূপত শুনিবলৈ পোৱা যায় ষ্টেডিয়ামত উপস্থিত দৰ্শকৰ হৰ্ষোল্লাস। টুইটাৰত সম্প্ৰতি এই ভিডিঅ’টো লক্ষাধিক দৰ্শকে উপভোগ কৰাৰ লগতে টুইটাৰ ব্যৱহাৰকাৰীসকলে ৰসাল মন্তব্যৰে ভৰাই তুলিছে কমেণ্ট বক্স।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ