--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে প্ৰিয় বান্ধৱীৰ স’তে প্ৰথম ডেটিঙত আপুনি প্ৰাৰম্ভিক কথা-বাৰ্তা পাতে, দুয়ো আন্তৰিক হ’বলৈ চেষ্টা কৰে৷ তাৰপাছতহে বাকীবিলাক আগবাঢ়ে৷ প্ৰথম ডেটতে চুম্বনত লিপ্ত হোৱাটো বহুতৰে বাবে সপোনস্বৰূপ৷ কিন্তু প্ৰথম দেখাতে ওঁঠত ওঁঠ থৈ চুম্বন কৰাৰ নতুন পৰম্পৰা আঁকোৱালি লৈছে চীনদেশৰ যুৱক-যুৱতীসকলে৷

সাম্প্ৰতিক এটা সমীক্ষাত দাবী কৰা হৈছে যে চীনৰ যুৱ সমাজত অচিনাকী কাৰোবাক চুম্বন কৰাটো ট্ৰেণ্ডিং হৈ পৰিছে৷ স্থানীয় ভাষাত এই ট্ৰেণ্ডটোক ‘যুই ইউ’ বুলি নামাকৰণ কৰা হৈছে৷

সাধাৰণতে পশ্চিমীয়া দেশসমূহত উদাৰ প্ৰেমৰ পৰম্পৰা আছে৷ তাত সামাজিক ভাৱে চুম্বন কৰাটো কোনো অস্বাভাৱিক নহয়৷ কিন্তু ভাৰত আৰু মুছলিম ৰক্ষণশীল দেশসমূহত ইয়াক অসামাজিক হিচাপে গণ্য কৰা হয়৷ কিন্তু ইয়াক পাত্তা নিদিয়ে চীনৰ যুৱসমাজে৷

দেশখনৰ যুৱ প্ৰজন্মৰ দাবী যে সম্পৰ্কৰ জটিলতালৈ নগৈ মনৰ আনন্দতে কাৰোবাক চুম্বন কৰাটোত কোনো দোষ নাই৷ কিন্তু এই নতুন ট্ৰেণ্ডটোত চুম্বনৰ কথাই কোৱা হৈছে৷ চুম্বনৰ উৰ্ধলৈ গৈ কোনো কাৰ্যত লিপ্ত হোৱা নাই চীনৰ যুৱ সমাজ৷ 

দীৰ্ঘ চুম্বন মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ ইয়াৰ ফলত কেল’ৰী হ্ৰাস পায়৷ শৰীৰৰ অতিৰিক্ত মেদো চুম্বনৰ ফলত নাইকীয়া হয়৷ মানসিক শান্তিৰ বাবে চুম্বন উপকাৰী৷ সেইবাবেই চীনৰ যুৱসমাজে এই ট্ৰেণ্ডক আঁকোৱালি লৈছে৷

কিন্তু কিছুৱে এই ট্ৰেণ্ডক ভাল পোৱা নাই৷ তেওঁলোকে কয় যে অচিনাকী দুজন লোকৰ মাজত হোৱা চুম্বনৰ মাজত বিভিন্ন ৰোগ বিয়পি পৰিব পাৰে৷ সেয়ে চুম্বন কৰাৰ আগত শৰীৰত কিবা ৰোগ আছে নেকি জানি ল’বলৈ তেওঁলোকে অনুৰোধ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’