--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কাৰ হাতত হাত থৈ তাজমহলত ঘূৰিছে বিদ্যুৎ জামৱাল? হিন্দী ছবিজগতৰ এইগৰাকী তাৰকা অভিনেতা তথা একশ্যচন ছবিৰ অবিকল্প প্ৰতিনিধিজনৰ প্ৰেমৰ চৰ্চাই এতিয়া ইণ্টাৰনেটত ধুমুহা তুলিছে। তাজমহলৰ সন্মুখত তেওঁৰ চৰ্চিত প্ৰেয়সীৰ সৈতে উঠা এখন আলোকচিত্ৰ এতিয়া তীব্ৰগতিত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁৰ এই চৰ্চিত প্ৰেয়সীগৰাকী ডিজাইনাৰ নন্দিতা মাগতানি বুলি জানিব পৰা গৈছে।

এই চৰ্চিত চেলিব্ৰিটি যুটীটোৱে শনিবাৰে তাজমহল ভ্ৰমণ কৰাৰ আলোকচিত্ৰ জামৱালৰ ফেন ক্লাবে প্ৰকাশ কৰে। তাৰ পাছতে ব্যাপক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে বিদ্যুৎ-নন্দিতাৰ যুটী। ৰূপালী পৰ্দাত দুৰ্দান্ত ষ্টাণ্ট আৰু অসাধাৰণ একশ্যনেৰে ধুমুহা সৃষ্টি কৰা বিদ্যুৎ জামৱালে বহু অনুৰাগী-যুৱতীৰ অন্তৰতো তেওঁৰ ‘ৰাফ-এণ্ড টাফ’ চেহেৰাৰে ধুমুহা সৃষ্টি কৰি আহিছে।

তাৰ মাজতে নন্দিতাৰ হাতত হাত থৈ প্ৰেমৰ মূৰ্ত ৰূপৰ সন্মুখত বিদ্যুতৰ আলোকচিত্ৰই স্বাভাৱিকতে আলোড়নৰ সৃষ্টি কৰিছে। নন্দিতাৰ ‘ৰিং ফিংগাৰ’ত থকা আঙুঠিক লৈও চলিছে চৰ্চা। দুয়োৰে ‘এংগেজমেণ্ট’ৰ চৰ্চাও এতিয়া তুমুল। দুয়োগৰাকী তাৰকাৰ প্ৰেম আৰু শেহতীয়া এই তাজমহল ভ্ৰমণ ছবিজগতৰ গছিপৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উল্লেখ্য যে, কমাণ্ডো ছিৰিজৰ ছবিলানি, খোদা হাফিজ, য়াৰা, ফোৰ্চ-২, জংলী আদিত বিদ্যুতৰ অভিনয়ো সকলোৰে পৰা পৃথক আৰু শিহৰণকাৰী হিচাপে চিহ্নিত হৈ আহিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান