ডিজিটেল ডেস্ক : হিন্দু বাংলাদেশীৰ ভীতি, নাগৰিকত্ব সংশোধনী আইন, অসমীয়া ভাষী লোক সংখ্যালঘুত পৰিণত হোৱাৰ দৰে আশংকাই বিগত কেইবাটাও দশক ধৰি অসমৰ জনজীৱনক গ্ৰাস কৰি ৰাখিছে। এইক্ষেত্ৰত শাসকপক্ষৰ নিৰ্লিপ্ততাৰ বিপৰীতে একাংশ দল সংগঠনে বিভিন্ন সময়ত কৰি আহিছে তীব্ৰ গণতান্ত্ৰিক আন্দোলন। নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু পাছলৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা জনজাগৰণ এই আশংকা, সংশয়ৰে প্ৰতিফলন।
শাসকপক্ষই এই আন্দোলনক দমন, বিভাজক, প্ৰলোভন আদি বিভিন্ন কৌশলেৰে নিঃশেষ কৰিছে আৰু এনে আশংকাৰ কোনো বাস্তৱিকতা নাই বুলিয়েই দাবী কৰি আহিছে। কিন্তু শাসকপক্ষই কোৱাৰ দৰে অসম তথা উত্তৰ-পূবলৈ হিন্দু বাংলাদেশীৰ প্ৰব্ৰজনৰ আশংকা একেবাৰে অমূলক নেকি? অসমৰ ভাষা-সংস্কৃতিৰ ওপৰত চলিবপৰা আগ্ৰাসন অমূলক নেকি? এইকথাৰ উত্তৰ একেআষাৰে ক’ব পাৰি— নহয়। কিয়নো এইবাৰ ত্ৰিপুৰাৰ সৰ্বাধিক প্ৰচলিত বাংলা ভাষাৰ কাকততে প্ৰকাশ পাইছে এই তথ্য।
বাংলা কাকত ‘স্যন্দন পত্ৰিকা’ৰ যোৱা ১৮ নৱেম্বৰ সংখ্যাত এখন প্ৰতিবেদন প্ৰকাশ পাইছে। জাকিৰ হোসেনে ঢাকাৰ পৰা প্ৰকাশ কৰা এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰিছে ভালেমান উদ্বেগজনক তথ্য। বিগত ৫০ বছৰত বাংলাদেশত ৭৫লাখ হিন্দু লোক কমা বুলি প্ৰকাশ পাইছে এই প্ৰতিবেদনত। ক্ৰমাগতভাৱে হিন্দুৰ জনসংখ্যা কমি অহাৰ এই তথ্য প্ৰকাশ কৰি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে, বিগত ৫০বছৰত দেশখনৰ জনসংখ্যা দুগুণতকৈও অধিক হৈছে। এই সময়ছোৱাত বৌদ্ধ, খ্ৰীষ্টান আৰু অন্যান্য ধৰ্মাৱলম্বীৰ জনসংখ্যা প্ৰায় একেই আছে যদিও হিন্দুৰ সংখ্যা চকুত লগাকৈ কম হৈছে।
স্বাধীন বাংলাদেশত প্ৰথম লোকপিয়ল কৰা হৈছিল ১৯৭৪চনত। সেই সময়ত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ১৩.৫শতাংশ। তাৰ পাছত আৰু চাৰিটা লোকপিয়ল হৈছে। একেবাৰে শেহতীয়া লোকপিয়লটো হৈছে ২০১১চনত। এই লোকপিয়লত দেখা গৈছে দেশৰ মুঠ জনসংখ্যাৰ মাত্ৰ ৮.৫শতাংশ হিন্দুৱে দেশখনত এতিয়া আছে। বাংলাদেশৰ লোকপিয়ল আৰু গৃহগণনাৰ প্ৰতিবেদনত দেশখনত হিন্দুৰ জনসংখ্যা কমি যোৱাৰ দুটা কাৰণৰ কথা উল্লেখ কৰিছে। তাৰ ভিতৰত প্ৰথমটো হৈছে দেশখনৰ পৰা হিন্দুসকলৰ দেশৰ বাহিৰলৈ প্ৰব্ৰজন ঘটিছে। দ্বিতীয়তে হিন্দুসকলৰ মাজত সন্তান জন্মৰ হাৰ কম হোৱাৰ কথা কোৱা হৈছে।
আমি দ্বিতীয় কাৰণটো যদি বাদ দিওঁ আৰু প্ৰথম কাৰণটো অৰ্থাৎ আন দেশলৈ প্ৰব্ৰজনৰ কাৰণটো ধৰি লওঁ তেন্তে ই নিশ্চয় অসমৰ বাবে শুভ ইংগিত বহন নকৰে। বিভিন্ন ৰাজনৈতিক নেতা, সমাজবিজ্ঞানী, হিন্দু সম্প্ৰদায়ৰ নেতা তথা গৱেষকসকলো এইদিশত একমত যে, দেশখনত হিন্দুৰ জনসংখ্যা কমি যোৱাৰ প্ৰধান কাৰণ হৈছে দেশত্যাগ। হিন্দুসকলৰ দেশত্যাগৰ এটা ঐতিহাসিক প্ৰৱণতাও আছে। অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক কাৰণত সংখ্যালঘুসকলে দেশ ত্যাগ কৰা বিষয়টো লৈ গৱেষণা কৰিছে ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আবুল বৰকাতে।
তেওঁৰ মতে, কোনো লোকেই নিজৰ ঘৰ ভেটি এৰি অইন ঠাইলৈ যাব নিবিচাৰে। অত্যাচাৰৰ বাবে দেশ ত্যাগ কৰা লোকৰ সংখ্যাও এতিয়া ভালেখিনি হ্ৰাস পাইছে। শত্ৰু (অৰ্পিত) সম্পত্তি আইনৰ কাৰণে অনেকে নিঃস্ব হৈ দেশত্যাগ কৰিবলৈ বাধ্য হৈছে। এইটো বেছিকৈ ঘটিছে গ্ৰামাঞ্চলৰ দুৰ্বল হিন্দুসকলৰ ক্ষেত্ৰত। এতিয়া প্ৰশ্নটো হৈছে এইসকল নিঃস্ব, সৰ্বহাৰা, আৰু নিৰ্যাতনৰ বলি হোৱা লোকসকল গৈছে ক’লৈ? তেওঁলোকৰ বাবে সহজ ঠিকনা কি? সুগম আশ্ৰয়স্থল কি? ইয়াৰ সৈতে অসম আৰু উত্তৰ পূবৰ সম্পৰ্ক কিধৰণৰ? এই বিষয়ে সবিশেষ প্ৰকাশ পাব আমাৰ পৰৱৰ্তী প্ৰতিবেদনত…