--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে এই মাৰপিটৰ ঘটনাটো এটা চক্ৰই নিৰ্বাচনী হিংসা বুলি ৰূপ দি একাংশ পৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যত নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে দক্ষিণ কামৰূপৰ নৱগঠিত ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত নিশা সংঘটিত হয় এক প্ৰচণ্ড মাৰপিটৰ ঘটনা।

এই মাৰপিটত মাজোৰটোপ গাঁৱৰ তোতা মিয়াৰ পুত্ৰ আব্দুছ ছালাম নামৰ যুৱকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

জানিব পৰা মতে মাজোৰটোপ গাঁৱৰ নুৰুল নামৰ লোকজনে নিজৰ টেক্টৰেৰে ইএণ্ডডি মথাউৰিৰ সমীপতে থকা চৰকাৰী মাটি খনন কৰি মাজোৰটোপৰ এটা সদা ব্যস্ততাপূৰ্ণ পথেৰে টেক্টৰ চলোৱা বাবে পথটো মানুহ চলাচল কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছে।

চৰকাৰী ভূমি কাটি টেক্টৰেৰে বাহিৰত বিক্ৰী কৰাত উক্ত ৰাস্তাটো বোকাময় হৈ পৰিছে। ভুক্তভোগী আব্দুছ ছালামে নুৰুল আৰু আব্দুলক চৰকাৰী মাটি নাকাটিবলৈ আৰু উক্ত পথেৰে টেক্টৰ নচলাবলৈ মানা কৰাটোৱেই কাল হল।

যোৱা নিশা আব্দুছ ছালামে নিজৰ বাইকখন লৈ ই এণ্ড ডি মথাউৰিলৈ যায়।ছালামে মথাউৰিত যোৱাৰ লগে লগে পূৰ্ব পৰিকল্পিতভাৱে প্ৰচণ্ড মাৰপিট কৰে।লগে লগে স্থানীয় লোকে আঘাতপ্ৰাপ্ত ছালামক নিশাই গৰৈমাৰী সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰে।

আনহাতে আব্দুছ ছালামৰ মথাউৰিত থকা বাইকখন আনিবলৈ যোৱা লোককো অভিযুক্তই মাৰপিট কৰাৰ লগতে বাইকখন ভাঙি ধ্বংস কৰে। এই ঘটনাৰ খবৰ পাই ঘটনাস্থলীত গৰৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

ইফালে এই মাৰপিটৰ ঘটনাটো এটা চক্ৰই নিৰ্বাচনী হিংসা বুলি ৰূপ দি একাংশ পৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছে। উল্লেখ্য যে ভুক্তভোগীৰ পৰিয়ালে এয়া কোনো ৰাজনৈতিক ঘটনা নহয় বুলি দাবী কৰাৰ লগতে এইয়া ঘৰুৱা তথা ব্যক্তিগত কন্দলৰ ফলতহে এনে ঘটনা সংঘটিত হৈছে। ঘটনাটো ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত দুয়ো পক্ষই পৃথকে পৃথকে গৰৈমাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ