--°C
Loading...
Listen to Article
2 min read
80%

শ্ৰীনগৰ : জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা ছৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যু। পাকিস্তানৰ সমৰ্থক বুলি পৰিচিত আছিল কট্টৰ ইছলামিক নেতাজন। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ। বুধবাৰে সন্ধিয়া তেওঁৰ শ্ৰীনগৰৰ বাসগৃহত তেওঁৰ মৃত্যু হয়। জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী ৰাজনীতিৰ অন্যতম পৰিচয় স্বৰূপ আছিল ছৈয়দ আলী শ্বাহ গিলানী। কাশ্মীৰৰ দেশৰ পৰা পৃথক কৰাৰ বহু বিতৰ্কিত, ব্যৰ্থ কিন্তু স্পৰ্শকাতৰ যুঁজখনত তেওঁৰ আছিল অতি গুৰুত্বপূৰ্ণ ভূমিকা। তেওঁ দীৰ্ঘদিনৰ পৰা তেওঁ অসুস্থ হৈ আছিল।

অসুস্থতাৰ বাবেই তেওঁ ৰাজানীতি আৰু হুৰিয়তৰ নেতৃত্বও ত্যাগ কৰিছিল। ২০১৮চনৰ মাৰ্চ মাহত তেওঁ হৃদ ৰোগতো ভুগিছিল। তেওঁৰ মৃত্যুৰ লগে লগে কাশ্মীৰৰ ৰাজনীতিৰ এটা অধ্যায়ৰ সামৰণি পৰিল। তেওঁৰ মৃত্যৰ বাতৰি পাই শোক প্ৰকাশ কৰিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ নেত্ৰী মেহবুবা মুফটীয়ে। তেওঁ টুইটযোগে লিখিছে, গিলানী চাহাবৰ মৃত্যুৰ বাতৰি পাই শোকাহত হৈছোঁ।

তেওঁৰ বহু কথাৰে মোৰ মতবিৰোধ আছিল যদিও তেওঁৰ দৃঢ়তা আৰু গতিশীলতাৰ প্ৰতি মই শ্ৰদ্ধাশীল আছিলোঁ। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিছোঁ আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। গিলানীৰ মৃত্যুৰ পাছত উপত্যকাটোৰ নিৰাপত্তা অধিক শক্তিশালী কৰি তোলা হৈছে। ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ লগতে আন ভালেমান নিষেধাজ্ঞা আৰোপ কৰা হৈছে ঠায়ে ঠায়ে। আনহাতে কূটাঘাতৰ আশংকাত হুৰিয়তৰ কেইবাজনো নেতাক আটক কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, জম্মু-কাশ্মীৰ বিধানসভালৈ তেওঁ ১৯৭২, ১৯৭৭ আৰু ১৯৮৭ চনত নিৰ্বাচিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক