--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰত যেন সৰগ ভাগি পৰিছে যোগগুৰু বাবা ৰামদেৱৰ৷ শেহতীয়াকৈ তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থাৰ চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই ৰামদেৱৰ কোম্পানীৰ লগতে ১৬ টা ভাৰতীয় কোম্পানীক  নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই ব্লেকলিষ্টেড কৰিছে।   বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰামদেৱৰ দিব্যা ফাৰ্মাচীও  এই  তালিকাত আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ চৰ্ত পূৰণ কৰিবলৈ অক্ষম কোম্পানীবোৰে ভাৰতত কিহৰ ভিত্তিত ব্যৱসায় কৰি আছে তাকে লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

১৮ ডিচেম্বৰত নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই এই সন্দৰ্ভত জাননী জাৰি কৰে। স্থানীয় ব্যৱসায়ীসকলক ব্লেকলিষ্ট কৰা ভাৰতীয় কোম্পানীবোৰৰ পৰা ক্ৰয় কৰা ঔষধ সমূহ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাৱলীত এইটোও কোৱা হৈছে যে এই কোম্পানীবোৰৰ ঔষধ ভৱিষ্যতে নেপাললৈ কোনো ধৰণে আমদানি কৰিব নোৱাৰিব। 

নেপালৰ স্বাস্থ্য বিভাগৰ প্ৰতিনিধিসকলে বাৰতলৈ আহি  বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা মান সঠিকভাৱে বজাই ৰখা হৈছে নে নাই সেয়া  পৰীক্ষা কৰিছিল। তেওঁলোকৰ প্ৰতিবেদনৰ আধাৰতে ভাৰীয় কোম্পানী কেইটাক  ব্লেকলিষ্টেড কৰা হয়।

নেপালৰ স্বাস্থ্য বিভাগৰ এনে পদক্ষেপত  কেইবাটাও ভাৰতীয় কোম্পানী অস্বস্তিত পৰিছে। ৰামদেৱৰ দিব্যা ফাৰ্মাচীও এনে তালিকাত  অন্তৰ্ভুক্ত হোৱাত বহুতে  পতঞ্জলিৰ দৰবৰ মানকৈ চিন্তিত হৈছে৷  তালিকাখনত ভাৰতৰ  ৰেডিয়েন্ট পেৰেণ্টছ লিমিটেড, মাৰ্কিউৰী লেবৰেটৰিজ লিমিটেড, এলায়েন্স বায়োটেক, জি লেবৰেটৰিজ, কেডিলা হেল্থকেয়াৰ লিমিটেড, জিএলএছ ফাৰ্মা, আইপিচিএ লেব আৰু কেইবাটাও ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী অন্তৰ্ভুক্ত হৈছে৷ নেপালে সেহতীয়াকৈ  ভাৰতৰ গ্লোবেল হেল্থকেয়াৰৰ ৫০০ মিলি আৰু ৫ লিটাৰৰ হেণ্ড চেনিটাইজাৰো নিষিদ্ধ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ