--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হামাছে ২০২৩ চনৰ ৭ অক্টোবৰত কৰা ইজৰাইল আক্ৰমণ আৰু তাৰ লগে লগে ইজৰাইলে গাজাত চলোৱা ধ্বংসলীলাৰ প্ৰায় ১৬ মাহৰ পাছত গাজাত দেখা গ'ল সশস্ত্র হামাছৰ বিৰুদ্ধে পেলেষ্টাইনীৰ বিৰল প্ৰতিবাদ। 

উত্তৰ গাজাৰ ৪ পিঠিলৈ ধ্বংস কৰা নগৰ বেইট লাহিয়াত যুদ্ধৰ বিৰুদ্ধে,হামাছৰ বিৰুদ্ধে সমবেত হোৱা দুই সহস্রাধিক লোকৰ এই প্ৰতিবাদ সংবাদ মাধ্যমৰ মতে ২০২৩ চনৰ ৭ অক্টোবৰৰ পাছত হামাছৰ বিৰুদ্ধে বৃহত্তম প্রতিবাদ আছিল। প্রতিবাদীসকলে হামাছৰ বিৰুদ্ধে শ্ল'গান দিয়ে আৰু ইজৰাইলৰ সৈতে চলি থকা যুদ্ধ তাৎক্ষণিকভাৱে অন্ত পেলাবলৈ দাবী জনায়। 

সামাজিক মাধ্যমত প্ৰচাৰিত ফটো আৰু ভিডিঅ'ত দেখা গৈছে প্রধানতঃ পুৰুষ থকা এই প্রতিবাদী কাৰ্যসূচীত সমবেত লোকে 'হামাছ বাহিৰ হওক' আৰু 'হামাছ সন্ত্রাসবাদী' বুলি শ্ল'গান দিয়ে। প্রতিবাদকাৰীয়ে 'যুদ্ধ বন্ধ কৰক', 'আমি মৰিবলৈ ইচ্ছুক নহয়', 'আমাৰ শিশুহঁতৰ তেজ সস্তীয়া নহয়' আৰু 'পেলেষ্টাইনৰ শিশুৱে জীয়াই থাকিবলৈ বিচাৰে' আদি প্লে' কার্ডো প্ৰদৰ্শন কৰে। 

উল্লেখযোগ্য যে দুমাহৰ যুদ্ধ-বিৰতিৰ অন্ত পেলাই ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) প্রবল বোমা বৰ্ষণ কৰাৰ এসপ্তাহৰ পাছতে পেলেষ্টাইনীসকলৰ এই বিৰল ৰাজহুৱা ধর্ণা দেখিবলৈ পোৱা যায়। কিছু প্রতিবাদীয়ে মুকলিভাৱেই হামাছক আঁতৰিবলৈ কৈ চিঞৰে, 'মানুহে হামাছক ক্ষমতাচ্যুত কৰিবলৈ বিচাৰে।' প্রতিবাদত অংশগ্ৰহণ কৰা বেইট লাহিয়াৰ আম্মাৰ হাচান নামৰ এজন তৰুণে কয়, 'আমি বোমা বর্ষণ, হত্যা আৰু ভগনীয়া হোৱাক লৈ অত্যন্ত বিৰক্ত হৈছোঁ।' তেওঁ আৰু জনায় যে যুদ্ধ-বিৰোধী এই প্রতিবাদ মাত্র কেইডজনমান লোকক লৈ আৰম্ভ হৈছিল যদিও পাছত হামাছৰ বিৰুদ্ধে শ্ল'গান দি সমবেত হোৱা লোকৰ সংখ্যা দুই সহস্রাধিক হয়গৈ। 

আন এজন প্রতিবাদকাৰীয়ে কয়, ' যুদ্ধ বহুত হ'ল- এই বার্তা প্ৰেৰণ কৰিবলৈকে মই প্রতিবাদত অংশগ্রহণ কৰিছোঁ।' তেওঁ আৰু দাবী কৰে যে অসামৰিক পোছাকত অহা হামাছৰ নিৰাপত্তা গোটৰ লোকে উক্ত ধর্ণাত সমৱেত লোকক ছত্রভংগ দিয়াবলৈ চেষ্টা কৰিছিল। 

তেওঁ আগলৈ কয়, 'এই প্রতিবাদে (ইজৰাইলী) দখল বন্ধ কৰিব নোৱাৰে, কিন্তু ই হামাছক প্ৰভাৱান্বিত কৰিব পাৰে।' সমীপৰ বেইট হানুনৰ পৰা অহা আন এজন প্ৰতিবাদকাৰী মহম্মদ আবু চাকেৰে কয়, 'এই প্রতিবাদ ৰাজনীতিৰ বিষয়ক নহয়। এইটো জনসাধাৰণৰ জীৱন বিষয়ক।' মাজদী নামৰ এজন প্ৰতিবাদকাৰীয়ে কয়, 'মানুহে শান্তি বিচাৰিছে। যদি হামাছে গাজাৰ ক্ষমতা এৰাটোৱেই সমাধান, কিয় হামাছে মানুহক সুৰক্ষা দিবলৈ ক্ষমতা এৰি নিদিয়ে?' 

উল্লেখযোগ্য যে হামাছে ৫৯জন পণবন্দীক (যাৰ ভিতৰত ২৪জন জীয়াই আছে বুলি ভবা হৈছে) এৰি নিদিয়ালৈকে ইজৰাইলে যুদ্ধ তীব্ৰতৰ কৰাৰ সংকল্প লৈছে। তদুপৰি, ইজৰাইলে হামাছক ক্ষমতা এৰি দিবলৈ, অস্ত্ৰ সম্বৰণ কৰিবলৈ আৰু হামাছৰ নেতাক নির্বাসিত কৰিবলৈ দাবী জনাইছে। ইফালে, হামাছে কৈছে যে ইজৰাইলত বন্দী পেলেষ্টাইনীৰ মুক্তি, দীর্ঘস্থায়ী যুদ্ধ-বিৰতি আৰু ইজৰাইলে গাজাৰ পৰা সৈন্য প্রত্যাহাৰ কৰিলেহে তেওঁলোকে বাকী থকা পণবন্দীক মুক্তি দিব। 

উল্লেখযোগ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে হঠাতে কৰা ইজৰাইল আক্ৰমণত ১,২০০ লোকৰ মৃত্যু হৈছিল আৰু সংগঠনটোৱে ২৫২গৰাকী লোকক বন্দী কৰি লৈ গৈছিল। ইফালে, ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে লগে লগে আৰম্ভ কৰা গাজা আক্ৰমণত এতিয়ালৈকে প্রায় ৫০,০০০ পেলেষ্টাইনীৰ মৃত্যু হৈছে আৰু লাখ লাখ লোক ভগনীয়া হৈছে। আনকি যোৱা সপ্তাহত ইজৰাইলে কৰা পুনৰ আক্ৰমণৰ পাছত এসপ্তাহতে গাজাত ভগনীয়া হৈছে ১,৪০,০০০ লোক।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়