--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত আকস্মিকভাৱে পুনৰ বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। দেশত ১২শতাংশ বৃ্দ্ধি পাইছে সংক্ৰমণ। কালিৰ দিনটোত দেশত ৪৭,০৯২জন নতুন ক’ভিড আক্ৰান্ত চিনাক্ত হৈছে। বিগত দুটা মাহৰ ভিতৰত এদিনতে আক্ৰান্ত হোৱা লোকৰ এয়াই সৰ্বাধিক সংখ্যা। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৫০৯জন আক্ৰান্তৰ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে এই তথ্য সদৰি কৰিছে। দেশত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ কাৰণ হৈছে কেৰালাত হোৱা সংক্ৰমণৰ তীব্ৰ ৰূপ। দেশৰ মুঠ আক্ৰান্তৰ প্ৰায় ৭০ শতাংশ চিনাক্ত হৈছে কেৱল কেৰালাতে। কেৰালাত ৪০,৯০,০৩৬জন লোক এতিয়ালৈ এই মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে। সংক্ৰমণৰ হাৰ হৈছেগৈ ১৮.৭৬ শতাংশ। ৰাজ্যখনত মৃতৰ সংখ্যা ২০,৯৬১লৈ বৃদ্ধি পাইছে।

ইফালে সামগ্ৰিকভাৱে দেশত আক্ৰান্তৰ হাৰ হৈছেগৈ ২.৮০শতাংশ। আৰোগ্যৰ হাৰ বৃদ্ধি পাইছে ৯৭.৪৮শতাংশলৈ। ইফালে, প্ৰতিষেধক প্ৰদান অভিযানতো দেশে উল্লেখ্য সফলতা অৰ্জন কৰিছে। দেশত এতিয়ালৈ ৬৬ কোটি লোকক টিকাকৰণেৰে সামৰি লোৱা সম্ভৱ হৈছে। দেশৰ অন্ততঃ ৫৪শতাংশ লোকে এপালি হ’লেও ক’ভিড টিকা লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক