--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাশ্মীৰত সক্ৰিয় হৈ আছে বিচ্ছিন্নতাবাদী শক্তি। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰি জম্মু আৰু কাশ্মীৰক ভাৰতৰ অন্য প্ৰান্তৰ সৈতে একাত্ম কৰাৰ চেষ্টা চলিলেও যেন এতিয়াও পাকিস্তান প্ৰেমৰ পৰা মুক্ত হ'ব পৰা নাই কাশ্মীৰৰ কিছুসংখ্যক লোক! জম্মু কাশ্মীৰৰ বিছিন্নতাবাদী নেতা চৈয়দ আলী শ্বাহ গিলানীৰ মৃত্যু আৰু তাৰ পিছৰ ঘটনাপ্ৰৱাহে এই ইংগিতেই বহন কৰিছে।


উল্লেখ্য যে যোৱা বুধবাৰে ৯২ বছৰ বয়সত মৃত্যু হয় গিলানীৰ। কিন্তু সকলোকে আচৰিত কৰি মৃত্যুৰ পিছতে গিলানীৰ সমাধিৰ ওপৰত পাকিস্তানৰ জাতীয় পতাকা মেৰিয়াই কাশ্মীৰৰ একাংশ স্থানীয় লোক আৰু দল- সংগঠনে নেতাজনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগে লগে চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ'। স্বাভাৱিকতেই সৰ্বত্ৰ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ।

নিজ দেশৰ ভিতৰতে হোৱা এনে ধৰণৰ কৰ্ম কাণ্ডক কোনো এজন ভাৰতীয়ই সহজভাৱে ল'ব পৰা নাই। উল্লেখযোগ্য যে জম্মু কাশ্মীৰক বিশেষাধিকাৰ প্ৰদান কৰা ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পিছৰ পৰাই কাশ্মীৰৰ একাংশ লোক ক্ষোভিত হৈ পৰিছিল আৰু আৰু চৈয়দ আলী শ্বাহেও পাকিস্তানৰ সমৰ্থনত বহুতো কাম কৰাৰ লগতে বক্তব্য ৰাখি আহিছিল।


যি নহওঁ‌ক,উক্ত ঘটনাৰ পিছতে জম্মু কাশ্মীৰ আৰক্ষীয়ে ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত লিপ্ত সকলো সংগঠনৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক