--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে এই মাৰপিটৰ ঘটনাটো এটা চক্ৰই নিৰ্বাচনী হিংসা বুলি ৰূপ দি একাংশ পৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে দক্ষিণ কামৰূপৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত নিশা সংঘটিত হয় এক প্ৰচণ্ড মাৰপিটৰ ঘটনা।


এই মাৰপিটত মাজোৰটোপ গাঁৱৰ তোতা মিয়াৰ পুত্ৰ আব্দুছ ছালাম নামৰ যুৱকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।


জানিব পৰা মতে মাজোৰটোপ গাঁৱৰ নুৰুল নামৰ লোকজনে নিজৰ টেক্টৰেৰে ইএণ্ডডি মথাউৰিৰ সমীপতে থকা চৰকাৰী মাটি খনন কৰি মাজোৰটোপৰ এটা সদা ব্যস্ততাপূৰ্ণ পথেৰে টেক্টৰ চলোৱা বাবে পথটো মানুহ চলাচল কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে।


চৰকাৰী ভূমি কাটি টেক্টৰেৰে বাহিৰত বিক্ৰী কৰাত উক্ত ৰাস্তাটো বোকাময় হৈ পৰিছে। ভুক্তভোগী আব্দুছ ছালামে নুৰুল আৰু আব্দুলক চৰকাৰী মাটি নাকাটিবলৈ আৰু উক্ত পথেৰে টেক্টৰ নচলাবলৈ মানা কৰাটোৱেই কাল হল।


যোৱা নিশা আব্দুছ ছালামে নিজৰ বাইকখন লৈ ই এণ্ড ডি মথাউৰিলৈ যায়।ছালামে মথাউৰিত যোৱাৰ লগে লগে পূৰ্ব পৰিকল্পিতভাৱে প্ৰচণ্ড মাৰপিট কৰে।লগে লগে স্থানীয় লোকে আঘাতপ্ৰাপ্ত ছালামক নিশাই গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে।


আনহাতে আব্দুছ ছালামৰ মথাউৰিত থকা বাইকখন আনিবলৈ যোৱা লোককো অভিযুক্তই মাৰপিট কৰাৰ লগতে বাইকখন ভাঙি ধ্বংস কৰে। এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।


ইফালে এই মাৰপিটৰ ঘটনাটো এটা চক্ৰই নিৰ্বাচনী হিংসা বুলি ৰূপ দি একাংশ পৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছে। উল্লেখ্য যে ভুক্তভোগীৰ পৰিয়ালে এয়া কোনো ৰাজনৈতিক ঘটনা নহয় বুলি দাবী কৰাৰ লগতে এইয়া ঘৰুৱা তথা ব্যক্তিগত কন্দলৰ ফলতহে এনে ঘটনা সংঘটিত হৈছে। ঘটনাটো ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে।


ঘটনা সন্দৰ্ভত দুয়ো পক্ষই পৃথকে পৃথকে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ