--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯ বছৰৰ অন্তত মুক্তিলাভ কৰিব ‘বিকিনি কিলাৰ’ চাৰ্লছ শোভৰাজে৷ নেপালৰ জেলত সম্প্ৰতি কাৰাৰুদ্ধ হৈ আছে ফৰাচীমূলীয় শোভৰাজ৷ সংবাদ সংস্থা এএনআইয়ে এই কথা জনাইছে৷

উল্লেখ্য যে সত্তৰ আৰু আশীৰ দশকত থাইলেণ্ডকে ধৰি বিভিন্ন দেশত মহিলা পৰ্যটকসকল শোভৰাজৰ চিকাৰ হৈছিল৷ বিশেষকৈ বিকিনি পৰিহিতা মহিলাসকলক এওঁ মাদকদ্ৰব্য খুৱাই হত্যা কৰিছিল৷

হত্যাকাণ্ডসমূহৰ ধৰণ দেখি তেওঁক স্প্লিটিং কিলাৰ আখ্যা দিয়া হৈছিল৷ প্ৰতিটো হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে তেওঁ বিভিন্ন কায়দাৰে পলায়ন কৰিবলৈ সক্ষম হয়৷ আনকি জেলৰ পৰাও কেইবাবাৰো পলায়ন কৰি আহিছে৷ সেইবাবে তেওঁক ‘দা চাৰপেণ্ট’ আখ্যা দিয়া হয়৷

বিশ্বৰ অন্যতম কুখ্যাত এই চিৰিয়েল কিলাৰগৰাকীয়ে ভাৰতৰ তিহাৰ জেলতো আছিল দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ আছিল৷ দিল্লীত ৩ গৰাকী পৰ্যটক মহিলাক এওঁ বিষ খুৱাই হত্যা কৰিছিল৷ কিন্তু তিহাৰ জেলৰ পৰা ১৯৮৬ চনত পলাবলৈ সক্ষম হৈছিল শোভৰাজ৷ কিন্তু কিছুদিন পাছতে গোৱাৰ এখন ৰেষ্টুৰাঁৰ পৰা পুনৰ গ্ৰেপ্তাৰ কৰা হয়৷

১৯৯৭ চনত ভাৰতৰ পৰা মুক্তিলাভ কৰি ফ্ৰান্সলৈ ঘূৰি যায় শোভৰাজ৷ তাৰপাছত নেপাললৈ আহে তেওঁ৷ নেপালত আন এটা হত্যাকাণ্ডৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷

১৯৭৫ চনত নেপালৰ কাঠমাণ্ডুত দুগৰাকী পৰ্যটকক হত্যা কৰিছিল শোভৰাজে৷ নেপালৰ আদালতে যাজ্জীৱন কাৰাদণ্ড বিহিছিল শোভৰাজৰ ওপৰত৷ তাৰপাছতে নেপালৰ চুপ্ৰীম কোৰ্টত মুক্তিৰ আবেদন কৰিছিল বিকিনি কিলাৰগৰাকীয়ে৷ অৱশেষত এই আৱেদন মঞ্জুৰ কৰে৷

একাধিক ভাষাত পাৰদৰ্শী শোভৰাজৰ আকৰ্ষণীয় ব্যক্তিত্ব আৰু সুদৰ্শন চেহেৰাৰ বাবে মহিলাসকল সহজে আকৰ্ষিত হৈ উঠে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ