--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিয়ে সকলোকে সচকিত কৰি তুলিছে। বাংলাদেশৰ গণতান্ত্ৰিক ব্যৱস্থা সংকটজনক অৱস্থাত। ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা সংগ্ৰামত অংশ লোৱাসকলৰ বংশধৰক অসামৰিক সেৱা আৰু ৰাজহুৱা খণ্ডৰ চাকৰিৰ ক্ষেত্ৰত বাংলাদেশ চৰকাৰে ৩০% আসন সংৰক্ষণ প্ৰদান কৰি আহিছে। 

১৯৭২ চনত সদ্যপলায়িত শ্বেখ হাছিনাৰ পিতৃ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ মুজিবুৰ ৰহমানে সংৰক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল৷ পৰিৱৰ্তিত পৰিস্থিতিত পৰি ২০১৮ চনৰ অক্টোবৰ মাহত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক প্ৰতিবাদৰ মাজতে শ্বেখ হাছিনাই সকলো সংৰক্ষণ বিলুপ্ত কৰিবলৈ সন্মত হৈছিল।

চলিত বৰ্ষৰ জুন মাহত উচ্চ ন্যায়ালয়ে সেই সিদ্ধান্ত বাতিল কৰি ১৯৭১ চনৰ স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ই আবেদন দাখিল কৰাৰ পিছত সংৰক্ষণৰ ব্যৱস্থা পুনৰ স্থাপন কৰে। এই ৰায়দানৰ পিছত ৫৬% চৰকাৰী চাকৰি নিৰ্দিষ্ট গোটৰ বাবে সংৰক্ষিত কৰা হৈছিল, য’ত স্বাধীনতা সংগ্ৰামীৰ লগতে কন্যা সন্তান আৰু নাতি-নাতিনী, আৰু ‘পিছপৰা জিলা’ৰ লোককো সামৰি লৈছিল।

তাৰ পৰিণতিত শেহতীয়াকৈ প্ৰতিবাদৰ সূচনা হৈছিল, ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্ন কৰিছিল যে তৃতীয় প্ৰজন্মৰ স্বাধীনতা সংগ্ৰামীসকলক কিয় সুবিধা প্ৰদান কৰা হৈছে, ইয়াৰ উপৰিও সম্পূৰ্ণ মেধাভিত্তিক নিযুক্তিৰ দাবী জনাইছিল। যোৱা মাহত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিৰ আবেদনকাৰীৰ বাবে বিতৰ্কিত সংৰক্ষণ ব্যৱস্থা ব্যহত কৰি তুলিছিল। ৰায়দানত  উচ্চ ন্যায়ালয়ে ৯৩% চৰকাৰী চাকৰি মেধাভিত্তিক ব্যৱস্থাত আবণ্টন দিয়াৰ নিৰ্দেশ দিছিল, আনহাতে ৭% চাকৰি অন্যান্য শ্ৰেণীৰ লগতে ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধত যুঁজ দিয়া স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ৰ বাবে সংৰক্ষণ কৰা হৈছিল। ইয়াৰ পূৰ্বে এই ব্যৱস্থাই স্বাধীনতা সংগ্ৰামীৰ আত্মীয়ৰ বাবে এনে চাকৰিৰ ৩০% সংৰক্ষণ কৰি ৰাখিছিল।তাৰ পিছত সাত মাহৰ পূৰ্বে একেৰাহে চতুৰ্থবাৰৰ বাবে পুনৰ ক্ষমতালৈ  অহা শ্বেইখ হাছিনাৰ পদত্যাগ দাবী কৰি গণ প্ৰতিবাদে শেহতীয়াকৈ চৰকাৰ বিৰোধী এক উল্লেখযোগ্য আন্দোলনলৈ ৰূপান্তৰিত হৈছিল।

অতি সম্প্ৰতি প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি পলায়ন কৰাৰ বাতৰিয়ে দেশজুৰি খলকনিৰ সৃষ্টি কৰিছে৷দেওবাৰৰ হিংসাত্মক পৰিস্থিতিত যোৱা মাহত প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা কমেও ৩০০লৈ বৃদ্ধি পাইছে বুলি আৰক্ষী, চৰকাৰী বিষয়া আৰু চিকিৎসকৰ তথ্য অনুসৰি এ এফ পিয়ে জনিবলৈ দিয়ে। ১৯ জুলাইত হোৱা ৬৭ জন লোকৰ মৃত্যুৰ সংখ্যা অতিক্ৰম কৰি,বাংলাদেশত নাগৰিক অস্থিৰতাৰ শেহতীয়া ইতিহাসৰ অন্যতম হিংসাত্মক দিন হিচাপে পৰিগণিত হৈছে৷ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, পৰিস্থিতিৰ সৈতে মুকাবিলা কৰিব নোৱাৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় সান্ধ্য আইনক আওকাণ কৰি হেলিকপ্টাৰ যোগেদি ভাৰতলৈ পলায়ন  কৰে।

এই পৰ্যন্ত বাংলাদেশ চৰকাৰে এই হিংসাত্মক প্ৰতিবাদৰ প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে যদিও প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ পূৰ্বে শ্বেখ হাচিনাই প্ৰতিবাদকাৰীসকলক ৰাজাকাৰ বুলি অভিহিত কৰা বুলি জানিব পৰা গৈছে — সেই শব্দই ১৯৭১ চনত স্বাধীনতা সংগ্ৰামৰ সময়ত পাকিস্তান সেনাৰ পক্ষ লোৱাসকলক বুজোৱা হৈছিল৷

প্ৰধানমন্ত্ৰীৰ পলায়নৰ পিছত বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে অন্তৱৰ্তীকালীন চৰকাৰে দায়িত্ব ল’ব বুলি সদৰী কৰে আৰু তেওঁ কয় যে আমি সকলো হত্যাকাণ্ডৰ তদন্ত কৰি দায়ীক শাস্তি প্ৰদান কৰিম। "মই নিৰ্দেশ দিছো যে কোনো সেনা আৰু আৰক্ষীয়ে কোনো ধৰণৰ গুলীচালনাত লিপ্ত নহয়... এতিয়া, ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য হৈছে শান্ত হৈ আমাক সহায় কৰা।"

এনে পৰিস্থিতিত বাংলাদেশে অনিশ্চিত ভবিষ্যতৰ দিশে গতি কৰিছে!অনাগত সময়ত বাংলাদেশৰ গণতান্ত্ৰিক মৰ্যাদা তথা ধৰ্ম নিৰপেক্ষ চৰিত্ৰ অক্ষুন্ন থাকে নে নেথাকে সেয়া লক্ষ্যনীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক