--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : হামাছে ২০২৩ চনৰ ৭ অক্টোবৰত কৰা ইজৰাইল আক্ৰমণ আৰু তাৰ লগে লগে ইজৰাইলে গাজাত চলোৱা ধ্বংসলীলাৰ প্ৰায় ১৬ মাহৰ পাছত গাজাত দেখা গ'ল সশস্ত্র হামাছৰ বিৰুদ্ধে পেলেষ্টাইনীৰ বিৰল প্ৰতিবাদ। 

উত্তৰ গাজাৰ ৪ পিঠিলৈ ধ্বংস কৰা নগৰ বেইট লাহিয়াত যুদ্ধৰ বিৰুদ্ধে,হামাছৰ বিৰুদ্ধে সমবেত হোৱা দুই সহস্রাধিক লোকৰ এই প্ৰতিবাদ সংবাদ মাধ্যমৰ মতে ২০২৩ চনৰ ৭ অক্টোবৰৰ পাছত হামাছৰ বিৰুদ্ধে বৃহত্তম প্রতিবাদ আছিল। প্রতিবাদীসকলে হামাছৰ বিৰুদ্ধে শ্ল'গান দিয়ে আৰু ইজৰাইলৰ সৈতে চলি থকা যুদ্ধ তাৎক্ষণিকভাৱে অন্ত পেলাবলৈ দাবী জনায়। 

সামাজিক মাধ্যমত প্ৰচাৰিত ফটো আৰু ভিডিঅ'ত দেখা গৈছে প্রধানতঃ পুৰুষ থকা এই প্রতিবাদী কাৰ্যসূচীত সমবেত লোকে 'হামাছ বাহিৰ হওক' আৰু 'হামাছ সন্ত্রাসবাদী' বুলি শ্ল'গান দিয়ে। প্রতিবাদকাৰীয়ে 'যুদ্ধ বন্ধ কৰক', 'আমি মৰিবলৈ ইচ্ছুক নহয়', 'আমাৰ শিশুহঁতৰ তেজ সস্তীয়া নহয়' আৰু 'পেলেষ্টাইনৰ শিশুৱে জীয়াই থাকিবলৈ বিচাৰে' আদি প্লে' কার্ডো প্ৰদৰ্শন কৰে। 

উল্লেখযোগ্য যে দুমাহৰ যুদ্ধ-বিৰতিৰ অন্ত পেলাই ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আই ডি এফ) প্রবল বোমা বৰ্ষণ কৰাৰ এসপ্তাহৰ পাছতে পেলেষ্টাইনীসকলৰ এই বিৰল ৰাজহুৱা ধর্ণা দেখিবলৈ পোৱা যায়। কিছু প্রতিবাদীয়ে মুকলিভাৱেই হামাছক আঁতৰিবলৈ কৈ চিঞৰে, 'মানুহে হামাছক ক্ষমতাচ্যুত কৰিবলৈ বিচাৰে।' প্রতিবাদত অংশগ্ৰহণ কৰা বেইট লাহিয়াৰ আম্মাৰ হাচান নামৰ এজন তৰুণে কয়, 'আমি বোমা বর্ষণ, হত্যা আৰু ভগনীয়া হোৱাক লৈ অত্যন্ত বিৰক্ত হৈছোঁ।' তেওঁ আৰু জনায় যে যুদ্ধ-বিৰোধী এই প্রতিবাদ মাত্র কেইডজনমান লোকক লৈ আৰম্ভ হৈছিল যদিও পাছত হামাছৰ বিৰুদ্ধে শ্ল'গান দি সমবেত হোৱা লোকৰ সংখ্যা দুই সহস্রাধিক হয়গৈ। 

আন এজন প্রতিবাদকাৰীয়ে কয়, ' যুদ্ধ বহুত হ'ল- এই বার্তা প্ৰেৰণ কৰিবলৈকে মই প্রতিবাদত অংশগ্রহণ কৰিছোঁ।' তেওঁ আৰু দাবী কৰে যে অসামৰিক পোছাকত অহা হামাছৰ নিৰাপত্তা গোটৰ লোকে উক্ত ধর্ণাত সমৱেত লোকক ছত্রভংগ দিয়াবলৈ চেষ্টা কৰিছিল। 

তেওঁ আগলৈ কয়, 'এই প্রতিবাদে (ইজৰাইলী) দখল বন্ধ কৰিব নোৱাৰে, কিন্তু ই হামাছক প্ৰভাৱান্বিত কৰিব পাৰে।' সমীপৰ বেইট হানুনৰ পৰা অহা আন এজন প্ৰতিবাদকাৰী মহম্মদ আবু চাকেৰে কয়, 'এই প্রতিবাদ ৰাজনীতিৰ বিষয়ক নহয়। এইটো জনসাধাৰণৰ জীৱন বিষয়ক।' মাজদী নামৰ এজন প্ৰতিবাদকাৰীয়ে কয়, 'মানুহে শান্তি বিচাৰিছে। যদি হামাছে গাজাৰ ক্ষমতা এৰাটোৱেই সমাধান, কিয় হামাছে মানুহক সুৰক্ষা দিবলৈ ক্ষমতা এৰি নিদিয়ে?' 

উল্লেখযোগ্য যে হামাছে ৫৯জন পণবন্দীক (যাৰ ভিতৰত ২৪জন জীয়াই আছে বুলি ভবা হৈছে) এৰি নিদিয়ালৈকে ইজৰাইলে যুদ্ধ তীব্ৰতৰ কৰাৰ সংকল্প লৈছে। তদুপৰি, ইজৰাইলে হামাছক ক্ষমতা এৰি দিবলৈ, অস্ত্ৰ সম্বৰণ কৰিবলৈ আৰু হামাছৰ নেতাক নির্বাসিত কৰিবলৈ দাবী জনাইছে। ইফালে, হামাছে কৈছে যে ইজৰাইলত বন্দী পেলেষ্টাইনীৰ মুক্তি, দীর্ঘস্থায়ী যুদ্ধ-বিৰতি আৰু ইজৰাইলে গাজাৰ পৰা সৈন্য প্রত্যাহাৰ কৰিলেহে তেওঁলোকে বাকী থকা পণবন্দীক মুক্তি দিব। 

উল্লেখযোগ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে হঠাতে কৰা ইজৰাইল আক্ৰমণত ১,২০০ লোকৰ মৃত্যু হৈছিল আৰু সংগঠনটোৱে ২৫২গৰাকী লোকক বন্দী কৰি লৈ গৈছিল। ইফালে, ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে লগে লগে আৰম্ভ কৰা গাজা আক্ৰমণত এতিয়ালৈকে প্রায় ৫০,০০০ পেলেষ্টাইনীৰ মৃত্যু হৈছে আৰু লাখ লাখ লোক ভগনীয়া হৈছে। আনকি যোৱা সপ্তাহত ইজৰাইলে কৰা পুনৰ আক্ৰমণৰ পাছত এসপ্তাহতে গাজাত ভগনীয়া হৈছে ১,৪০,০০০ লোক।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ