ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এখন বিদ্যালয়ত খেল-ধেমালি প্ৰতিযোগিতাৰ সময়ত ১০ বছৰীয়া এজন ছাত্ৰৰ আকস্মিক মৃত্যু হয়। চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, ঠিক তেতিয়াই তেওঁ হঠাৎ মূৰ্চা গৈ মাটিত ঢলি পৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ছাত্ৰজনৰ মৃত্যু হাৰ্ট এটেকৰ ফলত হৈছে বুলি জনায় চিকিৎসকে।
মৃত ছাত্ৰজনৰ নাম আছিল নিহাল। মুজফ্ফৰনগৰ জিলাৰ ৰতনপুৰী থানাস্থিত ৰায়পুৰ নগলী গাঁৱৰ কম্প’জিট বিদ্যালয়ত ঘটিছে এই মৰ্মান্তিক ঘটনা। যোৱা শনিবাৰে চৰ্দাৰ বল্লভভাই পেটেলৰ জয়ন্তী উপলক্ষে বিদ্যালয়খনত খেল-ধেমালিৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। সেই সময়তে চতুৰ্থ শ্ৰেণীৰ ১০ বছৰীয়া ছাত্ৰ নিহালে দৌৰ প্ৰতিযোগিতাত ভাগ লৈছিল। খেলাৰ সময়তে তেওঁ হঠাতে মূৰ্চা গৈ মাটিত পৰি যায়।
ছাত্ৰজনৰ অৱস্থা অৱনতি ঘটাত বিদ্যালয়ৰ শিক্ষকসকলে তাৎক্ষণিকভাৱে তেওঁক চিকিৎসালয়লৈ লৈ যায়। প্ৰথমে তেওঁক খাতৌলীৰ চৰকাৰী চিকিৎসালয়লৈ নিয়া হয়, য’ৰ পৰা তেওঁক মুজফ্ফৰনগৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত পৰিয়ালৰ লোকসকলে তেওঁক বেগৰাজপুৰ মেডিকেল কলেজলৈ লৈ যায়, য’ত চিকিৎসকে পৰীক্ষা কৰি তেওঁক মৃত বুলি ঘোষণা কৰে। পৰিয়ালৰ লোকৰ মতে, চিকিৎসকে মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি কৈছে।
এই মৰ্মান্তিক ঘটনাই পৰিয়ালটোক মৰ্মাহত কৰি তুলিছে। মৃত নিহাল তিনিগৰাকী ভগ্নীৰ একমাত্ৰ ভাই আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।