--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ লগত কেতিয়াবা এনেকুৱা হয়নে যে আপুনি গোটেই দিনটো ভালে থাকে কিন্তু সন্ধিয়া জ্বৰ হয় ৷এই সন্দৰ্ভত মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হয় যে কিয় এনেকুৱা হয়? এই প্ৰশ্নৰ উত্তৰ দিছে চি কে বিৰলা হাস্পতালৰ ডাঃ তুষাৰ টায়ালে।

সন্ধিয়া কিয় জ্বৰ উঠে?

ডাঃ তুষাৰ টায়ালে বুজাইছে যে সন্ধিয়া জ্বৰ হোৱাৰ মূল কাৰণ দুটা। প্ৰথমতে, ই এটা স্বাভাৱিক কাৰণ হ’ব পাৰে আৰু দ্বিতীয়তে, ইয়াৰ আঁৰত কিবা এটা ৰোগ থাকিব পাৰে। প্ৰাকৃতিক কাৰণত গোটেই দিনটো আপুনি সুস্থ হৈ থাকে, কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে জ্বৰে আপোনাক আগুৰি ধৰে। যদি আমি দ্বিতীয় কাৰণটোৰ কথা কওঁ, যদি আপুনি বেছি শাৰীৰিক কাৰ্য্যকলাপ কৰে বা কম পানী খায় তেন্তে সন্ধিয়া জ্বৰ হ’ব পাৰে।

ইয়াৰ ফলতো সমস্যাৰ সৃষ্টি হয়

ডাঃ টায়ালে বুজাইছে যে সাধাৰণতে শৰীৰৰ হৰম’নৰ পৰিৱৰ্তনৰ বাবেও সন্ধিয়া জ্বৰ হ’ব পাৰে। ইয়াৰ বাহিৰেও মহিলাৰ মাহেকীয়া আৰু ৰজোনিবৃত্তিৰ সময়ত সন্ধিয়া শৰীৰৰ উষ্ণতা বৃদ্ধি পাব পাৰে। কিছুমান ৰোগতো সন্ধিয়া জ্বৰ হয়। আচলতে টিবি, টাইফয়েড আৰু কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰৰ উষ্ণতা সন্ধিয়া বাঢ়ি যায়। এনে পৰিস্থিতিত ৰোগীয়ে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। সাধাৰণতে শৰীৰৰ স্বাভাৱিক উষ্ণতা ৯৭ ফাৰেনহাইটৰ পৰা ৯৯ ফাৰেনহাইটৰ ভিতৰত থাকে। বেছিভাগ মানুহৰে ই ৯৮.৫ ফাৰেনহাইট হৈ থাকে। কেতিয়াবা কিছুমান কাৰণত শৰীৰৰ উষ্ণতা বৃদ্ধি পায়।

ডাঃ টায়ালৰ মতে, যদি আপুনি কেন্সাৰ বা টিবিৰ দৰে কোনো ৰোগৰ বাবে সন্ধিয়া জ্বৰত আক্ৰান্ত হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব। এনে ক্ষেত্ৰত প্ৰথমে এই ৰোগবোৰৰ চিকিৎসা কৰিব লাগিব, তেতিয়াহে সন্ধিয়া জ্বৰৰ পৰা আৰাম পাব। যদি আপুনি প্ৰাকৃতিক কাৰণত জ্বৰত আক্ৰান্ত হৈছে তেন্তে দৈনিক দুইৰ পৰা ডেৰ-দুই লিটাৰ পানী খাব লাগে। ইয়াৰ উপৰিও আপুনি যোগাসনো কৰিব পাৰে। একে সময়তে দুপৰীয়াৰ সময়ত জিৰণি লোৱা উচিত, কাৰণ কেতিয়াবা ভাগৰুৱা হোৱাৰ বাবেও জ্বৰ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ