--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোনো সাধুকথা নহয় বা কোনো হলীউডৰ চিনেমা নহয়, বাস্তৱত এখন গাঁও হ্ৰদৰ মাজৰ পৰা ওলাই আহিল। যি খবৰে স্তম্ভিত কৰি তুলিছে বিশ্ববাসীক। এবছৰ, দুবছৰ নহয় ৩০ বছৰ গাঁওখন লিণ্ডোচা নামৰ এটা হ্ৰদৰ ভিতৰত সোমাই আছিল। ৩০ বছৰ ধৰি হ্ৰদৰ পানীৰ তলত সোমাই থকা গাঁওখন পুনৰ ওলাই আহিছে। গাঁওখনৰ ভগা-ছিগা ঘৰ, মামৰে ধৰা বাহন, বাট পথ আদি সকলো বৰ্তমান দৃশ্যমান হৈ পৰিছে।

মামৰে ধৰা বাহন

আগতে এইখন গাঁৱত গাঁওবাসীয়ে আনন্দৰে বাস কৰিছিল। কিন্তু এতিয়া ধুনীয়া গাঁওখন ভূতৰ আবাসথলীৰ দৰে হৈ পৰিছে। এই ঘটনা স্পেইনৰ। ১৯৯২ চনত পানীৰ মাজত সোমাই পৰিছিল এছেৰেডো (Aceredo) নামৰ গাঁওখন। এছেৰেডো এতিয়া ৩০ বছৰৰ অন্তত বাহিৰ ওলাই অহাত পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিছুমানে 'এছেৰেডো'ক ভূতৰ গাঁও বুলি অভিহিত কৰিছে।

জৰাজীৰ্ণ অৱস্থাত থকা ঘৰসমূহ

গাঁওখনৰ সেই সকল বাসিন্দাও আহিছে নিজৰ নিজৰ এৰি থৈ যোৱা ঘৰটো চাবলৈ।পুৰণি স্মৃতি ৰোমন্থণ কৰিবলৈ যিয়ে যেনেকৈ পাৰে ঢপলিয়াই আহিছে। তেওঁলোকে বাট পথবোৰত খোজ কাঢ়ি চাইছে।

আপোন গাঁওখনৰ স্মৃতি বিচাৰি আহিছে বহুজন

কিন্তু এই সকলোবোৰ কেৱল মাত্ৰ কেইটামান দিনৰ বাবে বা বছৰৰ বাবেও হ'ব পাৰে। হয়তো গাঁওখন স্থায়ীভাৱে ৰৈ যাবও পাৰে। পানী বৃদ্ধি পালে পুনৰ হ্ৰদৰ মাজত লুকাই পৰিব পাৰে গাঁওখন। গতিকে মাঁথো সময়লৈ অপেক্ষা। ছ'চিয়েল মিডিয়াত গাঁওখনৰ ফটো আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছে।

আৰু পঢ়কঃ ভাৰতত প্ৰথমবাৰলৈ বৃদ্ধি পালে মহিলাৰ সংখ্যা;১০০০ পুৰুষৰ বিপৰীতে ১০২০ মহিলা


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ