--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে প্ৰিয় বান্ধৱীৰ স’তে প্ৰথম ডেটিঙত আপুনি প্ৰাৰম্ভিক কথা-বাৰ্তা পাতে, দুয়ো আন্তৰিক হ’বলৈ চেষ্টা কৰে৷ তাৰপাছতহে বাকীবিলাক আগবাঢ়ে৷ প্ৰথম ডেটতে চুম্বনত লিপ্ত হোৱাটো বহুতৰে বাবে সপোনস্বৰূপ৷ কিন্তু প্ৰথম দেখাতে ওঁঠত ওঁঠ থৈ চুম্বন কৰাৰ নতুন পৰম্পৰা আঁকোৱালি লৈছে চীনদেশৰ যুৱক-যুৱতীসকলে৷

সাম্প্ৰতিক এটা সমীক্ষাত দাবী কৰা হৈছে যে চীনৰ যুৱ সমাজত অচিনাকী কাৰোবাক চুম্বন কৰাটো ট্ৰেণ্ডিং হৈ পৰিছে৷ স্থানীয় ভাষাত এই ট্ৰেণ্ডটোক ‘যুই ইউ’ বুলি নামাকৰণ কৰা হৈছে৷

সাধাৰণতে পশ্চিমীয়া দেশসমূহত উদাৰ প্ৰেমৰ পৰম্পৰা আছে৷ তাত সামাজিক ভাৱে চুম্বন কৰাটো কোনো অস্বাভাৱিক নহয়৷ কিন্তু ভাৰত আৰু মুছলিম ৰক্ষণশীল দেশসমূহত ইয়াক অসামাজিক হিচাপে গণ্য কৰা হয়৷ কিন্তু ইয়াক পাত্তা নিদিয়ে চীনৰ যুৱসমাজে৷

দেশখনৰ যুৱ প্ৰজন্মৰ দাবী যে সম্পৰ্কৰ জটিলতালৈ নগৈ মনৰ আনন্দতে কাৰোবাক চুম্বন কৰাটোত কোনো দোষ নাই৷ কিন্তু এই নতুন ট্ৰেণ্ডটোত চুম্বনৰ কথাই কোৱা হৈছে৷ চুম্বনৰ উৰ্ধলৈ গৈ কোনো কাৰ্যত লিপ্ত হোৱা নাই চীনৰ যুৱ সমাজ৷ 

দীৰ্ঘ চুম্বন মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ ইয়াৰ ফলত কেল’ৰী হ্ৰাস পায়৷ শৰীৰৰ অতিৰিক্ত মেদো চুম্বনৰ ফলত নাইকীয়া হয়৷ মানসিক শান্তিৰ বাবে চুম্বন উপকাৰী৷ সেইবাবেই চীনৰ যুৱসমাজে এই ট্ৰেণ্ডক আঁকোৱালি লৈছে৷

কিন্তু কিছুৱে এই ট্ৰেণ্ডক ভাল পোৱা নাই৷ তেওঁলোকে কয় যে অচিনাকী দুজন লোকৰ মাজত হোৱা চুম্বনৰ মাজত বিভিন্ন ৰোগ বিয়পি পৰিব পাৰে৷ সেয়ে চুম্বন কৰাৰ আগত শৰীৰত কিবা ৰোগ আছে নেকি জানি ল’বলৈ তেওঁলোকে অনুৰোধ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা