বৰ্তমান সময়ত মানুহৰ মুখত প্ৰায়ে শুনা দুটামান শব্দ হ'ল হতাশা, নিৰাশা। আজিকালিৰ প্ৰায় মানুহেই সোনকালে হতাশা, নিৰাশাৰ চিকাৰ হয়। বৰ্তমান সময়ত ই সহজতে যেন মানুহক আৱৰি ধৰা হৈছে। হতাশা হ’ল এনে এক অৱস্থা বা এনে এক মেজাজ য’ত এজন ব্যক্তি অতি দুখী, চিন্তাক্লিষ্ট, খিংখিঙীয়া বা অস্থিৰ হৈ পৰে। কোনো কাম কৰিবলৈ মন নোযোৱা হয়। খুব অকলশৰীয়া যেন অনুভৱ হয়। নিজকে অসহায় যেন লাগিবলৈ আৰম্ভ কৰে। জীৱনৰ প্ৰতি সকলো আগ্ৰহ হেৰুৱাই পেলায়। অনবৰতে মনলৈ আহি থাকে নেতিবাচক চিন্তা।
আচলতে আমি সকলোৱে আমাৰ ভাল ভৱিষ্যতৰ বাবে আৰু সুখী জীৱনৰ বাবে সপোন দেখোঁ। আমাৰ কিছুমান ইচ্ছা আছে, যিবোৰ আমি পূৰণ কৰিব বিচাৰো। কিন্তু সকলো মানুহেই নিজৰ ইচ্ছা, আকাংক্ষা, সপোন পূৰণ কৰিবলৈ সক্ষম নহয়। সকলো মানুহেই সকলোখিনি বিচৰা মতে পাবলৈ সক্ষম নহয়। যেতিয়া আমি আমাৰ ইচ্ছা পূৰণ কৰিবলৈ সক্ষম নহওঁ, যেতিয়া আমাৰ ইচ্ছাবোৰ অপূৰ্ণ হৈ থাকে তেতিয়া আমি হতাশ হৈ পৰো আৰু আমাৰ মাজত নেতিবাচক চিন্তাই ক্ৰিয়া কৰিবলৈ ধৰে।
কিছুমান মানুহে আৰ্থিক অৱস্থাৰ বাবে হতাশ হৈ পৰে, আনহাতে বহুতে পৰীক্ষাত ভাল নম্বৰ নোপোৱাৰ বাবে বা কোনো এণ্ট্ৰেন্স পৰীক্ষাত ফেইল হোৱাৰ বাবে মানসিক চাপত ভুগে। কিছুমানে আকাংক্ষিত চাকৰি নাপায়, কোনোৱে পৰিয়ালৰ সমস্যাত হতাশ হয়। আজিৰ প্ৰায়বোৰ যুৱক-যুৱতীয়েও তেওঁলোকৰ প্ৰেম সফল নহ'লেও বহু যুৱত-যুৱতী বিষণ্ণতাত ডুব যায়।
কেতিয়াবা জীৱনত বহুতো অসুবিধা একত্ৰিত হয়, যাৰ ফলত মানুহ ইমানেই হতাশ হৈ পৰে যে আত্মহত্যা কৰাৰ কথাও ভাবে বা তেনে কৰেও। এনে অৱস্থাত মানুহে এটা কথা ভাবিব লাগে যে জীৱনত এইবোৰ থাকিবই। সমস্যা উদ্ভৱ হলে সমাধানৰ পথো থাকে, মাত্ৰ আমি ধৈৰ্য ধৰি নিজক শান্ত কৰি ৰখাৰ প্ৰয়োজন। হতাশা এক মানসিক অৱস্থা। ইয়াক অলপ চেষ্টা কৰিলেই দূৰ কৰিব পাৰি। মাত্ৰ মানুহ হতাশাক দূৰ কৰিমেই বুলি মানসিকভাৱে সাজু হ'ব লাগিব।
আপোনাৰ জীৱনকো যদি হতাশাই ঘেৰি ধৰিছে তেন্তে জানো আহক হতাশা দূৰ কৰাৰ সহজ উপায়
১) নিজৰ চিন্তাধাৰা সলনি কৰকঃ হতাশ হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো হ’ল মনত বাৰে বাৰে অহা নেতিবাচক চিন্তাবোৰ। গৱেষণাৰ পৰা জানিব পৰা গৈছে যে হতাশগ্ৰস্ত লোকসকলে লাহে লাহে নিজৰ কৃতিত্ব, গুণ আৰু প্ৰতিভা হেৰুৱাই পেলায়। গতিকে হতাশ হোৱাৰ কাৰণ যিয়েই নহওক কিয়, সদায় ইতিবাচক মনোভাৱ ৰখা উচিত। কাৰণ ইতিবাচক চিন্তাধাৰা থকা মানুহবোৰ ডাঙৰ ডাঙৰ অসুবিধাৰ পৰাও ওলাই আহে। গতিকে “মই এইটো কৰিব নোৱাৰো” বা “এই কামটো মোৰ ভাগ্যত নাই” কোৱাৰ পৰিৱৰ্তে ইতিবাচক হৈ নিজকে কওক “মই এইটো কৰিব পাৰো” আৰু “মই এইটো লাভ কৰিম”।
২) হতাশাৰ কাৰণ হোৱা কথাবোৰ পাহৰি যাওকঃ কেতিয়াবা এটা বা দুটা কথাই আমাক আটাইতকৈ বেছি আমনি কৰে আৰু যেতিয়া আমি ইতিবাচকভাৱে চিন্তা কৰো তেতিয়া আমি দেখিবলৈ পাওঁ যে সেইবোৰ কথাৰ কোনো যুক্তি নাছিল। কিছুমান কথা আমাৰ নিয়ন্ত্ৰণত নাথাকে আৰু কিছুমান কামৰ বাবে আমি অপ্ৰয়োজনীয়ভাৱে টেনচন লওঁ। সেয়ে আপোনাক আটাইতকৈ বেছি আমনি কৰা কথাবোৰ পাহৰি যাওক। এনে কৰিলে আমাৰ মনটোৰ পৰা এটা গধুৰ বোজা আঁতৰি যায়।
৩) নিজৰ ভাল কামৰ কথা চিন্তা কৰকঃ টেনচন দিয়া কথাবোৰ চিন্তা কৰাৰ পৰিৱৰ্তে নিজৰ ভাল কামৰ কথা চিন্তা কৰক, ভাল স্মৃতিবোৰক সজীল কৰি ৰাখক। বন্ধু-বান্ধৱ, পৰিয়ালৰ সৈতে সময় কটাওক। ইয়াৰ ফলত আপোনাৰ মনটো পোহৰ হৈ পৰিব আৰু আপুনি শিথিলতা অনুভৱ কৰিব।
৪) ক্ষমা কৰাৰ অভ্যাস গঢ়ি তোলকঃ যদি কোনোবাই আপোনাৰ লগত কিবা ভুল কৰে, প্ৰতাৰণা কৰে, আপোনাৰ কিবা ক্ষতি কৰে, আপোনাৰ বিশ্বাস ভংগ কৰে বা প্ৰেমত বিশ্বাসঘাতকতা কৰে তেন্তে ই নিশ্চয় সকলোকে আঘাত কৰে আৰু বহুত দুখ দিয়ে। কিন্তু যদি আপুনি তেওঁৰ কথা বেছিকৈ ভাবে, তেতিয়া আপুনি নিজেই বিচলিত হ’ব। এটা কথা ভাবিব যে ঈশ্বৰে নিশ্চয় তেওঁক তেওঁৰ কৰ্মৰ ফল দিব। তেওঁ মানুহজনেই ভুল আছিল সেইবাবেই তেওঁ আপোনাৰ লগত অন্যায় কৰিলে কিন্তু আপুনি ভুল কৰা নাই, গতিকে তেওঁক ক্ষমা কৰি হৃদয় আৰু মনৰ পৰা চিৰদিনৰ বাবে আঁতৰাই দিয়ক। তেতিয়া আপুনি দেখিব যে আপুনি এক বেলেগ শান্তি অনুভৱ কৰিছে আৰু আপুনি হতাশাৰ পৰা ওলাই আহিব পাৰিছে।
৫) নিজকে মনোৰঞ্জন দিয়কঃ হতাশাৰ পৰা মুক্তি পাবলৈ, নিজৰ পছন্দৰ গান শুনক, নিজৰ পছন্দৰ চিনেমা চাওক। বিশেষকৈ কমেডী চিনেমা চাব লাগে, কৌতুক পঢ়ক। কথা পাতি ভালপোৱা মানুহৰ লগত কথা পাতিব লাগে। পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে আড্ডা মাৰিব লাগে। আপুনি যি কাম কৰি আনন্দ পায় সেয়াই কৰক, এয়া মাথোঁ কেইটামান উদাহৰণ হে।
৬) নিজকে ব্যস্ত কৰি ৰাখকঃ নিজকে কেতিয়াও অকলশৰীয়া হ’বলৈ নিদিব। কাৰণ বেছিভাগ নেতিবাচক চিন্তাই অকলে থকা সময়ত আহে। আৰু কেতিয়াও অকলশৰীয়াকৈ বহি নাথাকিব, কাৰণ কোৱা হয় যে "শূন্য মনত চয়তানৰ ঘৰ সাজে"। গতিকে সকলো সময়তে নিজকে ব্যস্ত কৰি ৰাখক। আপোনাৰ যি কামত ৰাপ, সেই কামত অধিক সময় খৰচ কৰক। একো কাম নকৰিলেও গছ পুলি ৰোৱক। গছ কেইজোপাৰ লালন-পালনত ব্যস্ত থাকক। ইহঁত যেতিয়া ডাঙৰ হব, যেতিয়া ই ছাঁ দিব, যেতিয়া ই চৰাইৰ বাসস্থান হব তেতিয়া সেইবোৰ দেখি আপুনি অনাবিল সুখ অনুভৱ কৰিব।
৭) মদ্যপানৰ পৰা আঁতৰত থাককঃ বহু মানুহে অকপটে স্বীকাৰ কৰে যে জীৱনত ইমান বেছি টেনছন আছে যে সেয়ে মদ্যপান কৰো। এটা কথা মনত ৰাখিব যে মদ্যপানে সমস্যাবোৰ আৰু অধিক ভয়াৱহ কৰি তোলে আৰু পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে। এই কামৰ ফলত আপোনাৰ মাজত এটা ভুল অভ্যাস বৃদ্ধি পায় যিটো আপোনাৰ সামাজিক অৱস্থা, আপোনাৰ স্বাস্থ্য আৰু লগতে আপোনাৰ পৰিয়ালৰ বাবে অতি ক্ষতিকাৰক। আৰু মদ্যপানৰ ফলত মানুহজন অধিক হতাশ হৈ পৰে আৰু তেওঁৰ মনত অধিক নেতিবাচক চিন্তা আহি পৰে। আৰু তেওঁ কিবা এটা ভুল কামো কৰিব পাৰে। গতিকে সদায় নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকক।
৮) প্ৰচুৰ পৰিমাণে টোপনি যাওকঃ টোপনি কম হোৱাৰ বাবে শৰীৰে ভাগৰুৱা অনুভৱ কৰে, শক্তিৰ অভাৱ হয়, যাৰ ফলত মনটো গধুৰ যেন অনুভৱ হয় আৰু কোনো কামত মন নবহে। এনে হোৱাৰ ফলত মানসিক চাপৰ বলি হৈ পৰে। গতিকে কমেও ৬-৮ ঘণ্টা পৰ্যাপ্ত পৰিমাণে টোপনি যাওক। পৰ্যাপ্ত পৰিমাণে টোপনি পালেই শৰীৰে এক নতুন শক্তি আৰু সতেজতা অনুভৱ কৰে। ই আপোনাৰ হতাশা আৰু মানসিক চাপ কমোৱাত সহায় কৰে।
৯) ব্যায়াম কৰাঃ প্ৰতিদিনে পুৱা ফুৰিবলৈ যাওক, যোগাসন কৰক, ব্যায়াম কৰক। সাঁতোৰ, চাইকেল চলোৱা বা দৌৰিবলৈও যাব পাৰে। ৰাতিপুৱা সাৰ পাই ফুৰিবলৈ গলে আমি শুদ্ধ বতাহ লাভ কৰো, ব্যায়ামে আমাৰ পেশীবোৰক উদ্দীপিত কৰে, যাৰ ফলত আমাৰ মাজত এক নতুন শক্তি সঞ্চাৰিত হয় যিয়ে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰে আৰু অপ্ৰয়োজনীয় কাম তথা কথাৰ পৰা আমাৰ মনোযোগ আঁতৰাই পেলায়। পুৱা গধূলি ঈশ্বৰক প্ৰাৰ্থনা কৰক। প্ৰাৰ্থনা কৰিলে আধ্যাত্মিক চিন্তা-চেতনা জাগ্ৰত হয় আৰু ই আমাক হতাশাৰ পৰা মুক্ত হোৱাত সহায় কৰে।
১০) নিজকে কাৰো লগত তুলনা নকৰিবঃ নিজকে কেতিয়াও কাৰো লগত তুলনা নকৰিব। আনৰ জীৱন-যাপনৰ অৱস্থা, তেওঁলোকৰ ধন-সম্পত্তি, তেওঁলোকৰ চখৰ প্ৰতি ঈৰ্ষা নকৰিব আৰু সেইবোৰ বস্তু আপোনাৰ লগত নথকাৰ বাবে আপোনাৰ ভাগ্যক দোষ নিদিব। আচলতে আপুনি দেখিছে যিকোনো ক্ষেত্ৰতে, সেয়া শিক্ষাই হওক বা ধন-সম্পত্তি হওক, এইবোৰ সাধন কৰিবলৈ সকলোৱে বহুত কষ্ট কৰিব লাগিব। আৰু যদি কাৰোবাৰ হাতত আপোনাৰ তুলনাত এইবোৰ বেছি আছে, তেন্তে ইয়াৰ অৰ্থ হ’ল তেওঁ তাত উপনীত হ’বলৈ আপোনাৰ তুলনাত অধিক কষ্ট কৰিছে।
গতিকে কেতিয়াও নিজকে কাৰো লগত তুলনা নকৰিব আৰু সেই কামটো লাভ কৰিবলৈ ইতিবাচক চিন্তাৰে কঠোৰ পৰিশ্ৰম কৰি থাকক। আৰু বৰ্তমান যি আছে তাতেই সন্তুষ্ট হওক।
আমাৰ জীৱনটো বহুত মূল্যৱান। গতিকে এই মূল্যৱান জীৱনটোক আমি হতাশাৰ চিকাৰ হবলৈ এৰি দিব নোৱাৰো। আমি নিজে নিজক এই শত্ৰুৰ কবলৰ পৰা মুক্ত কৰাত আগভাগ লব লাগিব...নহলে সময়ে আমাক জীৱন যুদ্ধৰ পৰাজিত সৈনিক বুলি বৰকৈ হাঁহিব।