--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহিঃৰাজ্যৰ পৰা আমদানি কৰা বাৰ্বন হুইস্কিৰ আমদানি শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতত অধিক শুল্ক আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰিছে, একে সময়তে চৰকাৰৰ এই পদক্ষেপ। ভাৰতে ১৩ ফেব্ৰুৱাৰীত বাৰ্বন হুইস্কিৰ আমদানি শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাৰ্বন হুইস্কিৰ আমদানি শুল্ক ১৫০ শতাংশৰ পৰা ১০০ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিন্তু চৰকাৰে অন্য সুৰা সামগ্ৰীৰ আমদানি শুল্কৰ কোনো সালসলনি কৰা নাই আৰু তেওঁলোকৰ পৰা পূৰ্বৰ দৰে ১৫০ শতাংশ শুল্ক আৰোপ কৰি থাকিব। চৰকাৰৰ এই পদক্ষেপে আমেৰিকাৰ পৰা সুৰা আমদানি কৰাত লাভৱান হ’ব। ভাৰতত আৰোপ কৰা বৃহৎ আমদানি শুল্কক বিগত সময়ত কেইবাটাও স্পিৰিট কোম্পানীয়ে সমালোচনা কৰি আহিছে।

উল্লেখ্য যে,শুকুৰবাৰে আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি দেশলৈ উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত শুল্কৰ বিষয়টোৱেও স্থান লাভ কৰিছিল । ভাৰতৰ ওপৰতো একে হাৰত শুল্ক আৰোপ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে। অৰ্থাৎ ভাৰতে যি হাৰত আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰিব, আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত একে হাৰত শুল্ক আৰোপ কৰিব।

ভাৰতে আমেৰিকাৰ বাৰ্বন হুইস্কিৰ আমদানি শুল্ক ৫০ শতাংশলৈ হ্ৰাস কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনাৰ ঠিক পূৰ্বেই ১৩ ফেব্ৰুৱাৰীত বাৰ্বন হুইস্কিৰ ওপৰত শুল্ক কৰ্তনৰ বিষয়ে ঘোষণা কৰা হৈছিল। মনকৰিবলগীয়া যে, অন্য সুৰাৰ আমদানিৰ মৌলিক শুল্ক হ্ৰাস হোৱা নাই। অন্য বিদেশী সুৰাৰ পৰা ১০০ শতাংশ শুল্ক আদায় কৰিব ভাৰতে । প্ৰধানকৈ ভাৰতলৈ বাৰ্বন হুইস্কিৰ ৰপ্তানি কৰে আমেৰিকাই । ইফালে ভাৰতলৈ আমদানি কৰা এনেধৰণৰ সকলো সুৰাৰ প্ৰায় এক চতুৰ্থাংশ আমেৰিকাৰ পৰা আহে।

ভাৰতে ২০২৩-২৪ চনত ২৫ মিলিয়ন ডলাৰৰ বাৰ্বন হুইস্কি আমদানি কৰিছিল। ইয়াৰ প্ৰধান ৰপ্তানিকাৰক দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ইউ এ ই, ছিংগাপুৰ আৰু ইটালী। ভাৰত আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি ৫০০ বিলিয়ন ডলাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

বাৰ্বন হুইস্কি হৈছে আমেৰিকাৰ অন্যতম বিখ্যাত আৰু পৰম্পৰাগত হুইস্কি। ইয়াক মূলতঃ কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা হয় । পূৰ্বতে বাৰ্বন হুইস্কিৰ ওপৰত ১৫০ শতাংশ শুল্ক আৰোপ কৰা হৈছিল, তেনে ঠাইত ইয়াক এবাৰতে ৫০ শতাংশলৈ হ্ৰাস কৰা হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু