--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহিঃৰাজ্যৰ পৰা আমদানি কৰা বাৰ্বন হুইস্কিৰ আমদানি শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। যি সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতত অধিক শুল্ক আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰিছে, একে সময়তে চৰকাৰৰ এই পদক্ষেপ। ভাৰতে ১৩ ফেব্ৰুৱাৰীত বাৰ্বন হুইস্কিৰ আমদানি শুল্ক হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বাৰ্বন হুইস্কিৰ আমদানি শুল্ক ১৫০ শতাংশৰ পৰা ১০০ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কিন্তু চৰকাৰে অন্য সুৰা সামগ্ৰীৰ আমদানি শুল্কৰ কোনো সালসলনি কৰা নাই আৰু তেওঁলোকৰ পৰা পূৰ্বৰ দৰে ১৫০ শতাংশ শুল্ক আৰোপ কৰি থাকিব। চৰকাৰৰ এই পদক্ষেপে আমেৰিকাৰ পৰা সুৰা আমদানি কৰাত লাভৱান হ’ব। ভাৰতত আৰোপ কৰা বৃহৎ আমদানি শুল্কক বিগত সময়ত কেইবাটাও স্পিৰিট কোম্পানীয়ে সমালোচনা কৰি আহিছে।

উল্লেখ্য যে,শুকুৰবাৰে আমেৰিকা ভ্ৰমণ সম্পূৰ্ণ কৰি দেশলৈ উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেৰিকাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে আলোচনাত শুল্কৰ বিষয়টোৱেও স্থান লাভ কৰিছিল । ভাৰতৰ ওপৰতো একে হাৰত শুল্ক আৰোপ কৰা হ’ব বুলি স্পষ্ট কৰি দিছে ট্ৰাম্পে। অৰ্থাৎ ভাৰতে যি হাৰত আমেৰিকাৰ ওপৰত শুল্ক আৰোপ কৰিব, আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত একে হাৰত শুল্ক আৰোপ কৰিব।

ভাৰতে আমেৰিকাৰ বাৰ্বন হুইস্কিৰ আমদানি শুল্ক ৫০ শতাংশলৈ হ্ৰাস কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আলোচনাৰ ঠিক পূৰ্বেই ১৩ ফেব্ৰুৱাৰীত বাৰ্বন হুইস্কিৰ ওপৰত শুল্ক কৰ্তনৰ বিষয়ে ঘোষণা কৰা হৈছিল। মনকৰিবলগীয়া যে, অন্য সুৰাৰ আমদানিৰ মৌলিক শুল্ক হ্ৰাস হোৱা নাই। অন্য বিদেশী সুৰাৰ পৰা ১০০ শতাংশ শুল্ক আদায় কৰিব ভাৰতে । প্ৰধানকৈ ভাৰতলৈ বাৰ্বন হুইস্কিৰ ৰপ্তানি কৰে আমেৰিকাই । ইফালে ভাৰতলৈ আমদানি কৰা এনেধৰণৰ সকলো সুৰাৰ প্ৰায় এক চতুৰ্থাংশ আমেৰিকাৰ পৰা আহে।

ভাৰতে ২০২৩-২৪ চনত ২৫ মিলিয়ন ডলাৰৰ বাৰ্বন হুইস্কি আমদানি কৰিছিল। ইয়াৰ প্ৰধান ৰপ্তানিকাৰক দেশসমূহৰ ভিতৰত আছে আমেৰিকা, ইউ এ ই, ছিংগাপুৰ আৰু ইটালী। ভাৰত আৰু আমেৰিকাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণতকৈও অধিক কৰি ৫০০ বিলিয়ন ডলাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

বাৰ্বন হুইস্কি হৈছে আমেৰিকাৰ অন্যতম বিখ্যাত আৰু পৰম্পৰাগত হুইস্কি। ইয়াক মূলতঃ কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা হয় । পূৰ্বতে বাৰ্বন হুইস্কিৰ ওপৰত ১৫০ শতাংশ শুল্ক আৰোপ কৰা হৈছিল, তেনে ঠাইত ইয়াক এবাৰতে ৫০ শতাংশলৈ হ্ৰাস কৰা হৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ