--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কাৰ হাতত হাত থৈ তাজমহলত ঘূৰিছে বিদ্যুৎ জামৱাল? হিন্দী ছবিজগতৰ এইগৰাকী তাৰকা অভিনেতা তথা একশ্যচন ছবিৰ অবিকল্প প্ৰতিনিধিজনৰ প্ৰেমৰ চৰ্চাই এতিয়া ইণ্টাৰনেটত ধুমুহা তুলিছে। তাজমহলৰ সন্মুখত তেওঁৰ চৰ্চিত প্ৰেয়সীৰ সৈতে উঠা এখন আলোকচিত্ৰ এতিয়া তীব্ৰগতিত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁৰ এই চৰ্চিত প্ৰেয়সীগৰাকী ডিজাইনাৰ নন্দিতা মাগতানি বুলি জানিব পৰা গৈছে।

এই চৰ্চিত চেলিব্ৰিটি যুটীটোৱে শনিবাৰে তাজমহল ভ্ৰমণ কৰাৰ আলোকচিত্ৰ জামৱালৰ ফেন ক্লাবে প্ৰকাশ কৰে। তাৰ পাছতে ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে বিদ্যুৎ-নন্দিতাৰ যুটী। ৰূপালী পৰ্দাত দুৰ্দান্ত ষ্টাণ্ট আৰু অসাধাৰণ একশ্যনেৰে ধুমুহা সৃষ্টি কৰা বিদ্যুৎ জামৱালে বহু অনুৰাগী-যুৱতীৰ অন্তৰতো তেওঁৰ ‘ৰাফ-এণ্ড টাফ’ চেহেৰাৰে ধুমুহা সৃষ্টি কৰি আহিছে।

তাৰ মাজতে নন্দিতাৰ হাতত হাত থৈ প্ৰেমৰ মূৰ্ত ৰূপৰ সন্মুখত বিদ্যুতৰ আলোকচিত্ৰই স্বাভাৱিকতে আলোড়নৰ সৃষ্টি কৰিছে। নন্দিতাৰ ‘ৰিং ফিংগাৰ’ত থকা আঙুঠিক লৈও চলিছে চৰ্চা। দুয়োৰে ‘এংগেজমেণ্ট’ৰ চৰ্চাও এতিয়া তুমুল। দুয়োগৰাকী তাৰকাৰ প্ৰেম আৰু শেহতীয়া এই তাজমহল ভ্ৰমণ ছবিজগতৰ গছিপৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উল্লেখ্য যে, কমাণ্ডো ছিৰিজৰ ছবিলানি, খোদা হাফিজ, য়াৰা, ফোৰ্চ-২, জংলী আদিত বিদ্যুতৰ অভিনয়ো সকলোৰে পৰা পৃথক আৰু শিহৰণকাৰী হিচাপে চিহ্নিত হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক