--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক ভাৰত ভ্ৰমণৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা নিমন্ত্রণ পুটিনে গ্রহণ কৰিছে আৰু সেই ভ্ৰমণৰ বাবে প্রস্তুতি চলাই থকা হৈছে। ৰুছ বিদেশ মন্ত্রী ছার্গে লাভৰ'ভে বৃহস্পতিবাৰে এই কথা জনায়। 

ৰুছ আন্তঃৰাষ্ট্ৰীয়  পৰিক্ৰমা পৰিষদে (আৰ আই এ চি)আয়োজন কৰা 'ৰাছিয়া আৰু ভাৰত : এক নতুন দ্বিপাক্ষিক কৰ্মসূচীৰ ফালে' শীর্ষক এক সম্মিলনত ভার্চুৱেলি ভাষণ দি লাভৰ'ভে কয়, 'পুটিনৰ ভাৰত ভ্ৰমণৰ বাবে বৰ্তমান ব্যৱস্থা-পাতি কৰি থকা হৈছে।' যোৱা বছৰ পুনৰ নিৰ্বাচিত হোৱাৰ পাছত মোদীয়ে কৰা ৰাছিয়ালৈ প্ৰথম বিদেশ ভ্রমণৰ কথাও লাভৰ'ভে উল্লেখ কৰে। 

তেওঁ কয়, 'এতিয়া আমাৰ পাল।' অৱশ্যে পুটিনৰ ভ্ৰমণৰ দিনৰ কথা এতিয়াও প্রকাশ কৰা হোৱা নাই। উল্লেখযোগ্য যে প্রধানমন্ত্রী মোদীয়ে ২০২৪ চনৰ জুলাইত প্রায় পাঁচ বছৰৰ পাছত ৰাছিয়ালৈ প্রথমটো ভ্রমণ কার্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ আগতে ২০১৯ চনত এখন অর্থনৈতিক সম্মিলনৰ বাবে তেওঁ ৰাছিয়াৰ পূব অঞ্চলৰ মহানগৰ ভলাডিভ'স্তক ভ্ৰমণ কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ