--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ভয়ংকৰ অগ্নিকাণ্ডত এজন লোকৰ প্ৰাণহানি ঘটে। গুৰুতৰভাৱে আহত ব্যক্তিসকল: শৈলেন গগৈ, তাপস গগৈ, কুমুদ গগৈ, গোলাপ দত্ত আৰু ইন্দ্ৰ গগৈ।

ডিজিটেল ডেস্ক: টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) ITF চৌহদত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। এই দুৰ্ঘটনাটোত এজন লোকৰ কৰুণ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। ইফালে, ঘটনাৰ পিছৰে পৰা এজন লোক সন্ধানহীন হৈ থকাত অঞ্চলটোত তীব্ৰ উত্তেজনা আৰু শোকৰ পৰিৱেশে বিৰাজ কৰিছে।


এই ভয়ংকৰ অগ্নিকাণ্ডত এজন লোকৰ প্ৰাণহানি ঘটে। গুৰুতৰভাৱে আহত ব্যক্তিসকল: শৈলেন গগৈ, তাপস গগৈ, কুমুদ গগৈ, গোলাপ দত্ত আৰু ইন্দ্ৰ গগৈ। আহত আটাইকেইজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।


দুৰ্ঘটনাটোৰ পিছৰে পৰা ৰাজু দত্ত নামৰ এজন লোকৰ কোনো সন্ধান পোৱা নাই। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত অইল ইণ্ডিয়াৰ কেইবাখনো অগ্নিনিৰ্বাপক বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ বাবে যুদ্ধকালীন তৎপৰতা চলায়। 


ঘটনাৰ গুৰুত্ব অনুভৱ কৰি অইলৰ শীৰ্ষ বিষয়াৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু উদ্ধাৰ অভিযান ত্বরান্বিত কৰিছে।


এই ভয়ংকৰ দুৰ্ঘটনা কি কাৰণে সংঘটিত হ’ল, সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। এই আকস্মিক দুৰ্ঘটনাই সমগ্ৰ টেঙাখাত আৰু অইল চৌহদৰ বৃহত্তৰ অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। সন্ধানহীন হৈ থকা লোকজনৰ সন্ধান আৰু জুই সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ অনাৰ বাবে বৰ্তমানো প্ৰচেষ্টা অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু