--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ভাৰত ভ্ৰমণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা নিমন্ত্রণ পুটিনে গ্রহণ কৰিছে আৰু সেই ভ্ৰমণৰ বাবে প্রস্তুতি চলাই থকা হৈছে। ৰুছ বিদেশ মন্ত্রী ছার্গে লাভৰ'ভে বৃহস্পতিবাৰে এই কথা জনায়। 

ৰুছ আন্তঃৰাষ্ট্ৰীয়  পৰিক্ৰমা পৰিষদে (আৰ আই এ চি)আয়োজন কৰা 'ৰাছিয়া আৰু ভাৰত : এক নতুন দ্বিপাক্ষিক কৰ্মসূচীৰ ফালে' শীর্ষক এক সম্মিলনত ভার্চুৱেলি ভাষণ দি লাভৰ'ভে কয়, 'পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে বৰ্তমান ব্যৱস্থা-পাতি কৰি থকা হৈছে।' যোৱা বছৰ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত মোদীয়ে কৰা ৰাছিয়ালৈ প্ৰথম বিদেশ ভ্রমণৰ কথাও লাভৰ'ভে উল্লেখ কৰে। 

তেওঁ কয়, 'এতিয়া আমাৰ পাল।' অৱশ্যে পুটিনৰ ভ্ৰমণৰ দিনৰ কথা এতিয়াও প্রকাশ কৰা হোৱা নাই। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে ২০২৪ চনৰ জুলাইত প্রায় পাঁচ বছৰৰ পাছত ৰাছিয়ালৈ প্রথমটো ভ্রমণ কার্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ আগতে ২০১৯ চনত এখন অর্থনৈতিক সম্মিলনৰ বাবে তেওঁ ৰাছিয়াৰ পূব অঞ্চলৰ মহানগৰ ভলাডিভ'স্তক ভ্ৰমণ কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ