--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মূৰত যেন সৰগ ভাগি পৰিছে যোগগুৰু বাবা ৰামদেৱৰ৷ শেহতীয়াকৈ তেওঁলোকে বিশ্ব স্বাস্থ্য সংস্থাৰ চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই ৰামদেৱৰ কোম্পানীৰ লগতে ১৬ টা ভাৰতীয় কোম্পানীক  নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই ব্লেকলিষ্টেড কৰিছে।   বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰামদেৱৰ দিব্যা ফাৰ্মাচীও  এই  তালিকাত আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ চৰ্ত পূৰণ কৰিবলৈ অক্ষম কোম্পানীবোৰে ভাৰতত কিহৰ ভিত্তিত ব্যৱসায় কৰি আছে তাকে লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে।

১৮ ডিচেম্বৰত নেপালৰ ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই এই সন্দৰ্ভত জাননী জাৰি কৰে। স্থানীয় ব্যৱসায়ীসকলক ব্লেকলিষ্ট কৰা ভাৰতীয় কোম্পানীবোৰৰ পৰা ক্ৰয় কৰা ঔষধ সমূহ তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিৰ্দেশনাৱলীত এইটোও কোৱা হৈছে যে এই কোম্পানীবোৰৰ ঔষধ ভৱিষ্যতে নেপাললৈ কোনো ধৰণে আমদানি কৰিব নোৱাৰিব। 

নেপালৰ স্বাস্থ্য বিভাগৰ প্ৰতিনিধিসকলে বাৰতলৈ আহি  বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা মান সঠিকভাৱে বজাই ৰখা হৈছে নে নাই সেয়া  পৰীক্ষা কৰিছিল। তেওঁলোকৰ প্ৰতিবেদনৰ আধাৰতে ভাৰীয় কোম্পানী কেইটাক  ব্লেকলিষ্টেড কৰা হয়।

নেপালৰ স্বাস্থ্য বিভাগৰ এনে পদক্ষেপত  কেইবাটাও ভাৰতীয় কোম্পানী অস্বস্তিত পৰিছে। ৰামদেৱৰ দিব্যা ফাৰ্মাচীও এনে তালিকাত  অন্তৰ্ভুক্ত হোৱাত বহুতে  পতঞ্জলিৰ দৰবৰ মানকৈ চিন্তিত হৈছে৷  তালিকাখনত ভাৰতৰ  ৰেডিয়েন্ট পেৰেণ্টছ লিমিটেড, মাৰ্কিউৰী লেবৰেটৰিজ লিমিটেড, এলায়েন্স বায়োটেক, জি লেবৰেটৰিজ, কেডিলা হেল্থকেয়াৰ লিমিটেড, জিএলএছ ফাৰ্মা, আইপিচিএ লেব আৰু কেইবাটাও ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী অন্তৰ্ভুক্ত হৈছে৷ নেপালে সেহতীয়াকৈ  ভাৰতৰ গ্লোবেল হেল্থকেয়াৰৰ ৫০০ মিলি আৰু ৫ লিটাৰৰ হেণ্ড চেনিটাইজাৰো নিষিদ্ধ কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা